গৰাখহনীয়াৰ স্থায়ী সমাধানৰ দাবীত ফকিৰগঞ্জৰত উত্তাল ধৰ্না
চৰকাৰী অৱহেলাৰ চূড়ান্ত পৰিনতি
চাইন অন ডেস্ক:


নদীৰ বুকুত ইতিমধ্যে বিলীন হৈছে শ শ বিঘা কৃষিভূমি, বাসগৃহ আৰু বহু চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান।
খহনীয়াৰ ভয়ত অঞ্চলটোৰ ৰাইজে এতিয়া উজাগৰী নিশা কটাবলগীয়া হৈছে।
প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে-কাৰ্ড লৈ চৰকাৰ বিৰোধী শ্ল’গানেৰে আকাশ-বতাহ কঁপাই তোলে। তেওঁলোকৰ স্পষ্ট দাবী— “আমাৰ 
আমি কেৱল আশ্বাস নিবিচাৰো, আমাক কাম লাগে। আমাৰ ভেটি-মাটি নদীয়ে মোহাৰি লৈ গৈছে, অথচ চৰকাৰ কুম্ভকৰ্ণ নিদ্ৰাত। যদি অতি সোনকালে ব্যৱস্থা লোৱা নহয়, তেন্তে আমি ইয়াতকৈও ভয়ংকৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ম।” —এগৰাকী স্থানীয় প্ৰতিবাদকাৰীৰ ভাষ্য।
