শোণিতপুৰৰ লকেন টুডু নিখোজ !
পৰিয়ালৰ হাহাকাৰ!
কেৰেলালৈ ৰেলত উঠি আদবাটতে নিখোজ লকেন
মিছামাৰী:
শোণিতপুৰ জিলাৰ শিঙৰী আৰক্ষী চকীৰ অন্তৰ্গত ধলগুৰি গাঁৱৰ নিবাসী বাচিয়া টুডুৰ পুত্ৰ লকেন টুডু (৩২) যোৱা ১৭ এপ্ৰিলৰ পৰা নিখোজ হৈ আছে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে ৷ জানিব পৰা মতে লকেন টুডু তেওঁৰ খুলশালী কমল মূৰ্মূৰ সৈতে কেৰেলা ৰাজ্যৰ কোম্পানীত কাম কৰাৰ উদ্দেশ্যে খুলশালী কমল মূৰ্মূৰ সৈতে যোৱা ১৭ এপ্ৰিলত ৰেলত উঠি গৈ আছিল ৷ লকেন টুডুৰ পৰিয়ালে জানিবলৈ দিয়া মতে তামিলনাডু ৰেল ষ্টেচন গৈ পোৱাৰ পাছত কমল মূৰ্মূৱে লকেন টুডুক তাৰে এজন ব্যক্তিৰ সৈতে চিনাকি কৰাই দিয়ে আৰু লোকজনৰ হাতত লকেন টুডুক চমজি দি কমল মূৰ্মূ তাৰপৰা কেৰেলা অভিমুখে পুনৰ যাত্ৰা আৰম্ভ কৰে ৷ পৰিয়ালৰ লোকে সদৰি কৰামতে ঘটনাটোৰ সন্দৰ্ভত ১৯ এপ্ৰিলত অৱগত হোৱাৰ পাছত বিষয়টো পোহৰলৈ আহে আৰু ইয়াৰ পাছতে পৰিয়ালৰ লোকে নিখোজ হোৱা লকেন টুডুক বিচাৰি বিভিন্ন ঠাইত যোগাযোগ কৰাৰ লগতে বিচাৰ খোচাৰ আৰম্ভ কৰে ৷ ইপিনে লকেন টুডুৰ লগত থকা মোবাইলটো ইতিমধ্যে বন্ধ হৈ আছে বুলি জানিবলৈ দিছে ৷ নিৰুদিষ্ট লকেন টুডুৰ ভুক্তভোগী পৰিয়ালটোৱে উপায়ন্তৰ হৈ অৱশেষত কালি স্থানীয় শিঙৰী আৰক্ষী চকীত নিখোজ হোৱা লকেন টুডুৰ সন্দৰ্ভত এখন লিখিত অভিযোগ দাখিল কৰিছে ৷ ভুক্তভোগী পৰিয়ালটোৰ ৰাইজলৈ গোহাৰি যদিহে লকেন টুডুৰ সন্দৰ্ভত কিবা শুংসূত্ৰ লাভ কৰে তেনেহলে 7099454195 অথবা 7812875625 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ৷