...

সেৱা সংকল্প অভিযানৰ দ্বিতীয় দিনত বৰবৰুৱাত সেৱা সংকল্প অভিযানৰ অধীনত স্বাস্থ্য আৰু কল্যাণ শিবিৰ অনুষ্ঠিত

সেৱা সংকল্প অভিযানৰ দ্বিতীয় দিনত বৰবৰুৱাত সেৱা সংকল্প অভিযানৰ অধীনত স্বাস্থ্য আৰু কল্যাণ শিবিৰ অনুষ্ঠিত

চাইন অন ডেস্ক,৬অক্টোবৰ: 

চলি থকা সেৱা সংকল্প অভিযানৰ অংশ হিচাপে আজি দ্বিতীয় দিনা বৰবৰুৱা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত স্বাস্থ্য আৰু কল্যাণ শিবিৰ সফলতাৰে অনুষ্ঠিত হয়।

আজিৰ শিবিৰটো খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনৰ উপস্থিতিত আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। তেওঁ ভাষণত এই জনমুখী পদক্ষেপৰ শলাগ লয় আৰু ৰাইজক এনে সেৱাৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

শিবিৰত ৰাইজে একে ঠাইতে মেডিচিন, নাক-কাণ-ডিঙি, চকু, স্ত্ৰীৰোগ, দাঁত, হাড়ৰ ৰোগ, মানসিক ৰোগ আৰু শল্য চিকিৎসাৰ বিশেষজ্ঞৰ লগতে এমবিবিএছ আৰু আয়ুষ চিকিৎসকৰ পৰামৰ্শ লাভ কৰে। শিবিৰত ডায়েবেটিছ, উচ্চ ৰক্তচাপৰ দৰে অসংক্ৰামক ৰোগৰ বিনামূলীয়া স্ক্ৰীনিং, বিনামূলীয়া ঔষধ বিতৰণ, এবি-পিএমজেএৱাই আয়ুষ্মান ভাৰত কাৰ্ড, আভা আইডি, জন্ম-মৃত্যুৰ পঞ্জীয়ন আৰু দিব্যাংগ প্ৰমাণপত্ৰৰ সেৱা প্ৰদান কৰা হয়। লগতে মাতৃ আৰু শিশু স্বাস্থ্য, পৰিয়াল পৰিকল্পনা, এইচ আই ভি, পৰিষ্কাৰ-পৰিচ্ছন্নতা, পুষ্টি, মানসিক স্বাস্থ্য আৰু জীৱনশৈলীজনিত ৰোগ প্ৰতিৰোধৰ বিষয়ে সজাগতা সভাও অনুষ্ঠিত কৰা হয়।অভিযানৰ দ্বিতীয় দিনটোও অতি ইতিবাচকভাৱে সামৰণি পৰে, যিয়ে সকলোৰে বাবে সহজলভ্য আৰু অন্তৰ্ভুক্তিমূলক স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ ক্ষেত্ৰত সেৱা সংকল্প অভিযানৰ ধাৰাবাহিক সফলতাক প্ৰতিফলিত কৰে।

আজি বৰবৰুৱা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত শিবিৰটোত বৰবৰুৱাৰ মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডা° ইন্দিৰা নেওগ, ডেইজী গগৈ, জিলা মিডিয়া বিশেষজ্ঞ, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, ডিব্ৰুগড়, বৰবৰুৱা খণ্ডৰ খণ্ড কাৰ্যসূচী পৰিচালনা গোট আৰু বৰবৰুৱা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত সমূহ স্বাস্থ্য কৰ্মীসকল উপস্থিত থাকে।

সেৱা সংকল্প অভিযানৰ অধীনত আগন্তুক দিনসমূহতো জিলাখনৰ বিভিন্ন প্ৰান্তত শিবিৰসমূহ অনুষ্ঠিত হ’ব। সেইমৰ্মে ৭ অক্টোবৰত খনিকৰ পথাৰত, ৮ অক্টোবৰত ৰাজগড় ৰাজহুৱা প্ৰেক্ষাগৃহত, খোৱাঙৰ তিলৈ গ্ৰাম্য বজাৰ কমিউনিটি হলত আৰু লাহোৱাল গাওঁ পঞ্চায়ত কাৰ্যালয়ৰ সমীপৰ প্ৰেক্ষাগৃহত, ৯ অক্টোবৰত চাবুৱাৰ বেতমালা কমিউনিটি হলত, ১০ অক্টোবৰত দুলীয়াজান বিহুতলীত আৰু ১২ অক্টোবৰত ডিব্ৰুগড় পৌৰ নিগমৰ বহুমুখী ভৱনত এই স্বাস্থ্য আৰু কল্যাণ শিবিৰসমূহ অনুষ্ঠিত হ’ব।

সেয়েহে, ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগে সকলো নাগৰিককে সেৱা সংকল্প অভিযানৰ অধীনত অনুষ্ঠিত এই শিবিৰসমূহত উপস্থিত হৈ বিনামূলীয়া স্বাস্থ্য সেৱাৰ লগতে অনলাইন সেৱাৰ সুবিধাসমূহ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *