...

বৰপেটাৰ কপোহা গাঁৱত চুৰি কাণ্ড

বৰপেটাৰ কপোহা গাঁৱত চুৰি কাণ্ড

দিন দুপৰতে চোৰে লুটিলে প্ৰায় চৈধ্য লক্ষাধিক টকাৰ সা-সম্পত্তি

বৰপেটা,৮চেপ্তেম্বৰ:

বৰপেটা জিলাৰ মন্দিয়াৰ সমীপৱৰ্তী কপোহা গাঁৱত চোৰ উপদ্ৰৱে নিদ্ৰা হৰিছে গঞাৰ।বিগত দুদিনত গাওঁ খনৰ তিনি – চাৰিজন লোকৰ বাসগৃহত গৃহস্থ নথকাৰ সুযোগ লৈ চলাই গৈছে চাফাই অভিযান। অনুৰূপ ধৰনে সোমবাৰৰ দিনটোত গাঁৱ খনৰ নিবাসী ৰায়হান আলীৰ বাসগৃহত কোনো নথকাৰ সুযোগ লৈ দিনৰ পোহৰতে সংঘটিত কৰে চুৰি কাৰ্য।
চোৰে বাৰান্দাৰ গ্ৰীৰিলৰ তলা আৰু দৰ্জাৰ তলা ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি আলমাৰীৰ লক ভাঙি চুৰে লুটি লৈ যায় প্ৰায় সোণ ৰূপৰ আ – অলংকাৰসহ নগদ ধন।
চোৰে আলমাৰী লক ভাঙি সোনৰ মালা তিনি ডাল ,হাতৰ খাঢ়ু তিনি যোৰা , সোনৰ কাণফুলি পাচ‍ঁ যোৰা , ৰূপৰ অলংকাৰ দহ ভৰি আৰু নগদ এক লাখ ত্ৰিশ হাজাৰ টকা লৈ বিনাদ্বিধাই উধাও হয় চোৰ। সৰ্বমুঠ আনুমানিক চৈধ্য লাখ টকাৰ সম্পত্তি লৈ চোৰ প্ৰস্থান হয়।নিজ কৰ্ম ক্ষেত্ৰৰ পৰা দায়িত্ব পালন কৰি ঘৰত আহি সকলো আচবাব ভঙা দেখা পায় হুৱাদুৱা লাগে পৰিয়ালৰ মাজত। অৱশ্যে এই ঘটনা সন্দৰ্ভত ইতিমধ্যে ঘৰৰ গৰাকীয়ে বৰপেটা সদৰ আৰক্ষী থানাত অৱগত কৰিছে । ইফালে এইধৰণৰ চুৰি কাৰ্যক লৈ এতিয়া চিন্তিত হৈ পৰিছে গাঁৱ খনৰ বাসিন্দা।
সেয়ে আৰক্ষী প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সচেতন লোকে ।

Leave a Reply

Your email address will not be published. Required fields are marked *