...

১৫ খন বিশ্ববিদ্যালয়ৰ অংশগ্রহণেৰে কানৈ মহাবিদ্যালয়ত উত্তৰ-পূব শৈক্ষিক সম্মিলনৰ সামৰণি

Spread the love

১৫ খন বিশ্ববিদ্যালয়ৰ অংশগ্রহণেৰে কানৈ মহাবিদ্যালয়ত উত্তৰ-পূব শৈক্ষিক সম্মিলনৰ সামৰণি

‘এনে শৈক্ষিক সম্মিলনে কানে মহাবিদ্যালয়ক ৰাষ্ট্ৰীয় পৰিচয় প্রদান কৰিব’: মেয়ৰ ডাঃ পাত্র

চাইন অন ডেস্ক:

এনে শৈক্ষিক সম্মিলনে কানৈ মহাবিদ্যালয়ক ৰাষ্ট্ৰীয় পৰিচয় প্রদান কৰিব। ৰাষ্ট্ৰীয় নতুন শিক্ষানীতিৰ বাবে এনে সম্মিলনৰ প্রয়োজন অধিক। শিক্ষা প্রতিষ্ঠান সমূহৰ মাজত এক স্পষ্ট ধাৰণা আৰু সম্পর্ক গঢ়ি তুলিব। ঐতিহ্যমণ্ডিত ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ উদ্যোগত আৰু স্পীয়েৰৰ সহযোগত ২০ এপ্রিলৰ পৰা দুদিনীয়া কার্যসূচীৰে কানৈ মহাবিদ্যালয়ত অনুষ্ঠিত উত্তৰ-পূব শৈক্ষিক সম্মিলন উদ্বোধন কৰি ডিব্ৰুগড় পৌৰনিগমৰ মেয়ৰ, বিশিষ্ট সমাজকর্মী, চিকিৎসক ডাঃ সৈকত পাত্রই এইদৰে কয়। ভাৰতবৰ্ষৰ বিভিন্ন বিশ্ববিদ্যালয়সমূহে ভাগলোৱা পৰিৱেশ দেখি তেওঁ কয়- এনে শৈক্ষিক সম্মিলনে উত্তৰ পূর্বাঞ্চলৰ শৈক্ষিক সমস্যাসমূহ আলোচনা কৰাৰ বাট মুকলি কৰিব। তেওঁ কয়- ছাত্র-ছাত্রীসকলক কেবল পাঠ্যপুথিৰ বিদ্যাৰ মাজত আৱদ্ধ নাৰাখি কর্মমুখী, দক্ষতা ভিত্তিক শিক্ষাৰ সুবিধা প্রদান কৰিবলৈ এনে শৈক্ষিক সম্মিলনৰ প্রয়োজনীয়তাৰ কথা দোহাৰি কয়- এনে সম্মিলনে প্রতিখন ৰাজ্যৰ পৰা অহা আন্তঃৰাজ্যিক সম্পর্ক আৰু সমন্বয়, পাম্পৰিক আদান-প্রদান আৰু সহযোগিতা বৃদ্ধিৰ এক নতুন বাট মুকলি কৰিব। তেওঁ কয়- কানৈ মহাবিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত এনেধৰণৰ শৈক্ষিক কার্যসূচীয়ে মহাবিদ্যালয়খনৰ শিক্ষক-ছাত্র-ছাত্রীৰ লগতে অন্যান্য শিক্ষানুষ্ঠানৰ ছাত্র-ছাত্রীসকলকো উপকৃত কৰিব বুলি উল্লেখ কৰি এনে এটি সুন্দৰ অনুষ্ঠান আয়োজন কৰাৰ বাবে মহাবিদ্যালয়ৰ অধ্যক্ষকে প্রমুখ্য কৰি মহাবিদ্যালয় পৰিয়ালক ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানটিত আদৰণি ভাষণ প্রদান কৰি কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়াই কয়- উচ্চ শিক্ষাৰ আধুনিকীকৰণ, বহুমুখী শিক্ষা, বিজ্ঞান-প্রযুক্তি, কলাৰ অগ্রগতি সম্পর্কত এনে সম্মিলনে নতুন বাট মুকলি কৰিব। তেওঁ কয় যে নতুন নতুন পাঠ্যক্রম, নতুন বিশ্ববিদ্যালয়, জনপ্রিয় বিশ্ববিদ্যালয়সমূহৰ বিষয়ে জনাত এনে সম্মিলনে শিক্ষার্থীসকলক সুবিধা কৰে। তেওঁ কয় কেবল শিক্ষাৰ উত্তৰণেই নহয়, এনে সম্মিলন ডিব্রুগড়ৰ কানৈ মহাবিদ্যালয়ত অনুষ্ঠিত কৰাৰ বাবে ভাৰতবৰ্ষৰ বিভিন্ন প্রান্তৰ পৰা অহা অংশগ্রহণকাৰীসকলে পর্যটন, বাণিজ্যৰ দিশতো চহৰখনক এক সুকীয়া মাত্রা প্রদান কৰিব। তেওঁ এনে সম্মিলনৰ ফলত শৈক্ষিক সহযোগিতা, পৰম্পৰাগত আধুনিক শিক্ষাৰ মিলন, শিক্ষকৰ শিক্ষাদান পদ্ধতিৰ সম্পর্কে নতুন ধ্যান-ধাৰণাৰ সৃষ্টি, অংশগ্রহণকাৰী বিশ্ববিদ্যালয়সমূহৰ পৰা গৱেষণাৰ উদ্ভাবন সম্পর্কত অধিক তথ্য লাভ কৰাত সহায় কৰিছে বুলি মত প্রকাশ কৰে। তেওঁ পুনৰ কয়- কানৈ মহাবিদ্যালয়ৰ উন্নতি, অগ্রগতি সম্পর্কেও সম্মিলনলৈ অহা অংশগ্রহণকাৰীসকলে হৃহৃদয়ত লৈ যাব। অনুষ্ঠানত বিয়িং ব্লিছৰ ৰাষ্ট্ৰীয় সভাপতি চন্দন মজুমদাৰ, কানৈ মহাবিদ্যালয়ৰ শৈক্ষিক পৰিষদৰ সদস্য সচিব ড’ জ্যোতি প্রসাদ ফুকন, গুৰুকুলৰ অধ্যক্ষ বাসবী ভট্টাচার্য, সুভিত ইনস্টিটিউট অব ইঞ্জিনিয়াৰিং এন্ড টেকন’লজিৰ প্রাধ্যাপক ড° সন্দিপ কুমাৰ প্ৰমুখ্যে ভালেসংখ্যক গণ্যমান্য ব্যক্তি আৰু শতাধিক ছাত্র-ছাত্রী উপস্থিত থাকে। উল্লেখ্য যে মুখ্য দ্বাৰৰ পৰা গায়ন-বায়ন আৰু এন চি চিৰ কেডেটে উম্ম আদৰণি জনাই অনা অনুষ্ঠানত মেয়ৰ ডাঃ পাত্র আৰু অধ্যক্ষ ড’ শইকীয়াক ফুলাম গামোছা আৰু ফুলৰ থোপাৰে উম্ম সম্বধনা জ্ঞাপন কৰে। অধ্যক্ষ সহ মেয়ৰ ডাঃ পাত্রই প্রতিখন অংশগ্রহণকাৰী বিশ্ববিদ্যালয়ৰ প্রদর্শনীলৈ গৈ মত বিনিময় কৰে। উল্লেখ্য যে ভাৰতবর্ষৰ বিভিন্ন প্রান্তৰ পৰা অহ্য বিশ্ববিদ্যালয়ৰ অংশগ্রহণকাৰীসকলে এই সম্মিলনৰ সফলতা দাবী কৰে আৰু ২১ এপ্রিলৰ বিয়লি সামৰণি পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *