...

ডিব্ৰুগড়ৰ বলাইত আলোকসন্ধানীৰ সপ্তদশ বাৰ্ষিক গুৰুসেৱা পৰিক্ৰমা

ডিব্ৰুগড়ৰ বলাইত আলোকসন্ধানীৰ সপ্তদশ বাৰ্ষিক গুৰুসেৱা পৰিক্ৰমা

৪০ কিলোমিটাৰ পথ পৰিক্ৰমাৰে ৬৫ গৰাকী শিক্ষাসদী ব্যক্তিলৈ সেৱা

চাইন অন ডেস্ক,৭ছেপ্তেম্বৰ:

ডিব্ৰুগড় জিলাৰ বৰবৰুৱা উন্নয়ন খণ্ডৰ অধীনস্থ বৃহত্তৰ বলাই অঞ্চলৰ বৌদ্ধিক স্বেচ্ছাসেৱী সংগঠন আলোকসন্ধানী অধ্যয়ন চক্ৰৰ উদ্যোগত যোৱা পাঁচ চেপ্টেম্বৰ তাৰিখে শিক্ষক দিৱস উপলক্ষে সপ্তদশ বাৰ্ষিক গুৰুসেৱা পৰিক্ৰমা সম্পন্ন কৰা হয়। ২০১০ চনৰ পৰা অবিৰতভাৱে চলি অহা এই কাৰ্য্যসূচীত এইবাৰ প্ৰায় চল্লিশ কিলোমিটাৰ পথ পৰিক্ৰমাৰে নতুন বলাই, পুৰণি বলাই আৰু ন পাম থান গাঁৱৰ পাঁচখন শিক্ষানুষ্ঠান (বলাই জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়,বলাই জনজাতি মধ্য ইংৰাজী বিদ্যালয়,নতুন বলাই প্ৰাথমিক বিদ্যালয়,৩১নং পুৰণি বলাই প্ৰাথমিক বিদ্যালয় আৰু ন পাম প্ৰাথমিক বিদ্যালয়)ৰ শিক্ষক শিক্ষয়িত্ৰী তথা কৰ্মচাৰীবৃন্দক গ্ৰন্থৰ টোপোলা যাচি চৰণ সেৱা জনোৱা হয়। ইয়াৰ উপৰিও এই অঞ্চলৰ কৰ্মৰত আৰু অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰী তথা শিক্ষানুষ্ঠান কৰ্মীবৃন্দক শিক্ষক দিৱসৰ সেৱা জ্ঞাপন কৰা হয়। আলোকসন্ধানীৰ মুখ্য উপদেষ্টা,, বলাই জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ত অৱসৰোত্তৰভাৱে সেৱাৰত শিক্ষক গকুল চন্দ্ৰ খাউন্দ, সম্পাদক নীলোৎপল সোণোৱালৰ নেতৃত্বত বলাই জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ত্ৰিবেন্দ্ৰ সোণোৱাল, চাকৰিসূত্ৰে ডুলীয়াজান আৰু কলকতানিবাসী সদস্যদ্বয় বিপিন সোণোৱাল আৰু হীৰেন সোণোৱালকে মুখ্য কৰি সংগঠনটিৰ সদস্য সদস্যাৰ এটি দহজনীয়া দলে তিনিওখন গাঁৱৰে শিক্ষানুষ্ঠান তথা শিক্ষক শিক্ষয়িত্ৰীৰ ঘৰে ঘৰে গৈ সেৱা জ্ঞাপন কৰা এই কাৰ্য্যসূচীত সৰ্বমুঠ পয়ষষ্ঠি(৬৫) গৰাকী শিক্ষাসদী ব্যক্তিক গ্ৰন্থৰ টোপোলা যাচি চৰণ সেৱা জনোৱা হয়। প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ লগত থকা অংগণৱাড়ী কেন্দ্ৰৰ কৰ্মী, সহায়িকা, ৰন্ধন কৰ্মীবৃন্দকো অনুৰূপ ধৰণেৰে সেৱা জনোৱা হয়। কাৰ্য্যসূচীৰ শেষাংশত জকাই অঞ্চলৰ ন জ্যোতি বিদ্যাপীঠ মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক সীতাৰাম ছেত্ৰীয়েও অংশ গ্ৰহণ কৰে। ২০১০ চনৰ পৰা অবিৰতভাৱে চলি অহা ১৭বছৰত ভৰি দিয়া এই গুৰুসেৱা পৰিক্ৰমাই নতুন পুৰুষক যোগাত্মক চিন্তাৰে সমৃদ্ধ কৰি এক সুস্থ সামাজিক বাতাবৰণ সৃষ্টিৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছে বুলি মত পোষণ কৰি অঞ্চলটোৰ সচেতন মহলে সন্তোষ প্ৰকাশ কৰিছে। এই কাৰ্য্যসূচী সফল কৰি তোলাৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়োৱা সকলোলৈক মুখ্য উপদেষ্টা গকুল চন্দ্ৰ খাউন্দে ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *