...

বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জন্মজয়ন্তী উদযাপন

বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জন্মজয়ন্তী উদযাপন

কালজয়ী সৃষ্টি সংৰক্ষণ আৰু নতুন প্ৰজন্মৰ মাজত চৰ্চাৰ আহ্বান

চাইন অন ডেস্ক,৮ছেপ্টেম্বৰঃ

ভাৰতৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জন্মজয়ন্তী উপলক্ষে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ চৌহদত আয়োজিত অনুষ্ঠানত সংবাদকৰ্মীসকলে বন্তি প্ৰজ্বলন আৰু পুষ্পাৰ্পণেৰে সুধাকণ্ঠগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে।
ক্লাবৰ যুটীয়া সম্পাদক মুক্টামণি হাজৰিকাই আঁত ধৰা অনুষ্ঠানত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মনজিৎ বৰাই সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কালজয়ী সৃষ্টি আৰু আদৰ্শ নতুন প্ৰজন্মৰ মাজলৈ অধিক ব্যাপকভাৱে লৈ যোৱাৰ ক্ষেত্ৰত সমাজৰ দায়িত্বৰ বিষয়ে গুৰুত্ব আৰোপ কৰে।
সভাপতি বৰাই কয় যে ভূপেন হাজৰিকা কোনো ৰজাঘৰৰ শিল্পী নাছিল, তেওঁ আছিল ৰাইজৰ শিল্পী, প্ৰজাঘৰৰ শিল্পী। তেওঁৰ গীত আৰু সৃষ্টিত প্ৰতিফলিত মানৱতাবাদী, জাতীয়তাবাদী তথা সামাজিক চেতনাক নতুন প্ৰজন্মৰ সৈতে পৰিচয় কৰাই দিয়াটো সকলোৰে দায়িত্ব বুলি তেওঁ মন্তব্য কৰে।
তেওঁ কয় যে সুধাকণ্ঠৰ গীতৰ যিদৰে ৰাজ্যজুৰি নতুন প্ৰজন্মৰ মাজত চৰ্চা হ’ব লাগিছিল, সেই ধৰণৰ ব্যাপক সামাজিক উদ্যোগ এতিয়াও অধিক প্ৰয়োজন। কেৱল জন্মজয়ন্তী বা মৃত্যুদিৱসত স্মৰণ কৰাত সীমাবদ্ধ নাথাকি তেওঁৰ সৃষ্টি আৰু চিন্তাধাৰাক নিয়মীয়াকৈ চৰ্চা কৰাৰ আহ্বান জনায় তেওঁ।
অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা বিশিষ্ট লেখক কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শশীকান্ত শইকীয়াই সুধাকণ্ঠৰ গীত, সাহিত্য আৰু সমাজ-মানৱতাৰ প্ৰতি তেওঁৰ দায়বদ্ধতাৰ কথা স্মৰণ কৰি তেওঁৰ অমূল্য সৃষ্টিৰাজি সংৰক্ষণৰ ক্ষেত্ৰত সকলোকে আগভাগ ল’বলৈ আহ্বান জনায়।
অনাগত দিনতো উজনি অসমৰ অন্যতম সাংবাদিক সংগঠন বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে অন্যান্য কাৰ্যসূচীৰ লগতে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ সৃষ্টি আৰু আদৰ্শক জনসাধাৰণৰ মাজত অধিক ব্যাপকভাৱে প্ৰচাৰ আৰু চৰ্চা কৰাৰ প্ৰয়াস অব্যাহত ৰাখিব বুলি সংকল্প গ্ৰহণ কৰে। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ অনুপস্থিতিত যুটীয়া সম্পাদকদ্বয় মুক্টামণি হাজৰিকা আৰু টমাচ বুঢ়াগোহাঁই প্ৰচেষ্টাত আয়োজন কৰা অনুষ্ঠানত অন্যান্য বিষয়ববীয়া আৰু সদস্যসকলৰ উপস্থিতিত ক্লাবৰ অন্যান্য বিষয়ববীয়া সদস্য সকল উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *