...

বকুলস্থিত ঐতিহাসিক পলিটেকনিক স্থানান্তৰ!

বকুলস্থিত ঐতিহাসিক পলিটেকনিক স্থানান্তৰ!

চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আটছাৰ তীব্ৰ হুংকাৰ

চাইন অন ডেস্ক,৯চেপ্তেম্বৰ:

ডিব্ৰুগড়ৰ বকুলস্থিত ঐতিহাসিক তথা ঐতিহ্যমণ্ডিত পলিটেকনিক শিক্ষানুষ্ঠানখন অন্য স্থানলৈ স্থানান্তৰ কৰিবলৈ চৰকাৰে গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে এইবাৰ সৰৱ হৈ পৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্হা (আটছা)। চৰকাৰৰ এই জনবিৰোধী আৰু ছাত্ৰবিৰোধী সিদ্ধান্তক তীব্ৰ ভাষাৰে গৰিহণা জনাই আটছাৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক লখিন্দৰ কুৰ্মীয়ে এক প্ৰেছ বিবৃতিৰ জৰিয়তে নিজৰ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।বিবৃতিটোত আটছাৰ কেন্দ্ৰীয় নেতা লখিন্দৰ কুৰ্মীয়ে কয়— “১৯৬৫ চনতে স্থাপিত হোৱা বকুল পলিটেকনিক শিক্ষানুষ্ঠানখন কেৱল এটা চৰকাৰী গৃহই নহয়, ই সমগ্ৰ ডিব্ৰুগড় জিলা তথা লাহোৱাল অঞ্চলৰ শৈক্ষিক আৰু কাৰিকৰী উত্তৰণৰ এক অন্যতম প্ৰাণকেন্দ্ৰ। বিশেষকৈ এই শৈক্ষিক অনুষ্ঠানটোত খাটি খোৱা কৃষক-শ্ৰমিক শ্ৰেণীৰ দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে সুদীৰ্ঘ দিন ধৰি ইয়াৰ পৰাই কাৰিকৰী শিক্ষা গ্ৰহণ কৰি স্বাৱলম্বী হ’বলৈ সক্ষম হৈছে। এনে এক ঐতিহাসিক অনুষ্ঠানক হঠাৎ ইয়াৰ পৰা স্থানান্তৰ কৰাৰ যি চৰকাৰী চক্ৰান্ত চলিছে, তাক ‘আটছা’ই কোনো কাৰণতে মানি নলয়।কুৰ্মীয়ে চৰকাৰ আৰু শিক্ষা বিভাগক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে চৰকাৰে অঞ্চলটোৰ শিক্ষা ব্যৱস্থাক অধিক উন্নত আৰু আধুনিকীকৰণ কৰাৰ পৰিৱৰ্তে ইয়াক সম্পূৰ্ণৰূপে ধংস কৰিবলৈহে উঠি-পৰি লাগিছে। নতুনকৈ টিংখাঙত নিৰ্মাণাধীন পলিটেকনিকখনৰ নামত বকুল পলিটেকনিকৰ অস্তিত্ব বিপন্ন কৰাৰ যি ভিতৰুৱা ষড়যন্ত্ৰ ৰচনা কৰা হৈছে, সি অতিশয় দুৰ্ভাগ্যজনক। টিংখাঙত নতুনকৈ পলিটেকনিক স্থাপন হোৱাত আমাৰ কোনো আপত্তি নাই, কিন্তু বকুলস্থিত পুৰণি আৰু ঐতিহাসিক অনুষ্ঠানটো নিজ স্থানতে অক্ষুণ্ণ ৰাখিবই লাগিব।প্ৰতিক্ৰিয়াটোত আটছাৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদকগৰাকীয়ে স্পষ্ট কৰি দিয়ে— “আমি অঞ্চলটোৰ প্ৰতিটো সচেতন সংগঠন আৰু জনসাধাৰণৰ এই ন্যায়সংগত দাবীক সম্পূৰ্ণ সমৰ্থন জনাইছোঁ। যদিহে মাননীয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষা মন্ত্ৰী ডা° ৰণোজ পেগুৱে এই স্থানান্তৰকৰণৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰি অতি শীঘ্ৰে বাতিল নকৰে, তেন্তে অনাগত দিনত ‘আটছা’ই ছাত্ৰ সমাজ আৰু স্থানীয় ৰাইজক লগত লৈ ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হ’ম। চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আমি ইয়াতকৈও ভয়াবহ গণ-আন্দোলনৰ গঢ়ি তুলিম।”শেষত পুনৰ আটছা নেতা গৰাকীয়ে অসম চৰকাৰক চৰম সকীয়ানি দি কয় যে চৰকাৰে জনসাধাৰণৰ আৱেগ-অনুভূতিক লৈ খেলা বন্ধ কৰক। বকুল পলিটেকনিকখন স্থানান্তৰ কৰাৰ পৰিৱৰ্তে ইয়াক কেনেকৈ অধিক আধুনিক আন্তঃগাঁথনিৰে সজাই তুলিব পাৰি তাৰহে ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা পৰিস্থিতি উত্তপ্ত হ’লে ইয়াৰ বাবে সম্পূৰ্ণ জগৰীয়া হ’ব লাগিব চৰকাৰ আৰু শিক্ষা বিভাগ।

Leave a Reply

Your email address will not be published. Required fields are marked *