শিৱসাগৰত ত্ৰিকোণীয় যুঁজৰ সম্ভাৱনা
অখিল গগৈৰ সন্মুখত কঠিন পৰীক্ষা
শিৱসাগৰত এইবাৰ ৰাজভোগ কাৰ ?
চাইন অন ডেস্ক:
ৰাজ্যৰ অন্যতম মৰ্যাদাপূৰ্ণ শিৱসাগৰ বিধানসভা সমষ্টিত এইবাৰ এক আকৰ্ষণীয় ত্ৰিকোণীয় নিৰ্বাচনী যুঁজৰ প্ৰস্তুতি চলিছে। ৰাইজৰ দলৰ বৰ্তমানৰ বিধায়ক অখিল গগৈয়ে বিজেপিৰ কুশল দুৱৰী আৰু অগপৰ প্ৰদীপ হাজৰিকাৰ বিৰুদ্ধে নিজৰ আসন সুৰক্ষিত কৰিবলৈ 
এক অস্বাভাৱিক ৰাজনৈতিক ব্যৱস্থাৰ মাজেৰে শাসকীয় মিত্ৰজোঁটৰ সহযোগী দল বিজেপি আৰু অসম গণ পৰিষদে (অগপ) একেখন আসনতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে, যাক তেওঁলোকে “বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা” বুলি অভিহিত কৰিছে। ইয়াৰ উপৰিও আম আদমী পাৰ্টিৰ (আপ) প্ৰাৰ্থী তপন গগৈ আৰু ৪ গৰাকী নিৰ্দলীয় প্ৰাৰ্থীও নিৰ্বাচনী যুঁজত আছে।
এই যুঁজখনত তিনিগৰাকী ভিন্ন ৰাজনৈতিক চৰিত্ৰৰ মুখামুখি হৈছে। ৫২ বছৰীয়া অখিল গগৈ, যি এসময়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ (KMSS) জৰিয়তে এক বলিষ্ঠ কৃষক নেতা হিচাপে পৰিচিত আছিল আৰু নিৰ্বাচনী
অৱশ্যে, এইবাৰ বিশ্লেষকসকলে সকীয়াই দিছে যে বিধানসভালৈ পুনৰ নিৰ্বাচিত হোৱাৰ পথটো তেওঁৰ বাবে যথেষ্ট কঠিন হ’ব পাৰে। জ্যেষ্ঠ ৰাজনৈতিক বিশ্লেষক ৰঞ্জন বৰাই কয়, “অখিল গগৈৰ ২০২১ চনৰ জয় ঐতিহাসিক আছিল, কিন্তু এতিয়া ৰাজনৈতিক পৰিৱেশ সলনি হৈছে। কুশল দুৱৰী এনে এজন প্ৰতিদ্বন্দ্বী যাক তেওঁ সহজে ল’ব নোৱাৰে। এই নিৰ্বাচন তেওঁৰ বাবে এক প্ৰকৃত অগ্নিপৰীক্ষা হ’ব। প্ৰদীপ হাজৰিকা এজন অভিজ্ঞ নেতা, কিন্তু শিৱসাগৰ তেওঁৰ বাবে নতুন ঠাই আৰু তেওঁৰ বয়সটোও এক ইছ্যু হ’ব পাৰে।”
বিজেপি প্ৰাৰ্থী ৫৯ বছৰীয়া কুশল দুৱৰী এজন আত্মসমৰ্পণকাৰী আলফা নেতাৰ পৰা মূলসুঁতিৰ ৰাজনীতিলৈ অহা ব্যক্তি। সমষ্টিটোত তেওঁৰ যথেষ্ট তৃণমূল পৰ্যায়ৰ সমৰ্থন আছে। তেওঁ পূৰ্বে এতিয়াৰ বিলুপ্ত থাওৰা সমষ্টিৰ পৰা ২০০৬ চনত নিৰ্দলীয় আৰু ২০১৬ চনত বিজেপিৰ টিকটত জয়ী হৈছিল। তেওঁ, বৰ্তমান গগৈৰ বাবে আটাইতকৈ শক্তিশালী প্ৰত্যাহ্বানকাৰী হিচাপে গণ্য কৰা হৈছে।
আনহাতে, অগপৰ ৭৩ বছৰীয়া প্ৰদীপ হাজৰিকাৰ প্ৰৱেশে নিৰ্বাচনত আন এক মাত্ৰা যোগ কৰিছে। হাজৰিকা অসম ৰাজনীতিৰ এজন পুৰণি খেলুৱৈ, যিয়ে এতিয়াৰ বিলুপ্ত আমগুৰি সমষ্টিৰ পৰা ১৯৮৫, ১৯৯৬, ২০০৬, ২০১৬ আৰু ২০২১ চনত পাঁচবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। অৱশ্যে, শিৱসাগৰৰ ভোটাৰৰ মাজত তেওঁৰ পৰিচিতি তুলনামূলকভাৱে কম হোৱাটো তেওঁৰ বাবে এক অসুবিধা হ’ব পাৰে।
ব্যক্তিগত ইছ্যুৰ উপৰিও, নিৰ্বাচনটো স্থানীয় সমস্যাসমূহৰ ওপৰতো কেন্দ্ৰিত হ’ব বুলি আশা কৰা হৈছে। জৰাজীৰ্ণ পথ, কৃত্ৰিম বান, ভগা দলং, আৱৰ্জনা নিষ্কাশনৰ দুৰ্বল ব্যৱস্থা, পুৰণি নলা-নৰ্দমা, পাৰ্কিংৰ সুবিধাৰ অভাৱ আৰু ক্ৰমবৰ্ধমান নিবনুৱা সমস্যাৰ বিৰুদ্ধে স্থানীয় ৰাইজে দীৰ্ঘদিন ধৰি অভিযোগ কৰি আহিছে।

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অসমৰ ৰাজনৈতিক মহলৰ চকু এতিয়া শিৱসাগৰৰ ওপৰত নিৱদ্ধ হৈ আছে।