বিউটি শইকীয়া বৰালৈ জিলা কৃতি শিক্ষকৰ বঁটা
বালিপৰা,৭ছেপ্তেম্বৰ:
বালিপৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ লোক্ৰা মণ্ডল সমল কেন্দ্ৰৰ অধীনৰ লোক্ৰাৰ বুঢ়াগাঁও মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী তথা ভকতগাঁৱৰ বাসিন্দা সুনীল বৰাৰ সহধৰ্মিনী বিউটি শইকীয়া বৰাই শোণিতপুৰ জিলাৰ কৃতি শিক্ষকৰ বঁটা-২০২৬ লাভ কৰিছে । নিষ্ঠাৱান শিক্ষয়িত্ৰীগৰাকীয়ে নিজ কৰ্তব্যস্থলীত যোগদানৰ দিনৰেপৰা শৈক্ষিক, সামাজিক দায়িত্ব সংহতভাৱে পালন কৰি আহিছে । শিক্ষকগৰাকীয়ে বিদ্যালয়খনৰ শৈক্ষিক মান উত্তৰণৰ হেতুকে অশেষ কষ্ট স্বীকাৰ কৰি আহিছে বুলি ৰাইজে মত পোষণ কৰিছে। শিক্ষয়িত্ৰীগৰাকীয়ে জিলা কৃতি শিক্ষকৰ বঁটা লাভ কৰাত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ৰাইজ, পৰিচালনা সমিতি, ভকতগাঁৱৰ ৰাইজ, শৈক্ষিক দল-সংগঠনে সন্তোষ প্ৰকাশ কৰিছে। শিক্ষয়িত্ৰীগৰাকীক জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত সভাত তেজপুৰত শিক্ষক দিৱসৰ দিনা গামোছা, মানপত্ৰ, শৰাইৰে সম্বৰ্ধনা জনোৱা হয় ।