ডিব্ৰুগড়ত ৰাষ্ট্ৰীয় গোকুল অভিযানৰ অধীনত গোধনৰ কৃত্ৰিম প্ৰজনন আৰু বৈজ্ঞানিক পশুপালন সন্দৰ্ভত
জিলা পৰ্যায়ৰ সজাগতা কাৰ্যসূচী
চাইন অন ডেস্ক,৮ছেপ্তেম্বৰ:
পশুপালন আৰু পশু চিকিৎসা বিভাগ, ডিব্ৰুগড়ৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় গকুল মিছনৰ (RGM) সহযোগত গোধনৰ কৃত্ৰিম প্ৰজনন (AI) আৰু আনুষংগিক কাৰ্যকলাপৰ ওপৰত এখন জিলা পৰ্যায়ৰ সজাগতা কাৰ্যসূচী ৮ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে ডিব্ৰুগড়ৰ জাগৃতি হলত অনুষ্ঠিত হয়।
এই কাৰ্যসূচীত ডাঃ প্ৰণৱ জ্যোতি বৰা, জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়া ডাঃ ত্ৰিদীব কুমাৰ গগৈ; ডাঃ কুশল ফুকন, মহকুমা পশু পালন আৰু পশু চিকিৎসা বিষয়া ডাঃ মানবেন্দ্ৰ বৰদলৈ; ডাঃ অজয় ভৱাল, ডাঃ নব ডেকা,ডাঃ হিমাদ্ৰী পেগু, লগতে VO/BVO, বিভাগীয় ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মচাৰী, MAITRI, গোপাল মিত্ৰ আৰু পশু সখীসকলে অংশগ্ৰহণ কৰে।
অনুষ্ঠানটোত উন্নত পশুপালকসহ মুঠ ১৪০ গৰাকী অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে। কাৰ্যসূচীটোত কৃত্ৰিম প্ৰজননৰ সুবিধা, গৰুৰ জিনগত উন্নতি, গাখীৰ উৎপাদন বৃদ্ধি, উন্নতমানৰ জাৰ্মপ্লাজমৰ সুবিধা লাভ আৰু বৈজ্ঞানিক প্ৰজনন পদ্ধতি গ্ৰহণৰ জৰিয়তে
বহনক্ষম পশুপালন উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
এই সজাগতা কাৰ্যসূচীৰ জৰিয়তে ৰাষ্ট্ৰীয় গোকুল অভিযান (RGM)ৰ অধীনত পশুপালকসকলক আধুনিক আৰু বৈজ্ঞানিক প্ৰজনন পদ্ধতি গ্ৰহণৰ বাবে উৎসাহিত কৰা হয়।