বৰপেটাৰ মন্দিয়া আৰক্ষী চকীৰ বৃহৎ সফলতা
৩৯ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰৰ সহ এজন আটক
বৰপেটা:
বৰপেটাৰ বাঘবৰৰ কনৰাগাঁৱত নিশাৰ ভাগত ড্ৰাগছ বিৰুদ্ধে অভিযান মন্দিয়া আৰক্ষীৰ। উল্লেখ্য যে দীৰ্ঘদিন ধৰি কনৰা গাঁৱৰ নিবাসী আয়নাল হকৰ পুত্ৰ স্বাজাহান আলী (৩৬) য়ে মাৰাত্মক ড্ৰাগছৰ ৰমৰমীয়া বেহাৰ লগত জড়িত হোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছিল। আৰু সেই অভিযোগৰ ভিত্তিতেই যোৱা নিশা এক গোপন সূত্ৰৰ পম খেদি মন্দিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মাইনা দাসৰ নেতৃত্বত যোৱা আৰক্ষী দলে আয়নাল হকৰ ঘৰৰ পৰা ৩৯ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ লগতে ২১ টা খালী কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়। সমান্তৰালকৈ দীৰ্ঘদিনে ড্ৰাগছ সৰবৰাহৰ লগত জড়িত আয়নাল হকৰ পুত্ৰ স্বাজাহান আলীক আৰক্ষীয়ে হাতে-লুটে নিজ গৃহৰ পৰাই আটক কৰিবলৈ সক্ষম হয়। ইফালে উক্ত অঞ্চলত একাংশই দীৰ্ঘদিনে ড্ৰাগছ সৰবৰাহৰ লগত এনেদৰে জড়িত হৈ সামাজিক পৰিৱেশ কলুষিত কৰি অহাৰ অভিযোগ উত্থাপন হৈছে । অৱশ্যে এই ক্ষেত্ৰত পৰৱৰ্তী সময়ছোৱাতো আৰক্ষী – প্ৰশাসনক আৰু অধিক কঠোৰ হোৱাৰ লগতে এনেধৰণৰ ঘাটি সমূহ উৎখাত কৰিবলৈ সচেতন ৰাইজে আহ্বান জনাইছে । ড্ৰাগছ সৰবৰাহকাৰী তথা সেৱনকাৰী স্বাজাহান আলীৰ বিৰুদ্ধে আৰক্ষীয়ে এক গোচৰ পঞ্জীয়ন ভুক্ত কৰি জেল হাজোতলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে। মন্দিয়া আৰক্ষীৰ এই সফলতাক এতিয়া সকলোৱে প্ৰশংসা কৰিছে।
Like this:
Like Loading...