ব’হাগৰ বিহুৰ পৰম্পৰা আৰু ঐতিহ্য
ড০ সীমান্ত বৰুৱা, শিৱসাগৰ :
অসমৰ সাংস্কৃতিক জীৱনৰ এক অতি গুৰুত্বপূৰ্ণ অংশ হৈছে ব’হাগ বিহু। ই কেৱল এটা উৎসৱ নহয়, বৰং অসমৰ জনজীৱনৰ আনন্দ, ঐক্য, প্ৰেম আৰু কৃষিভিত্তিক সংস্কৃতিৰ এক সুন্দৰ প্ৰতিফলনৰ উৎসৱ। পদ্মনাথ গোহাঞিবৰুৱাই “ডেকা-গাভৰু” নামৰ গ্ৰন্থত বিহুক অসমীয়াৰ জাতীয় ঐক্যৰ সংগমস্থলী বুলি উল্লেখ কৰিছে। ব’হাগ বিহু অসমৰ আটাইতকৈ গুৰুত্বপূর্ণ আৰু আনন্দময় উৎসৱ। এই বিহু অসমীয়াৰ নতুন বছৰৰ আৰম্ভণিৰ লগত জড়িত। বসন্ত ঋতুৰ

ব’হাগ বিহুৰ আৰম্ভণি হয় বুলি উল্লেখ কৰিছে।
চ’ত মাহৰ শেষৰটো দিনত গৰু বিহুৰে ব’হাগ বিহুৰ আৰম্ভণি কৰা হয়। সেইদিনা গৰুক নদী-বিল, খাল বা পুখুৰী,পথাৰৰ পানীত লাহনীৰে পানী ছটিয়াই গা ধুৱাই সিহঁতক যত্ন লোৱা হয় আৰু সুস্বাস্থ্য কামনা কৰা হয়। এইদিনটোত গৰুক মাটি মাহ, হালধি, থেকেৰা,কেটকুৰি হালধি পতাত পিহি গৰুৰ গাত ঘঁহি গা ধুৱায়, যাৰ তাৎপৰ্য হৈছে গৰু ম’হৰ গাত গোটেই বছৰটোলৈ ছালৰ ৰোগ ব্যাধি নহয়। গাধোৱাওতে গৰুৰ গাত লাও, বেঙেনা, তিতা কেৰেলা, কেটকুৰি হালধী,থেকেৰা আদি মৰা হয়। যাৰ দ্বাৰা গৰুৰ জীৰ্ণ শক্তি বাঢ়ে আৰু বহু ৰোগৰ পৰা ৰক্ষা পায় বুলি পৰম্পৰাগত বিশ্বাস। মাহ হালধিত দ্ৰাৱিক গুণ নিহিত থাকে। মাখিয়তী, নৰসিংহ, দীঘলতি গছৰ পাতেৰে গৰু কোবালে গৰুৰ গা শকত হয়। পান খোৱা, ফাঁফৰে খোৱা, ফোহা আদি ৰোগ ভাল হয়। গৰুৰ খুৰা নাফাটিবলৈ এবিধ ৰাসায়নিক মিঠাতেল খোৰাত ঘঁহি দিয়া হয়। ঔষধবিধ হালধি, বচ, নহৰু, হীৰাকচ আদি মিহলাই বটি তাৰ লগত মিঠাতেল সানি তৈয়াৰ কৰে। সেইদিনা মৰাপাটৰ লগত তৰাৰ আঁহ সংযোগ কৰি পকাই নতুন পঘাৰে গৰুক কেচামাটি হাতেৰে লিপা গোহালিত বান্ধে। ৰচিদ কাপোৰৰ পাতি বা এৱাঁ সূতা হালধিয়ে বোলাই লয়। এঁৱাসূতা হৈছে পবিত্ৰতাৰ প্ৰতীক। তৰা হৈছে বসন্তনাশক দ্ৰব্য। গৰুক চাউলৰ পৰা বনোৱা নিমখীয়া পিঠা কলপাতত বান্ধি খাবলৈ দিয়া হয়। সন্ধ্যা বেলা গোহালিমুখত এটি জাক দিয়াৰ পৰম্পৰা আছে। যিটো তৈয়াৰ কৰে বিহলঙনি, শুকান খেৰ, শুকুটা,


ব’হাগ বিহুত জেতুকা গাভৰু, বোৱাৰী, ছোৱালীবিলাকে ব্যৱহাৰ কৰাটো এক অপৰিহাৰ্য্য পৰম্পৰা হিচাপে বিবেচিত হৈ আহিছে। জেতুকা গছৰ পাত পতাত পিহি বটি লৈ হাতত, ভৰিৰ আঙুলিত ফটাকানিৰে ৰাতিটো বান্ধি ৰাখি পিছদিনা গৰুৰ মুতত হাত জুবুৰিয়াই জিলিকাই তোলাও এটা পৰম্পৰাগত নিয়ম আছিল। জেতুকা মূৰৰ চুলিটো ব্যৱহাৰ কৰি চুলিৰ ৰং উজ্বল কৰিছিল। জেতুকাই চুলিৰ যিকোনো ব্যাধি নাশ কৰে বুলি জীয়াৰী,গাভৰু আৰু বোৱাৰী সকলে বিশ্বাস কৰিছিল। হাত-ভৰিৰ আঙুলিত ব্যৱহাৰ কৰিলে নখ চুকীয়া, পবাহ আদি ৰোগৰ পৰা ৰক্ষা পাব পাৰি বুলিও পৰম্পৰাগতভাৱে বিশ্বাস কৰা হৈছিল । জেতুকাৰ লগত পাণ, বৰ্হৰমুৰি, বৰ থেকেৰা, 
অতীতৰ বিহুত জড়ি বা আঁহত গছৰ তলত ডেকা গাভৰু একলগ হৈ নাচিবাগি শৰীৰৰ ঘাম মাটিত পেলাইছিল, যাৰ যোগে শস্যতলী জীপাল হয় বুলি বিশ্বাস কৰিছিল। সমূহীয়া নৃত্যৰ মাজেদি প্ৰেম আৰু প্ৰজনন শক্তি বৃদ্ধিৰ কামনা কৰা হৈছিল। ড০ লীলা গগৈয়ে ‘বিহুগীত আৰু বনঘোষা”ত কৈছে বিহু বুলিলে গা সাতখন আঠখন নকৰা অসমীয়া নাই বুলিলেও হয়। কিন্তু তাহানি চ’তৰ বিহু আৰু ব’হাগৰ বিহু বুলিলে দুটা সুকীয়া বিহুক বুজাইছিল। গোটেই চ’তৰ মাহটো ডেকা গাভৰুৱে বিহু পাতিছিল। এই বিহুত যৌনাসক্তিপূৰ্ণ গীত গাই ডেকা গাভৰুৱে মনৰ ভাৱ বিনিময় কৰাটো একো আচৰিত নাছিল। কিন্তু সাধাৰণতে ডেকাই ডেকাৰ ভাগে, গাভৰুৱে গাভৰুৰ ভাগে সুকীয়াকৈ বিহু পাতিছিল। ডেকাৰ বিহুৰ সমল আছিল ঢোল, পেঁপা, গগনা আৰু তাল। গাভৰুৰ বাদ্য আছিল টকা আৰু গগনা। এই বিহু এমাহ জুৰি চলিছিল। গাভৰুৰ ৰাতি বিহু দুকুৰি ডেৰ কুৰি বছৰমানৰ আগলৈকে শিৱসাগৰ মহকুমাৰ কিছুমান ভিতৰুৱা অঞ্চলত চলি আছিল। ডেকাৰ ৰাতি বিহু অঞ্চল বিশেষত এতিয়াও চলি আছে। এনেকুৱা ৰাতি বিহুত গোৱা নামবোৰত কোনো আঁৰ বেৰ নাছিল। চৰম আনন্দ প্ৰকাশেই আছিল মুখ্য উদ্দেশ্য। আদিম কৃষিজীৱী সমাজৰ লোকবিশ্বাস আজি বৈজ্ঞানিক সত্যত পৰিণত হৈছে। সংগীতৰ প্ৰভাৱত ধান খেতিৰ উৎপাদন বৃদ্ধি পায়। এইটো কুৰি শতিকাৰ পৰীক্ষালব্ধ বৈজ্ঞানিক সত্য। আদিম কৃষিজীৱী সমাজে এই তথ্য প্ৰকৃতিৰ পৰা পাইছিল আৰু আহু ধানৰ উৎপাদন বঢ়াইছিল। ধান খেতিৰ বুৰঞ্জীটো শালিতকৈ আহুহে আগ। বসন্তৰ পৰশ লাগি উন্মনা হোৱা প্ৰকৃতিক পৰিৱেশৰ লগত সুৰ মিলাই হিয়া অডিয়াই আনন্দ প্ৰকাশ কৰিছিল, ডেকা গাভৰুৰ নাচোনৰ গিৰিপনিত পৃথিৱীৰ শস্য সম্ভৱ হৈছিল আৰু খেতিয়কৰ আশাৰ, হেঁপাহৰ ধানমুঠি সোণ জিলিকাদি জিলিকি উঠিছিল। আদিম কৃষকৰ এটা ধাৰণা আছিল, যৌন প্ৰবৃত্তিমূলক গীত গালে পৃথিৱীৰ গাতো যৌনে উত্তেজনাই দেখা দিব আৰু শস্য সম্ভৱা হৈ উঠিব, সেয়ে ৰাতি বিহুৰ গীতবোৰ স্বাভাৱিকতে যৌন উদ্দীপক আছিল।
চাও লোকেশ্বৰ গগৈযে তেখেতৰ অসমৰ লোকসংস্কৃতি-৩ খণ্ডত উল্লেখ কৰিছে যে অতীতত বিহু নৃত্যই প্ৰজনন প্ৰক্ৰিয়াৰ চেতনা জগাই তুলিছিল বুলি লোক বিশ্বাস আছিল। শস্যক সন্তানৰ প্ৰতীক হিচাপে তুলনা কৰা হৈছিল। বিহু নৃত্যই যিমানেই উদ্যম গতি চলিছিল সিমানেই শস্যৰ উৎপাদন বৃদ্ধি হৈছিল। মানুহৰ সন্তান বৃদ্ধিৰ দৃঢ় ৰহস্য ইয়াতেই নিহিত হৈ আছে। ইয়াৰ মাজতে নিহিত হৈ আছে সৃষ্টিৰ কামনা বাসনা, যিটো আদিম মানৱৰ মূল প্ৰবৃত্তি। মূল ভিত্তিক কৃতজ্ঞতা স্বীকাৰ কৰিবলৈ যাওঁতে বিহু নৃত্যক মাধ্যম হিচাপে লৈছিল, যাক মানুহে অশ্লীল বুলি উপহাস কৰিছিল। নাচনীয়ে দেৱা চালি, মাঘ বিছালি, বৰ্হমথুৰি তামোলৰ লগত খাই কোঠ ৰঙা কৰি লৈছিল আৰু প্ৰকৃতিৰ কপৌফুল খোপাত মেৰিয়াই লৈছিল। অতীতৰ গাভৰু বিহুত পথাৰৰ মাজৰ জৰী বা আঁহত গছ এজোপা বাচি লৈ তাৰ তলত গাভৰুবিলাক একেলগ হয়। তাৰে ভিতৰত ৰাংঢালি গাভৰু এগৰাকী মনোনীত কৰি পুৱাই গছৰ তললৈ যাত্ৰা কৰে। টলিখন চাফ চিকুণ কৰি পানী ছটিয়াই প্ৰবৃত্ত কৰি আগলি কলপাত এখন আগ কৰে, য’ত সজাই পৰাই থয় তামোল পাণ। ইয়াৰ তাৎপৰ্য হৈছে বিহু মাৰোঁতে কিবা দায়দোষ হ’লে ক্ষমা কৰিবলৈ আৰু অপ দেৱ- দেৱীৰ পৰা অন্যায় ৰক্ষা কৰিবলৈ। ইয়াৰ অন্তত গাই
ড০ লীলা গগৈয়ে বিহুৰ সৰ্ম্পকে কৈছিল যে “কৈনো কৈ থাকিলে ওৰকে নপৰে ব’হাগৰ বিহুৰে কথা।” তেওঁৰ মতে বিহু হ’ল চতৰ সংক্ৰান্তিৰ দিনাৰ পৰা বহাগৰ ছদিনলৈকে, ইয়াক সাতবিহু বোলে। বিহুৰ আগদিনাক উৰুকা বোলে। চ’তৰ সংক্ৰান্তিৰ দিনা গৰু বিহু। তাৰ পিছত মানুহ বিহু, হাত বিহু, চেনেহী বিহু, মাইকী বিহু, ৰঙালী বিহু, চেৰা বিহু, এনেকৈ সাতবিধৰ সাতোটা নাম আছে। বহাগৰ বিহুৰ জাল জলপান খোৱা, মান সৎকাৰ কৰা, বিহুৱা আদি নীতি নিয়ম আৰু সংস্কাৰৰ উপৰিও আটাইতকৈ আকৰ্ষণীয় আৰু উল্লেখযোগ্য অনুষ্ঠান হ’ল হুঁচৰি কোৱা। ব্ৰহ্মদেশত আজিকালিও বহাগ বিহুৰ সময়ত হুঁচৰি গাওঁতে ৰাজ আলীয়েদি গৈ থাকে। ঘৰৰ গৃহস্থই সপৰিয়ালে ওলাই গৈ মাননী শৰাই দি আশীৰ্বাদ লয়। আমাৰ দেশটো একালত তেনেকৈয়ে হুঁচৰি গাইছিল যেন অনুমান হয়। কিন্তু সামন্ত বা মধ্যযুগত ৰজা দাদাগৰীয়া আনকি তোষামোদ কৰিবৰ বাবে তেওঁবিলাকৰ চোতালত হুঁচৰি গাই আশীৰ্বাদ দিয়াৰ পিছৰ পৰাই 
ৰাইজৰ চোতালত থিয় হৈ হুঁচৰি গোৱা বিহু নামত অশ্লীলতা বা যৌনগন্ধ থাকিব নোৱাৰে আৰু নাই। আচল বিহু নামবোৰত বিহুৰ প্ৰতি মৰম আৰু হেঁপাহ, আনন্দ প্ৰকাশৰ উগ্ৰীবতা আৰু গৃহস্থক কৰ্তব্যৰ সকিয়নি দিয়াৰ ভাৱহে প্ৰকাশিত হয়। নিতান্তই যৌনগন্ধি গীত হুঁচৰিত আচল। কোনো এঘৰ মানুহৰ চোতালত থিয় হৈয়েই হুঁচৰি দলে “হৈ ধ্বনি উৎসৱ কৰিয়ে” বা “গৃহস্থৰ কুশলৰ অৰ্থে” বুলি এষাৰী আশীৰ্বাদ বৰীখন কৰি ঢোলত চাপৰ মাৰে। তাৰ পিছত হুঁচৰিৰ ঘোঁষা লগাই হুঁচৰি আৰম্ভ কৰে। হুঁচৰি গীতৰ পদ হিচাপে হুঁচৰি গীতৰ বাহিৰেও পগলা পাৰ্বতীৰ গীত, ফুলকোঁৱৰৰ গীত, মণি কোঁৱৰৰ গীত আদি মালিতা ব্যৱহাৰ হোৱা দেখা যায়। হুঁচৰি গাঁৱতে কোনো কোনো ঠাইত ঘূৰণীয়াকৈ মেৰ পাতি, কঁকালত ধৰা ধৰিকৈ গায়, তাকে লহৰী খেলা বোলে।
“হাতৰে চাপৰি আহক টানে কৰি
ভৰিৰ গিৰিপনি, লহ ঐ লহৰীয়া।”
লহৰী খেলত চোতালৰ লয়ৰ লগত হাতৰ চাপৰি আৰু ভৰিৰ খোজৰ ছন্দ মিলি যোৱাটো বৈশিষ্ট্যপূৰ্ণ। হুঁচৰি বা লহৰি খেলা শেষ হোৱাৰ পাছত গৃহস্থক এজাৰৰী আশীর্বাদ দিয়ে। তাৰপিছত গীতৰ জোৰণি, বিহুৰ বৰ্ণনা, দেউতা স্বৰ্গদেউৰ নাম কোন বৰ্ণনা আদিয়ে বিহু পকি উঠে। হুঁচৰি লৰা ডেকা বুঢ়া সন্মিলিত হৈ গায়, গাভৰুৰ তাত ভাগ নাই, স্থান নাই। এই সময়ত “ঢোল বজাই যেনেকৈ নেনাচি থাকো কেনেকৈ হয়।’ বুলি সকলোৱে এপাক নাচে। ঢোলৰ চাপৰ, পেপাৰ লহৰ, নামৰ জাউৰীত বিহুবলীয়া অসমীয়াই মন প্ৰাণ উটুৱাই দিয়ে। সেই সময়ত মৰা গৰুৰ চালেও বেবায়, শালৰ হাতীও মুকলি হয়, মানুহৰ যে কথাই নাই বুলি উল্লেখ কৰিছে।
গৃহস্থৰ চোতাললৈ হুঁচৰি নিজে আহিলে কথাই নাই, গৃহস্থই মাতি আনিও হুঁচৰি গোৱায়। হুঁচৰিৰ অন্তত এটি তামোল পাণ, দুটিমান পইচা, এখনি হাঁচতিৰে হুঁচৰি যোৰাক মাননি শৰাই দিয়ে। গৃহস্থই শ্ৰদ্ধা আৰু ভকতিৰে সিয়া উদিয়াই দিয়া শৰাইখন গ্ৰহণ কৰি হুঁচৰিয়ে কুশল কামনাৰ আশীর্বাদ দিয়ে। হুঁচৰি সামৰণি পৰে। শৰাইখন বা মাননীটো পাবই সন্দেহ নাই, তথাপি গৃহস্থৰ লগত ধেমালি কৰিবলৈকো “ৰূপৰ চকলা নেপালে নেৰোঁ, “এখনি হাচটি উলিয়াই নিদিলে শৰাইলৈ নেমেলোঁ হাত”, ” এইঘৰ মানুহক কোনে চৰজিলে মৰম নাইকিয়া কৰি” ইত্যাদিৰ গীত জোৰা হয়। কিন্তু আচলতে এই চলতে ঢুলীয়া, নাচনী, শিপিনী আদিক জোৰদি নামো গোৱা হয়।
বিহুগীতৰ লগত দীঘলীয়া জাতৰ নাচনী ছেৱৰ গীতো আছে। এই নাম জাতবোৰ ঠাই অনুসৰি দীঘল, ছুটি বা লেহেতীয়া হয়। তদুপৰি ঠাই বিশেষে অন্যান্য গীতৰো সুৰৰ পাৰ্থক্য দেখা যায়। বিশেষকৈ যোৱা কেইবছৰমানৰ ভিতৰত বিহু নামৰ 
বিহু অসমীয়া জাতীয় জীৱনৰ উৎসাহ বিজড়িত জাতীয় উৎসৱ। বিহু নামত বিহু উৎসৱৰ প্ৰতি অসমীয়াৰ আকুল আগ্ৰহ ফুটি ওলাইছে। বহাগ বিহুৰ কথা কৈ থাকিলেও ওৰ নপৰে, হাততে মলঙি যায়। মুগাৰ মুহুৰতকৈও মৰমৰ বিহুটি নপতাকৈ কোনে থাকিব পাৰে। বিহুৰ বতৰত ফুলপানী চিগাত ঢোলৰ মাত শুনি উজতিত যঁটৰ ভাঙি যাবলৈকো মন যায়। কিন্তু বছেৰেকৰ মূৰত অহা বহাগৰ বিহুটি ধন দি ৰাখিবও নোৱাৰি।
চ’তে গৈ গৈ বহাগে পালেহি
ফুলিলে ভেবেলী লতা
কৈনো থাকিলে উৰকে নপৰে
বহাগৰ বিহুৰে কথা।
অসমীয়াৰ প্ৰাণৰো প্ৰাণ ব’হাগ বিহু কেৱল আনন্দৰ উৎসৱেই নহয়, ই অসমীয়াৰ সংস্কৃতি, ঐতিহ্য আৰু সামাজিক একতাৰ প্ৰতীক। এই বিহুৰ জৰিয়তে মানুহে পৰস্পৰৰ সৈতে মিলি-মিশি থাকিবলৈ শিকে আৰু নতুন বছৰৰ বাবে আশা আৰু উৎসাহ লাভ কৰে। সাধাৰণতেই ব’হাগ বিহুত ল’ৰা-ছোৱালীবোৰে বিধে বিধে খেলা-ধূলাও কৰে। কড়ি খেল, কুকুৰা যুঁজ, কণী যুঁজ, হেন চৰাই যুঁজ ইত্যাদি। তদুপৰি হাতী, ম’হ, পেং, হৈ গুডু, গছ কুমতি, টাংগুটি, বাঘ গৰু, ঢাল খেল
বহাগ মাহৰ প্ৰথম দিনৰ পৰা বিহু মৰা আৰম্ভ আৰু মাহৰ শেষত বিহুৰ সামৰণি মাৰে। অৱশ্যে ঠাই ভেদে বিজুৰীয়া বাৰতহে বিহুৰ যৱনিকা পেলায়। বিহুৰ শেষৰ দিনা গাঁৱৰ নামনিত গোৱাপান এযোৰ আৰু বিহুৱান এখন দি বিহু উৰুৱায়। ডেকা গাভৰুসকলে বিহুৱানখনিৰ গছৰ আগত আৰে আৰু পাছলৈ নোচোৱাকৈ ঘৰলৈ উভতে। পাছলৈ দৃষ্টি নিক্ষেপ কৰিলে অমংগল হয় বুলি তেওঁলোকে বিশ্বাস কৰে। গাভৰুসকলেও বিহু উৰুৱাৰ দিনা টকা আদি ভাঙি ঘৰমোৱা হয়। ডেকাসকলে হুঁচৰি মাৰি সংগ্ৰহ কৰা ধনেৰে বিহুতলীত প্ৰীতিভোজ খোৱাৰ নিয়ম। কোনোৱে আকৌ নামঘৰত ডেকা গাভৰুসকলে মিলিহে এনেধৰণৰ ভোজৰ ব্যৱস্থা কৰে। বিহুৰ হুঁচৰি দলৰ দলপতিয়ে নিজ নিজ ঘৰতো এনেধৰণৰ প্ৰীতিভোজ পাতি নিজৰ নিজৰ দলক নিমন্ত্ৰণ কৰি খোৱাই বোৱাই বিহুৰ সামৰণি পেলায়। প্ৰীতিভোজলৈ গাঁৱৰ জ্ঞাতি-কুটুম আৰু আত্মীয়-স্বজন সকলকো নিমন্ত্ৰণ কৰা হয়।
ম’বাইল নম্বৰ: ৯৯৫৭৮৯০৬৫৮
(বি:দ্ৰ: প্ৰৱন্ধটি সহায় লৈ প্ৰস্তুত কৰা হৈছে।)