...

আজি পৰ্যন্ত অৱহেলিত হৈয়ে ৰল বৰবৰুৱাৰ সুধাকণ্ঠ ড: ভূপেন হাজৰিকাৰ মুকলি মঞ্চ আৰু উদ্যান

আজি পৰ্যন্ত অৱহেলিত হৈয়ে ৰল বৰবৰুৱাৰ সুধাকণ্ঠ ড: ভূপেন হাজৰিকাৰ মুকলি মঞ্চ আৰু উদ্যান

চাইন অন ডেস্ক,৯ছেপ্তেম্বৰ:

ডিব্ৰুগড় জিলাৰ বৰবৰুৱা উন্নয়ন খণ্ডৰ চৌহদৰ অৱস্থিত সুধাকণ্ঠ ড ভূপেন হাজৰিকাৰ মুকলি মঞ্চ আৰু উদ্যান আজিপৰ্যন্ত চৰকাৰী ভাৱে তদাৰক, সংৰক্ষণ,ৰক্ষণাবেক্ষণ আৰু তত্ত্বাৱধানৰ অভাৱত হাবি বননিৰে চানি ধৰাৰ উপৰিও মুকলি মঞ্চ খন তথৈবচ অৱস্থালৈ পৰ্যবসিত হোৱা পৰিলক্ষিত হৈছে। বিগত অসমৰ কংগ্ৰেছ চৰকাৰৰ শাসন কালত ২০১৫চনৰ ৮ছেপ্তেম্বৰত লাহোৱাল সমষ্টিৰ প্ৰাক্তন বিধায়ক পৃথিৱী মাঝিয়ে মুখ্যমন্ত্ৰীৰ সপোনৰ আচনি এম জি এনৰেগাৰ অধীনত বৰবৰুৱা উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ চৌহদত মুকলি মঞ্চ আৰু উদ্যানৰ উদ্ধোধন কৰিছিল যদিও তত্ত্বাৱধান ,সংৰক্ষণ আৰু তদাৰক নকৰাৰ ফলত উদ্যানৰ কোনো চিন মোকামেই নাই আৰু মুকলি মঞ্চ খনৰ অৱস্থা অতিশয় জৰাজীৰ্ণ হৈ আহিছে।উল্লেখযোগ্য যে বিগত ২০১৪চনৰ ৫নৱেম্বৰত সেই সময়ৰ তদানীন্তন অসম চৰকাৰৰ মন্ত্ৰী তথা লাহোৱাল সমষ্টিৰ বিধায়ক পৃথিৱী মাঝিয়ে আধাৰ শিলা স্থাপন কৰিছিল।বিগত ২০১৫চনৰ কংগ্ৰেছ (ই) চৰকাৰৰ শাসন পিছতেই২০১৬-২০২১ ,২০২১-২০২৬ বি জে পিৰ মিত্ৰজোঁটৰ চৰকাৰৰ দুটা কাৰ্যকাল আৰু বৰ্তমান বি জে পিৰ মিত্ৰজোঁটৰ চৰকাৰৰ শাসন কাল পৰ্যন্ত বৰবৰুৱা উন্নয়ন খণ্ডৰ চৌহদত অৱস্থিত সুধাকণ্ঠ ড: ভূপেন হাজৰিকাৰ মুকলি মঞ্চ আৰু উদ্যানৰ উন্নয়নৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নহল বুলি স্থানীয় ৰাইজ, দল সংগঠনে অভিযোগ উত্থাপন কৰিছে।উল্লেখযোগ্য যে সুধাকণ্ঠ ড:ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ ৮ছেপ্তেম্বৰ দিনটোতেই বিগত কংগ্ৰেছ(ই) অসম চৰকাৰৰ দ্বাৰা শিল্পী গৰাকীৰ নামত স্থাপন কৰা মুকলি মঞ্চ আৰু উদ্যান আজিপৰ্যন্ত অৱহেলিত কৰি শিল্পী গৰাকীক এক প্ৰকাৰ অপমানিত কৰা পৰিলক্ষিত হৈছে বুলি বৰবৰুৱা আঞ্চলিক ছাত্ৰ সন্থাই গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।বৰবৰুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মৌচম গগৈয়ে বৰবৰুৱা উন্নয়ন খণ্ডৰ চৌহদত অৱস্থিত সুধাকণ্ঠ ড: ভূপেন হাজৰিকাৰ মুকলি মঞ্চ শতবৰ্ষৰ দিনটোতেই উকা হৈ থাকিল বুলি ক্ষোভ প্ৰকাশ কৰে আৰু বৰবৰুৱা উন্নয়ন খণ্ডৰ জ্যেষ্ঠ খণ্ড উন্নয়ন বিষয়াই গুৰুত্ব নিদিয়া বুলি অভিযোগ উত্থাপন কৰে।আনহাতে বৰবৰুৱা অঞ্চলৰ স্থানীয় ৰাইজে বৰবৰুৱা উন্নয়ন খণ্ডৰ চৌহদত ২০১৫চনতেই উদ্ধোধন কৰা সুধাকণ্ঠ ড:ভূপেন হাজৰিকাৰ মুকলি মঞ্চ আৰু উদ্যান বিগত কংগ্ৰেছ চৰকাৰৰ দিনৰ বৰ্তমানৰ বি জে পিৰ মিত্ৰজোঁটৰ চৰকাৰৰ শাসন কাল পৰ্যন্ত উপেক্ষিত কৰা হৈছে বুলি উদ্বেগ প্ৰকাশ কৰিছে।বৰ্তমান সুধাকণ্ঠ ড:ভূপেন হাজৰিকাৰ মুকলি মঞ্চ আছে উদ্যানৰ কোনো চিন মোকাম নাই।উল্লেখযোগ্য যে উদ্যানখন কিমান মাটিত ৰোপণ কৰা হৈছিল তাৰ পৰিসৰ ২০১৪চনৰ ৫নৱেম্বৰত আধাৰ শিলাত কোনো উল্লেখ পোৱা নাই।বৰবৰুৱাৰ ড:ভূপেন হাজৰিকাৰ মঞ্চৰ আশে পাশে গছ গছনি গজি মুকলি মঞ্চ খনৰ ৰূপ সৌন্দৰ্য ম্লান হোৱাৰ উপৰিও মঞ্চৰ সম্মুখত থকা ঠাইত হাবি বনেৰে আৱৰি হাবিৰ মাজত সুধাকণ্ঠ ড:ভূপেন হাজৰিকাৰ মুকলি মঞ্চটো সাক্ষী থকা দেখা গৈছে।বৰবৰুৱা আঞ্চলিক ছাত্ৰ সন্থাই বৰ্তমানৰ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী গৰাকীয়েও এইক্ষেত্ৰত কি নীৰৱ হৈ আছে বুলি আক্ষেপ প্ৰকাশ কৰিছে।স্থানীয় বৰবৰুৱাৰ ৰাইজে বিশ্ববিশ্ৰুত আন্তজাৰ্তিক খ্যাতিসম্পন্ন শিল্পী ড:ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ দিনটোতেই তেখেতৰ নামত চৰকাৰীভাৱে স্থাপন হোৱা মুকলি মঞ্চ খন উকা হৈ কাৰ্যক শিল্পী গৰাকীক অপমানিত কৰা বুলি অভিহিত কৰিছে ।বৰবৰুৱাৰ ড:ভূপেন হাজৰিকা মুকলি মঞ্চ আৰু উদ্যান খন সংৰক্ষণ, ৰক্ষণাবেক্ষণ সজাই পৰাই তত্ত্বাৱধান গ্ৰহণ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *