ডিব্ৰুগড়ত সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান
চাইন অন ডেস্ক,৭ছেপ্তেম্বৰ:
ডিব্ৰুগড়ৰ অগ্ৰণী সাংস্কৃতিক গোষ্ঠী সুৰীয়া শিল্পী সমাজৰ উদ্যোগত যোৱা ৬ চেপ্টেম্বৰৰ সন্ধিয়া স্থানীয় সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱনৰ প্ৰেক্ষাগৃহত “মোৰ গান গভীৰ আস্থাৰ গান” শীৰ্ষক সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ উপলক্ষত এক সুমধুৰ গীত মাতৰ অনুষ্ঠান হৈ যায় । অনুষ্ঠানৰ প্ৰাকক্ষণত সুৰীয়া শিল্পী সমাজৰ সভাপতি মনোজ কুমাৰ বৰুৱাই সকলোকে আদৰণি জনোৱাৰ পিছত সুধাকণ্ঠৰ লগতে সুৰীয়া শিল্পী সমাজৰ প্ৰতিষ্ঠাপক, সদ্য প্ৰয়াত উৎপল দেউৰীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জনাই ডিব্ৰুগড় জিলা সাংস্কৃতিক বিষয়া সুদৰ্শন বৰা, ডিব্ৰুগড় শিল্পী সমাজৰ সভাপতি চন্দন পাঠক, সুৰেশ হাতীমূৰীয়া, মুক্তি সিং লোহাৰ,বলিন বৰদলৈ আৰু সুৰীয়া শিল্পী সমাজৰ উপ-সভাপতি বন্তি দেউৰীয়ে । পৰবৰ্তী সময়ত সুধাকণ্ঠৰ ” আহ
আহ ওলাই আহ সজাগ জনতা” শীৰ্ষক সমবেত গীতটো পৰিবেশন কৰি গীত মাতৰ অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে সুৰীয়া শিল্পী সমাজৰ শিল্পী সকলে । ইয়াৰ পিছতে ড’ ভূপেন হাজৰিকাৰ চিৰসেউজ গীতসমূহ পৰিবেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে ক্ৰমান্বয়ে অনাতাঁৰ কণ্ঠশিল্পী মামণি বৰকটকী, স্মৃতিৰেখা বৰদলৈ, মৃদুল দাস, কস্মিনা দেউৰী, ননী মাধৱ বৰকটকী, কুমুদ দাস, ৰশ্মিৰেখা বৰদলৈ কাকতি,
মল্লিকা দাস, ৰশ্মিৰেখা শৰ্মা, অঞ্জু শৰ্মা,ৰীতামণি দাস শইকীয়া, চন্দনা শৰ্মা,শিখা বৰঠাকুৰ,কৌশিক শৰ্মা,পৰি চেতিয়া,পৰিস্মিতা বৰুৱা, স্বৰ্ণ দেউৰী,অৰুণ চেতিয়া আৰু ৰঞ্জন হাজৰিকাই । অনুষ্ঠানৰ মাজতে বকুল দাসৰ পৰিচালনাত শিশু সকলৰ দ্বাৰা পৰিবেশিত কীবৰ্ড বাদন, চন্দনা শৰ্মাৰ ভায়লিন বাদন, অসীম দুৱৰাৰ গীতাৰ বাদন আৰু নৃত্যাস্ততি কলা কেন্দ্ৰৰ শিক্ষাৰ্থী সকলে পৰিৱেশন কৰা তথা প্ৰস্তুতি বৰদলৈৰ দ্বাৰা পৰিচালিত নৃত্য প্ৰদৰ্শনে সকলোকে মোহাচ্ছন্ন কৰি তোলে । আজিৰ অনুষ্ঠানত পৰিবেশন কৰা গীত সমূহৰ লগত বাদ্য স্ংগত কৰি বকুল দাস, বিনন্দ কাকতি,, দেৱজিৎ গগৈ,ৰুহিনী কুমাৰ গগৈ আৰু অসীম দুৱৰাই অন্য এক মাত্ৰা প্ৰদান কৰে । বহু দৰ্শকে উপভোগ কৰা ,সুৰীয়া শিল্পী সমাজৰ প্ৰতিষ্ঠাপক উৎপল দেউৰীৰ সোঁৱৰণত উৎসৰ্গিত সেইদিনাৰ অনুষ্ঠানটিৰ শেষ হোৱাৰ আগতে শলাগৰ শৰাই আগবঢ়াই সুৰীয়া শিল্পী সমাজৰ সভাপতি মনোজ কুমাৰ বৰুৱাই । আজিৰ অনুষ্ঠানততে সাৰথি নামৰ এক বৃদ্ধাশ্ৰমত নিস্বাৰ্থ ভাৱে সেৱা আগবঢ়াই থকা দম্পতী বিকাশ বৰদলৈ আৰু বুলুমণি বৰদলৈক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।ৰশ্মিৰেখা বৰদলৈ কাকতিয়ে আঁত ধৰা অনুষ্ঠানৰ পৰিশেষত সুধাকণ্ঠৰ কালজয়ী গীত মানুহে মানুহৰ বাবে গীতটি সকলোৱে একলগে পৰিবেশন কৰি গীত মাতৰ বৰ্ণিল অনুষ্ঠানটি সামৰা হয় ।