ডিব্ৰুগড়ত ভয়ংকৰ ঘটনা
চাহ বাগিচাত গছ কটাৰ সময়তে ভয়ংকৰ ঘটনা
বাইক আৰোহীৰ মূৰত পৰিল প্ৰকাণ্ড গছ, সংকটজনক অৱস্থাত চিকিৎসাধীন
চাইন অন ডেস্ক,৭ছেপ্টেম্বৰ:

উল্লেখ্য যে, চৌকিডিঙিত অৱস্থিত জালান চাহ বাগিচাৰ ভূমি মৃগেন জালানে ব্যক্তিগতকৰণ আৰু হস্তান্তৰক লৈ বিগত সময়ছোৱাত 
ইয়াৰ মাজতে বাগিচাৰ ভূমি খণ্ড খণ্ডকৈ বিক্ৰী কৰাৰ লগতে গোপনে গছ কটা আৰু চাৰিসীমা বেৰা দিয়াৰ অভিযোগো পূৰ্বৰে পৰা উত্থাপিত হৈ আহিছিল। আজি তেনে পৰিস্থিতিৰ মাজতে গছ কটাৰ সময়ত পথচাৰী গুৰুতৰভাৱে আহত হোৱাৰ ঘটনাই নতুনকৈ প্ৰশ্নৰ অৱতাৰণা কৰিছে।
আনহাতে অভিযোগ মতে, এই ভূমিৰ গছ কটাৰ কামৰ সৈতে ডিব্ৰুগড়ৰ এগৰাকী লেবৰেটৰীৰ স্বত্বাধিকাৰী তথা চিকিৎসক জড়িত থকাৰ অভিযোগ উঠিছে। অভিযোগ অনুসৰি, সংশ্লিষ্ট পক্ষৰ সৈতে বুজাবুজিৰ ভিত্তিত তেওঁলোকে গছ কটাৰ কাম চলাই আছিল। ঘটনাৰ পাছতে ডিব্ৰুগড়ত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইতিমধ্যে আহত ব্যক্তি জন সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ ICUত চিকিৎসাধীন হৈ আছে যদিও বাগিচা কতৃপক্ষই চিকিৎসা ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে।