*নগাঁৱৰ শেনছোৱাত EVMৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ FLC প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে আৰম্ভ*
নগাঁও,
আগন্তুক অসম বিধানসভা নিৰ্বাচন ২০২৬ৰ প্ৰাক-প্ৰস্তুতিৰ অংশ হিচাপে আজিৰে পৰা ৭ জানুৱাৰী পৰ্যন্ত ই.ভি.এমৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ চমুকৈ এফ.এল.চি (FLC) প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হৈছে। এই পৰীক্ষণ কাৰ্যসূচীৰ প্ৰথম দিনটোত নগাঁও জিলাৰ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া দেৱাশীষ শৰ্মাই বেবেজীয়াৰ সমীপৰ শেনচোৱাৰ পণ্যগাৰত উপস্থিত হৈ পৰীক্ষণৰ বাবে থকা ই.ভি.এম আৰু ভি.ভি.পেট সমূহৰ সামগ্ৰিক স্থিতি পৰিদৰ্শন কৰে। লগতে জিলা আয়ুক্তগৰাকীয়ে উক্ত প্ৰক্ৰিয়াটো নিখুঁতভাৱে সমাপনৰ বাবে কেন্দ্ৰটিত নিয়োজিত ইলেক্ট্ৰনিকছ কৰ্প’ৰেচন অৱ ইণ্ডিয়া লিমিটেডৰ দক্ষ অভিযন্তাসকলৰ সৈতে মত বিনিময় কৰে আৰু মেচিনসমূহৰ কাৰিকৰী পৰীক্ষণ প্ৰক্ৰিয়াটোৰ বুজ লয়।
জিলা আয়ুক্ত গৰাকীয়ে পৰীক্ষণ কেন্দ্ৰটিৰ নিৰাপত্তা আৰু সুৰক্ষা ব্যৱস্থাৰো পৰ্যবেক্ষণ কৰে।আজিৰ এই গুৰুত্বপূৰ্ণ কাৰ্যসূচীত আয়ুক্ত গৰাকীৰ লগত অতিৰিক্ত জিলা আয়ুক্ত সুদীপ নাথ, নিৰ্বাচনী বিষয়া শেষৰণ ফুকন,নগাঁও পৌৰসভাৰ কাৰ্যবাহী বিষয়া পংকজ ভূঞা আৰু বঢ়মপুৰ খণ্ড উন্নয়ন বিষয়া সিদ্ধাৰ্থ চাংকাইকে প্ৰমুখ্য কৰি জিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়াৰ লগতে সংশ্লিষ্ট বিভাগৰ বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।
Like this:
Like Loading...