...

‘মুখ্যমন্ত্ৰী সাহায্য পুঁজি’ৰ (CMRF) চেক বিতৰণ বিধায়ক ৰূপম চন্দ্ৰ ৰায়ৰ

‘মুখ্যমন্ত্ৰী সাহায্য পুঁজি’ৰ (CMRF) চেক বিতৰণ বিধায়ক ৰূপম চন্দ্ৰ ৰায়ৰ

শতাধিক ৰোগীলৈ এই চেক প্ৰদান

দোতমা,৫অক্টোবৰ:

অসম চৰকাৰৰ সামাজিক কল্যাণমূলক আঁচনিৰ অংশস্বৰূপে অসম বিধান সভাৰ ৪ নং বাওখুংৰি বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ (Chief Minister’s Relief Fund – CMRF) জৰিয়তে হিতাধিকাৰীসকলৰ মাজত অৰ্থনৈতিক সাহাৰ্য্যৰ চেক বিতৰণ কাৰ্যসূচী ৰূপায়ন কৰে বিধায়ক ৰূপম চন্দ্ৰ ৰায়ৰ ।আৰ্থিকভাৱে পিছপৰা আৰু আৰ্তজনক চৰকাৰী সাহায্য প্ৰদানৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰে । বিশেষভাৱে জটিল ৰোগত আক্ৰান্ত ব্যক্তি আৰু চিকিৎসাৰ বাবে আৰ্থিক সহায়ৰ প্ৰয়োজন থকা লোকসকলক বিশেষ প্ৰাধান্য দি এই চেক বিতৰন কৰে । সুস্বাস্থ্য আৰু উন্নত ভৱিষ্যতৰ দিশে আগবাঢ়ি যোৱাৰ সংকল্পৰে যোগ্য নাগৰিকসকলক এই আৰ্থিক সাহায্য আগবঢ়োৱা হৈছে। চৰকাৰৰ এই পদক্ষেপে সমষ্টিটোৰ দুস্থ তথা চিকিৎসাৰ সহায় বিচাৰি থকা বহু পৰিয়ালক বিশেষভাৱে উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰে বিধায়ক ৰূপম চন্দ্ৰ ৰায়ে । আজিৰ অনুষ্ঠানত বিধায়ক ৰূপম চন্দ্ৰ ৰায়ৰ লগতে ছালাকাটি সমষ্টিৰ টিছিএল ছিছিৰ অধ্যক্ষ নৃপেন ৰায় আৰু যুব বিপিএফ কেন্দ্ৰীয় সম্পাদক অলোক ৰায় আদি উপস্থিত থাকে । উল্লেখ্য যে বিধায়ক ৰূপম চন্দ্ৰ ৰায়ে বাওঁখুংগ্ৰী সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছৰে পৰা সনষ্টিৰ অধিনত প্ৰত্যেক গাওঁৱে পৰিভ্ৰমন কৰি ৰোগত আক্ৰান্ত ৰোগী সকলোৰ খৱৰ লোৱাৰ লগতে ঘৰে ঘৰে এনেধৰনৰ চেক চাৰি শতাধিক ৰোগীৰ হাতত তুলি দি আহিছে আৰু অনাগত দিনতো দি থাকিব বুলি বিধায়ক জন আশ্বাস প্ৰদান কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *