ডাঃ নিৰ্মল চাহেৱালাক স্বাস্থ্য ৰত্ন বঁটা প্ৰদান
ডিব্ৰুগড় ঃ
অসম আদিত্যৰ মুখ্য সম্পাদক তথা বিশিষ্ট চিকিৎসক, সাহিত্যিক ডাঃ নিৰ্মল চাহেৱালাক আজি জ্যোতিপ্রতাপ জ্ঞানমার্গ বিদ্যালয়ৰ তৰফৰ পৰা স্বাস্থ্য ৰত্ন বঁটা প্ৰদান কৰা হয়। উল্লেখ্য যে যোৱা ২৯ মাৰ্চত বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত বঁটা গ্ৰহণ কৰিবৰ বাবে উপস্থিত থাকিব নোৱাৰাৰ বাবে আজি বিদ্যালয়খনৰ সঞ্চালক প্ৰতাপ শইকীয়া আৰু বিজু শৰ্মাই ডাঃ চাহেৱালাক ডিব্ৰুগড়ত স্বাস্থ্য ৰত্ন সন্মানেৰে সন্মানিত কৰে । বঁটা প্রদান অনুষ্ঠানত আদিত্য ডায়েগ’নষ্টিক এণ্ড হস্পিতালৰ সঞ্চালিকা সৰিতা চাহেৱালা, অসম আদিত্যৰ সম্পাদক মনজিৎ বৰাকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত আছিল। বিনামূলীয়া শিক্ষা ব্যৱস্থা নতুন প্ৰজন্মৰ বাবে আগবঢ়াই দিয়া প্রতাপ শইকীয়াই আজিৰ পৰা সাত বছৰ আগতে জ্যোতিপ্রতাপ জ্ঞানমার্গ বিদ্যালয় স্থাপনৰ সপোন দেখিছিল। এগৰাকী বিশিষ্ট উদ্যোগপতি প্রতাপ শইকীয়াৰ নেতৃত্বত গঢ় লোৱা বিদ্যালয়ৰ এইবাৰৰ প্ৰতিষ্ঠা দিৱসত পদ্মশ্ৰী যাদৱ পায়েঙক আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰদানৰ লগতে বিশিষ্ট সাংবাদিক পৰাগমণি আদিত্য, ড° সৌমিত্ৰ পূজাৰী, ডাঃ মাখন কলিতা, অঞ্জন শৰ্মা, ঋতুৰাজ ফুকনকো বিভিন্ন শিতানত বঁটা আগবঢ়াইছে। আজি বঁটা গ্ৰহণ কৰি বিশিষ্ট উদ্যোগপতি, চিকিৎসক ডাঃ নিৰ্মল চাহেৱালাই কয়— সঁচাই মই গৌৰৱ অনুভৱ কৰিছোঁ, কলিয়াপানিৰ পৰা তেওঁলোকে বাটকুৰি বাই মোক বঁটাটো দিবলৈ আহিছে। মই খুবেই আনন্দিত । প্রতাপ শইকীয়া আৰু তেওঁৰ লগত অহা শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখন জ্যোতিপ্রতাপ জ্ঞানমার্গ বিদ্যালয়লৈ মই দুবছৰ আগতে গৈছিলোঁ। প্রতিষ্ঠা দিৱসত যাওঁতে তেওঁলোকৰ বিদ্যালয়ৰ শিক্ষা ব্যৱস্থা দেখি অভিভূত হৈছিলোঁ ৷ বৰ ডাঙৰ মাটি এটুকুৰাত স্কুলখন নিৰ্মাণ কৰি বিনামূলীয়া শিক্ষাদান কৰিছে। স্কুলৰ ভিতৰত আছে সুন্দৰ সুন্দৰ পেইণ্টিং, শ্ৰেণীকোঠাত আছে ডিজিটেল ব্যৱস্থা। অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে যে প্রতাপ শইকীয়াই বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক নিজৰ ল’ৰা-ছোৱালীৰ দৰে তুলি-তালি ডাঙৰ দীঘল কৰিছে। প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ সৈতে শইকীয়াৰ এক আত্মিক সম্বন্ধ দেখিছিলোঁ। এনেকুৱা এখন বিদ্যালয় তথা ন্যাসৰ পৰা বঁটা গ্ৰহণ কৰিবলৈ পাই নিশ্চিতভাৱে মই গৌৰৱান্বিত। আনহাতে, বিশিষ্ট চিকিৎসক ডাঃ নির্মল চাহেৱালক এই স্বাস্থ্য ৰত্ন সন্মান প্ৰদান কৰিবলৈ পাই সুখি বুলি উল্লেখ কৰি বিদ্যালয়খনৰ সঞ্চালক প্রতাপ শইকীয়াই কয় যে— শৈক্ষিক ক্ষেত্ৰখনক নেতৃত্ব দিব পৰা এখন বিদ্যালয় গঢ়ি তুলিবৰ বাবে তেওঁ চেষ্টা অব্যাহত ৰাখিব ৷ তদুপৰি এই বঁটা প্ৰদান কাৰ্যসূচীে নতুন প্ৰজন্মক উছাহ যোগাব বুলি তেওঁ আশাবাদী।
Like this:
Like Loading...