...

ডিব্ৰুগড়ত PWD কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ ভিজিলেঞ্চৰ অভিযান

ডিব্ৰুগড়ত PWD কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ ভিজিলেঞ্চৰ অভিযান

উৎকোচ গ্ৰহণৰ অভিযোগত সহকাৰী কাৰ্যবাহী অভিযন্তা মৃদুল বাগলাৰীক গ্ৰেপ্তাৰ

চাইন অন ডেস্ক,৭অক্টোবৰ:

উৎকোচ বিচৰাৰ গুৰুতৰ অভিযোগক কেন্দ্ৰ কৰি মঙলবাৰে ডিব্ৰুগড়ত লোক নিৰ্মাণ বিভাগৰ (গৃহ মণ্ডল) অধীক্ষক অভিযন্তাৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ ভিজিলেঞ্চ শাখাই হঠাৎ অভিযান চলায়। ভিজিলেঞ্চৰ বিশেষ দলটোৰ অভিযানক লৈ কাৰ্যালয়টোৰ কৰ্মচাৰী আৰু সহায়কসকলৰ মাজত সৃষ্টি হয় ব্যাপক উৎকণ্ঠাৰ।
জানিব পৰা মতে, লোক নিৰ্মাণ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা মৃদুল বাগলাৰীৰ বিৰুদ্ধে উৎকোচ বিচৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে মুখ্যমন্ত্ৰীৰ ভিজিলেঞ্চৰ এটা বিশেষ দল কাৰ্যালয়টোত উপস্থিত হয়। অভিযোগ অনুসৰি, এটা নিৰ্মাণকাৰ্যৰ বিল পাছ কৰি ধন মুকলি কৰি দিয়াৰ নামত অভিযন্তাগৰাকীয়ে এগৰাকী ব্যক্তিৰ পৰা উৎকোচ দাবী কৰিছিল।
অভিযোগকাৰী ৰাজশেখৰ হাজৰিকাই ভিজিলেঞ্চৰ ওচৰত দাখিল কৰা অভিযোগ অনুসৰি, প্ৰথমে ১ লাখ ৫০ হাজাৰ টকা উৎকোচ দাবী কৰা হৈছিল। পিছত আলোচনাৰ অন্তত উৎকোচৰ পৰিমাণ ১ লাখ ২০ হাজাৰ টকালৈ নিৰ্ধাৰণ কৰা হয় বুলি অভিযোগত উল্লেখ কৰা হৈছে।
এই অভিযোগৰ সৈতে ২০২৪–২৫ বিত্তীয় বৰ্ষত ডিব্ৰুগড়ৰ মাদাৰখাট টি ইষ্টেটত ৰূপায়ণ কৰা ‘জগন্নাথ কমিউনিটি এণ্ড স্কিল চেণ্টাৰ’ৰ এটা নিৰ্মাণকাৰ্য জড়িত বুলি জানিব পৰা গৈছে। প্ৰায় ১ কোটি ৪০ লাখ ২০ হাজাৰ টকা ব্যয়সাপেক্ষ এই কামৰ বিল পাছ কৰাৰ নামতে অভিযন্তাগৰাকীয়ে ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে।
অভিযোগ লাভ কৰাৰ পাছতে মুখ্যমন্ত্ৰীৰ ভিজিলেঞ্চ দলে পৰিকল্পিতভাৱে ফান্দ পাতে। অভিযোগ অনুসৰি, বিল পাছ কৰাৰ নামত দাবী কৰা উৎকোচৰ প্ৰথম কিস্তি হিচাপে ৩০ হাজাৰ টকা গ্ৰহণ কৰাৰ সময়তে ভিজিলেঞ্চ দলে মৃদুল বাগলাৰীক আটক কৰে। পিছত সোধা-পোছাৰ বাবে অভিযন্তাগৰাকীক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে।
ইয়াৰ উপৰি ভিজিলেঞ্চৰ দলটোৱে ডিব্ৰুগড়ৰ খনিয়াগাঁৱস্থিত মৃদুল বাগলাৰীৰ বাসগৃহতো নিশা পৰ্যন্ত তালাচী অভিযান চলায়। কাৰ্যালয়টোত ভিজিলেঞ্চৰ দলটোৱে বিভিন্ন নথি-পত্ৰ পৰীক্ষা কৰাৰ লগতে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।
অৱশ্যে অভিযানৰ সম্পূৰ্ণ তথ্য, তালাচীত কি কি তথ্য বা সামগ্ৰী উদ্ধাৰ হৈছে আৰু উৎকোচ গ্ৰহণৰ অভিযোগৰ সৈতে জড়িত অন্যান্য দিশসমূহ ভিজিলেঞ্চৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পাছতহে স্পষ্ট হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *