...

বৰ্ণাঢ্য কাৰ্যসূচীৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শত-বাৰ্ষিকীৰ সামৰণী অনুষ্ঠান সম্পন্ন

বৰ্ণাঢ্য কাৰ্যসূচীৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শত-বাৰ্ষিকীৰ সামৰণী অনুষ্ঠান সম্পন্ন

বৰবৰুৱা চাহবাগিছাত সাংস্কৃতিক অনুষ্ঠান ৰূপায়ন

চাইন অন ডেস্ক,৮চেপ্টেম্বৰ:

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰশাসনৰ উদ্যোগত আৰু ‘ড° ভূপেন হাজৰিকা পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰ’ৰ পৰিকল্পনা আৰু ‘ইউ জি চি নাৰী অধ্যয়ন কেন্দ্ৰ’ আৰু ‘সাংবাদিকতা আৰু গন সংযোগ অধ্যয়ন কেন্দ্ৰ’ ৰ যৌথ সহযোগত আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়তো ভাৰতৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শত-বাৰ্ষিকীৰ সামৰণী অনুষ্ঠান বৰ্ণাঢ্য কাৰ্যসূচীৰে সম্পন্ন কৰা হয়। এই উপলক্ষে ‘ইন্দিৰা মিৰি’ সভাগৃহত এটি বক্তৃতানুষ্ঠান আয়োজন কৰা হয়। বন্তি প্ৰজ্জ্বলনেৰে আৰম্ভ হোৱা এই বক্তৃতানুষ্ঠানটি উদ্বোধন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰাধ্যাপক ড০ জিতেন হাজৰিকাই৷উদ্বোধনী ভাষণত সুধাকণ্ঠৰ অৱদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি তেখেতৰ জীৱন- দৰ্শনেৰে উদ্বুদ্ধ হৈ জীৱনত বাট বুলিবলৈ উপস্থিত ছাত্ৰ- ছাত্ৰী আৰু সুধী সমাজৰ প্ৰতি উপাচাৰ্য গৰাকীয়ে আহ্বান জনায়। উপাচাৰ্যগৰাকীৰ ভাষণৰ পিছতে সংগীত বিশাৰদ ড° বনজিত ভট্টই সুৰ আৰু কণ্ঠদান কৰা ভূপেন হাজৰিকাৰ এটা গীত উন্মোচন কৰা হয়।
ইয়াৰ পিছতে ‘ ভূপেন হাজৰিকাক নিৰ্মাণত সময় আৰু সমাজ’ শীৰ্ষক এক মনোজ্ঞ বক্তৃতা প্ৰদান কৰে সংগীত বিশাৰদ তথা ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড° বনজিত ভট্টই। সুধাকণ্ঠৰ সমগ্ৰ জীৱন পৰিক্ৰমাক সামৰি প্ৰদান কৰা এই বক্তৃতাত গীত আৰু কথাৰ মাজেদি বক্তাগৰাকীয়ে ভূপেন হাজৰিকাৰ শিল্প সত্তাত প্ৰভাৱ পেলোৱা সকলো ঘটনা-পৰিঘটনাৰ বিশ্লেষণ দাঙি ধৰে আৰু কয় যে ভূপেন হাজৰিকা এক ব্যক্তি সত্ত্বা নহয়, ই এক শিল্পহে। এই শিল্পক যথাযথভাৱে মূল্যায়ন কৰিব পাৰিলেহে অসমীয়া জাতিটো আগবাঢ়ি যাব পাৰিব। বিশ্ববিদ্যালয়ৰ
পঞ্জীয়ক ড° পৰমানন্দ সোনোৱালে আদৰণী ভাষণ প্ৰদান কৰা বক্তৃতানুষ্ঠানত ড° ভূপেন হাজৰিকা পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ সঞ্চালক প্ৰাধ্যাপক পল্লবী ডেকা বুজৰ বৰুৱাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ে বৰ্ষজোৰা কাৰ্যসূচীৰে ৰূপায়ন কৰা সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ ইতিমধ্যে সম্পন্ন হোৱা অনুষ্ঠানসমূহৰ সফলতাৰ এটি খতিয়ান দাঙি ধৰে৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ পৰিক্ৰমা বিভাগৰ গুৰু প্ৰাধ্যাপক সুৰজিত বৰকটকী,অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক ড০ গোপাল চন্দ্ৰ হাজৰিকা,ড০ কল্যাণ বৰুৱাকে ধৰি বিশ্ববিদ্যালয় একাংশ শিক্ষক, গৱেষক আৰু ছাত্ৰ ছাত্ৰী, বিষয়া কৰ্মচাৰীৰ উপৰিও ডিব্ৰুগড়ৰ ভালেকেইজন গন্যমান্য ব্যক্তি উপস্থিত থাকে। সভাখনৰ আতঁ‌ধৰে ড° ভূপেন হাজৰিকা পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ সহকাৰী অধ্যাপক ড° মৃণাল কুমাৰ বৰুৱাই। অনুষ্ঠানত পৰিৱেশ্য কলা কেন্দ্ৰৰ শিক্ষাৰ্থীসকলে সমৱেত কণ্ঠত সুধাকণ্ঠ এটি গীত পৰিৱেশ কৰাৰ লগতে জিন্তী হাজৰিকাৰ পৰিচালনাত সমৱেত কণ্ঠত এটি কবিতা আবৃত্তি পৰিৱেশন কৰি অনুষ্ঠানটি প্ৰাণৱন্ত কৰি তোলে৷বক্তৃতানুষ্ঠানৰ পিছতে পৰিৱেশ্য কলা কেন্দ্ৰৰ কণ্ঠ সংগীত শাখাৰ দুগৰাকী ছাত্ৰী আঞ্চল চমুৱা আৰু নিভাৰাণী বৰাই সুধাকণ্ঠৰ দুটি কালজয়ী গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে৷ উল্লেখ্য যে আবেলি চাৰি বজাত বৰবৰুৱা চাহ-বাগিছাৰ সহস্ৰাধিক চাহজনগোষ্ঠী লোকক সামৰি এটি বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান ৰূপায়ন কৰা হয়৷ এই অনুষ্ঠানতে দুশগৰাকী চাহজনগোষ্ঠী শিক্ষাৰ্থীয়ে সুধাকণ্ঠৰ ‘কহুঁৱা বন মোৰ অশান্ত মন’ শীৰ্ষক গীতটি পৰিৱেশন কৰি সকলোকে উৎসাহিত কৰে৷ বৰবৰুৱা চাহ-বাগিছাত ৰূপান্তৰিত সাংস্কৃতিক কাৰ্যসূচী উদ্বোধন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জিতেন হাজৰিকাই৷ অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰে বৰবৰুৱা চাহ-বাগিছাৰ পৰিচালক সমীৰ লোধীয়ে৷

Leave a Reply

Your email address will not be published. Required fields are marked *