শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয় আৰু একাডেমী
শিক্ষাৰ্থীয়ে সমস্বৰে গালে সুধাকণ্ঠ বিখ্যাত গীত ‘মানুহে মানুহৰ বাবে’
চাইন অন ডেস্ক,৮ছেপ্টেম্বৰ:
ডিব্ৰুগড়ৰ বৈৰাগীমঠত অৱস্থিত শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়, শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ একাডেমীত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকী উপলক্ষে মানুহে মানুহৰ বাবে গীতটো সমস্বৰে পৰিবেশন কৰা হয়।মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি হলিৰাম ফুকন,কাৰ্যকৰী সভাপতি চান্দ কুমাৰ গোহাঁইৰ সহযোগত মহান শিল্পী জনৰ প্ৰতি বন্তি প্ৰজ্বলন আৰু পুষ্পমাল্য অৰ্পণ কৰে বিশিষ্ট দানবীৰ, চাৰ্টাৰ্ড একাউণটেণ্ট জ্যোতি প্ৰসাদ কানৈয়ে।একাডেমী শৈক্ষিক মুৰব্বী যাদৱ গগৈয়ে আঁতধৰা অনুষ্ঠানটোত মহাবিদ্যালয়ৰ অধ্যক্ষ ভূষণ জ্যোতি সন্দিকৈ,পৰিচালনা সমিতিৰ হিৰণ্য সেনাপতি,যতীন দিহিঙীয়া,মাধুৰ্য বৰুৱা আৰু দুয়োখন শিক্ষানুষ্ঠানৰ শিক্ষক শিক্ষয়িত্ৰী সকল উপস্থিত থাকে।অনুষ্ঠানটো মুকলি কৰি জ্যোতিপ্ৰসাদ কানৈয়ে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ কালজয়ী সৃষ্টি আৰু মানুহে মানুহৰ বাবে গীতটো ভাবাৰ্থ সকলো ছাত্ৰ ছাত্ৰীকে অনুধাৱন কৰিবলৈ আহ্বান জনায়। শিক্ষানুষ্ঠানখনৰ প্ৰায় দ্বি শতাধিক ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী সকলে একেস্বৰে মানুহে মানুহৰ বাবে গীতটো পৰিবেশন কৰি মহান অসমী আইৰ সুযোগ্য সন্তান সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।