...

৬৬ পইচাৰ বাবেই আদালতত গোচৰ ?

৬৬ পইচাৰ বাবেই আদালতত গোচৰ ?

ক’ত আৰু কিয় হল ?

চাইন অন ডেস্ক,৯ছেপ্তেম্বৰ:

কৰ্ণাটকৰ এজন কৃষকে কানাড়া বেংকৰ পৰা ৫০,০০০ টকাৰ ঋণ লৈছিল।

তেওঁ সকলো কিস্তি পৰিশোধ কৰিছিল, কিন্তু বেংকে তেওঁক জনালে যে এতিয়াও ৯.৩৪ টকা বাকী আছে, আৰু এই টকা তৎক্ষণাত জমা দিবলৈ তেওঁক বেংকলৈ আহিবলৈ কোৱা হয়।

এতিয়া, ইমান সামান্য ধনৰ বাবে মাতি পঠিওৱাত ক্ষুব্ধ হৈ কৃষকজন বেংকলৈ গৈ, কাউণ্টাৰত ১০ টকাৰ নোট দি বেংকৰ কৰ্মচাৰীৰ পৰা নিজৰ ৬৬ পইচা ঘূৰাই দিবলৈ দাবী কৰে।

কিন্তু বেংকৰ ওচৰত ৬৬ পইচা খুচুৰা নাথাকিল, তেতিয়া কৃষকজনে ইয়াৰ তীব্ৰ প্ৰতিবাদ জনায়।

তেওঁ কয় যে, যেতিয়া বেংকে ৯.৩৪ টকাৰ বাবে গ্ৰাহকক মাতি আনিব পাৰে, তেন্তে তেওঁৰো নিজৰ ৬৬ পইচা ঘূৰাই পোৱাৰ অধিকাৰ আছে।

৬৬ পইচা ঘূৰাই নিদিয়াৰ বাবে এতিয়া কৃষকজনে কেনৰা বেংকৰ বিৰুদ্ধে কনজিউমাৰ কোৰ্টত অভিযোগ দাখিল কৰাৰ সতৰ্কবাণী জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *