ঢকুৱাখনাত কেন্দ্ৰীয় বীৰাঙ্গনা সতী সাধনী দিৱস উদযাপন
নাৰী বাহিনী গঠন কৰা এছিয়া মহাদেশৰ প্ৰথম মহিলা সতী সাধনী – অমিয় কুমাৰ বৰা
ঢকুৱাখনাৰ ৰাজপথত বৰ্নিল সাংস্কৃতিক শোভাযাত্ৰা
ঢকুৱাখনা:
অসম বুৰঞ্জীৰ অন্যতম সাহসী নাৰী, চুতীয়াজাতিৰ শেষৰগৰাকী ৰাণী বীৰাংগনা সতী সাধনীৰ ৫০৩ সংখ্যক স্মৃতি দিৱস ঢকুৱাখনাত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়।অসম চৰকাৰৰসাংস্কৃতিক সঞ্চলকালয়ৰ উদ্যোগত ,সদৌ চুতীয়া জাতি সন্মিলন,অসম তথা চুতীয়া জনগোষ্ঠীৰ ভাতৃ-ভগ্নী সংগঠনসমূহৰ সহযোগত আৰু ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ আতিথ্যত কালিৰে পৰা ঢকুৱাখনা ৰাজহুৱা খেলপথাৰত এই স্মৃতি দিৱস পালন কৰা হয়। সোমবাৰৰ পুৱাৰ পৰাই এক উখল-মাখল পৰিৱেশৰ মাজত আৰম্ভ হোৱা এই অনুষ্ঠানত চুতীয়া জাতিৰস্বাভিমান আৰু ঐতিহ্যৰ প্ৰতিফলন দেখিবলৈ পোৱা যায়।চুতীয়া জাতি সন্মিলনৰ কাৰ্যকৰী সভাপতি গোবিন চন্দ্ৰ চুতীয়াৰ পৌৰোহিত্যত দুপৰীয়া অনুষ্ঠিত হোৱা মুকলি সভাখন উদ্ধোধন কৰে সন্মিলনৰ উপদেষ্টা ড° ৰমেশ চন্দ্ৰ চুতীয়াই।মুকলি সভাত সদৌ চুতীয়া জাতি সন্মিলনৰ উপদেষ্টা অমিয় কুমাৰ বৰাই নিৰ্দিষ্ট বক্তাৰ ভাষণত কয় - ১৫২৩ চনৰ আজিৰ দিনটোতে অৰ্থাৎ৭ ব'হাগতেই চুতীয়া ৰাজ্যৰ অৱসান ঘটিছিল।আজিৰ দিনটোত আমি জাতিটোৰ সকলো নাগৰিক একত্ৰিত হৈ স্বাভিমানী জাতিটোক অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক -সাংস্কৃতিক আৰু শৈক্ষিক দিশত আগুৱাই নিয়াৰ সংকল্প লোৱা উচিত।নিজৰ ভাষণত বৰাই কয় যে সতী সাধনী এছিয়া মহাদেশৰ প্ৰথম মহিলা যিয়ে নিজৰ জাতিৰ আৰু ৰাজ্যৰ সুৰক্ষাৰ বাবে নাৰী বাহিনী গঠন কৰিছিল। স্বাভিমানী এইগৰাকী মহিয়সী নাৰীয়ে আহোম সেনাবাহিনীৰ হাতত পৰাস্ত হৈ আত্মসমৰ্পণ কৰাতকৈ মৃত্যুকে শ্ৰেয় বুলি বিবেচনা কৰি কুবেৰপ্ৰদত্ত সোণৰ মেকুৰী,ঢাল আৰু তৰোৱাল লৈ চন্দন গিৰি পৰ্বতৰ পৰা জপিয়াই প্ৰাণত্যাগ কৰিছিল। এওঁ ঝান্সীৰ ৰাণী লক্ষ্মীবাই,মুলাগাভৰু আৰু জয়মতীৰ পূৰ্বেই স্বৰাজ্য আৰু স্বজাতিৰ বাবে আত্মত্যাগ কৰি ইতিহাস ৰচনা কৰিছিল।নিৰ্দিষ্ট বক্তা বৰাই আৰু কয় যে ১১৮৭ চনত বীৰপালে দ্বিতীয় বাৰৰ বাবে চুতীয়া ৰাজ্য গঠন কৰিছিল। ইয়াৰ পূৰ্বে চীনৰ চ্যু প্ৰদেশৰ পৰা অসমভিন্ন নামৰ এজন লোকে চুতীয়া ৰাজ্য প্ৰতিষ্ঠা কৰিছিল।
বৰাই এসময়ৰ ৰাজ পৰিয়ালৰ চুতীয়া জাতিৰ লোকসকলক লৈ বৃটিছৰ শাসন কালৰ পৰা বৰ্তমানৰ চৰকাৰখনেও জনজাতি কৰণৰ নামত হেতালি খেলি আছে।১৯৩৫ চনৰ এক্টতে বৃটিছে চুতীয়া জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰাৰ প্ৰস্তাৱ দিছিল কিন্তু সেই প্ৰস্তাৱ আজিলৈকে কাৰ্যকৰী নহ'ল বুলি আক্ষেপ প্ৰকাশ কৰে। উক্ত মুকলি সভাতে ৫০৩ সংখ্যক বীৰাঙ্গনা সতী সাধনী দিৱসৰ উপলক্ষে প্ৰকাশিত আৰু ৰাজীৱ বৰুৱাৰ দ্বাৰা সম্পাদিত স্মাৰক গ্ৰন্থ "বীৰাঙ্গনা" উন্মোচন কৰে ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° বুধিন বৰুৱাই।মুকলি সভাখনতসদৌ অসম আহোম সভাৰ সভাপতি শশাঙ্ক নেওগ,সদৌ অসম মটক সন্মিলনৰ সম্পাদক কিৰণ ৰাজখোৱা আৰু সদৌ অসম মৰাণ সভাৰ সভাপতি ৰাজীৱ বৰুৱা,অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অতিৰিক্ত সচিব ৰঞ্জিত স্বৰ্গীয়াৰীকে আদি কৰি বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইয়াৰ পূৰ্বে পুৱা ১১ বজাত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়। চুতীয়া জনগোষ্ঠীৰ চহকী ঐতিহ্য -পৰম্পৰা, সংস্কৃতিৰ লগতে লোকাচাৰ আদিক প্ৰতিফলিত কৰা শোভাযাত্ৰাটি উদ্ধোধন কৰে বাসুদেৱ থান নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ ভূপেন্দ্ৰ নাথ দেৱগোস্বামীয়ে।৯১ বছৰীয়া সত্ৰাধিকাৰ শ্ৰীশ্ৰী ভূপেন্দ্ৰ নাথ দেৱগোস্বামীয়ে অসম আৰু অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত সতী সাধনীৰ অৱদান শ্ৰদ্ধাৰে স্মৰণ কৰি তেওঁৰ আদৰ্শক অনুসৰণ কৰি জাতিটোক সমৃদ্ধ কৰিবলৈ সকলোকে আহ্বান জনায়।বিভিন্ন জনগোষ্ঠীয় নৃত্য-গীত আৰু বাদ্যৰে উলিওৱা এই শোভাযাত্ৰাত অংশগ্ৰহণকাৰীসকলে বীৰাংগনাগৰাকীৰ বীৰত্বক স্মৰণ কৰি এক স্বকীয় পৰিৱেশৰ সৃষ্টি কৰে।আনহাতে ২০ এপ্ৰিল প্ৰথম দিনাৰ কাৰ্যসূচী পুৱা ৯ বজাত ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ সভাপতি দিব্য খনিকৰে কৰা পতাকা উত্তোলনৰে আৰম্ভ হয়। ইয়াৰ পিছত সতী সাধনীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে চুতীয়া উন্নয়ন পৰিষদৰ সদস্যা ৰূপাঞ্জলী খনিকৰে আৰু স্মৃতি তৰ্পণ কৰে সদৌ চুতীয়া জাতি সন্মিলনৰ সম্পাদক নৃপেন খনিকৰে। দুপৰীয়া ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ প্ৰতিনিধি সভা অনুষ্ঠিত হয়। উক্ত সভাত বসন্ত শইকীয়াক সভাপতি আৰু পৰাগ শইকীয়াক সম্পাদকৰ দায়িত্ব দি জিলা সমিতিৰ নতুন কাৰ্য নিৰ্বাহক সমিতি গঠন কৰা হয়। সন্ধিয়া গণশিল্পী ৰাজীৱ শদিয়াৰ স্মৃতিত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানটো শুভ উদ্বোধন কৰে চুতীয়া যুৱ সন্মিলন, অসমৰ সভাপতি কৌস্তুভ কিশোৰ চুতীয়াই। ইফালে কালি নিশা
অনুষ্ঠিত জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সোঁৱৰণী সাংস্কৃতিক সন্ধিয়াটি উদ্ধোধন কৰে এল টি কে কলেজৰ সহযোগী অধ্যাপক ডঃ ৰণদ্বীপ বৰাই।
অসম চৰকাৰৰসাংস্কৃতিক সঞ্চলকালয়ৰ উদ্যোগত ,সদৌ চুতীয়া জাতি সন্মিলন,অসম তথা চুতীয়া জনগোষ্ঠীৰ ভাতৃ-ভগ্নী সংগঠনসমূহৰ সহযোগত আৰু ঢকুৱাখনা
জিলা চুতীয়া জাতি সন্মিলনৰ আতিথ্যত কালিৰে পৰা ঢকুৱাখনা ৰাজহুৱা খেলপথাৰত এই স্মৃতি দিৱস পালন কৰা হয়। সোমবাৰৰ পুৱাৰ পৰাই এক উখল-মাখল পৰিৱেশৰ
মাজত আৰম্ভ হোৱা এই অনুষ্ঠানত চুতীয়া জাতিৰস্বাভিমান আৰু ঐতিহ্যৰ প্ৰতিফলন দেখিবলৈ পোৱা যায়।চুতীয়া জাতি সন্মিলনৰ কাৰ্যকৰী সভাপতি গোবিন চন্দ্ৰ চুতীয়াৰ
পৌৰোহিত্যত দুপৰীয়া অনুষ্ঠিত হোৱা মুকলি সভাখন উদ্ধোধন কৰে সন্মিলনৰ উপদেষ্টা ড° ৰমেশ চন্দ্ৰ চুতীয়াই।মুকলি সভাত সদৌ চুতীয়া জাতি সন্মিলনৰ উপদেষ্টা
অমিয় কুমাৰ বৰাই নিৰ্দিষ্ট বক্তাৰ ভাষণত কয় - ১৫২৩ চনৰ আজিৰ দিনটোতে অৰ্থাৎ৭ ব'হাগতেই চুতীয়া ৰাজ্যৰ অৱসান ঘটিছিল।আজিৰ দিনটোত আমি জাতিটোৰ সকলো
নাগৰিক একত্ৰিত হৈ স্বাভিমানী জাতিটোক অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক -সাংস্কৃতিক আৰু শৈক্ষিক দিশত আগুৱাই নিয়াৰ সংকল্প লোৱা উচিত।নিজৰ ভাষণত বৰাই
কয় যে সতী সাধনী এছিয়া মহাদেশৰ প্ৰথম মহিলা যিয়ে নিজৰ জাতিৰ আৰু ৰাজ্যৰ সুৰক্ষাৰ বাবে নাৰী বাহিনী গঠন কৰিছিল। স্বাভিমানী এইগৰাকী মহিয়সী নাৰীয়ে আহোম
সেনাবাহিনীৰ হাতত পৰাস্ত হৈ আত্মসমৰ্পণ কৰাতকৈ মৃত্যুকে শ্ৰেয় বুলি বিবেচনা কৰি কুবেৰপ্ৰদত্ত সোণৰ মেকুৰী,ঢাল আৰু তৰোৱাল লৈ চন্দন গিৰি পৰ্বতৰ পৰা জপিয়াই
প্ৰাণত্যাগ কৰিছিল। এওঁ ঝান্সীৰ ৰাণী লক্ষ্মীবাই,মুলাগাভৰু আৰু জয়মতীৰ পূৰ্বেই স্বৰাজ্য আৰু স্বজাতিৰ বাবে আত্মত্যাগ কৰি ইতিহাস ৰচনা কৰিছিল।নিৰ্দিষ্ট বক্তা বৰাই আৰু
কয় যে ১১৮৭ চনত বীৰপালে দ্বিতীয় বাৰৰ বাবে চুতীয়া ৰাজ্য গঠন কৰিছিল। ইয়াৰ পূৰ্বে চীনৰ চ্যু প্ৰদেশৰ পৰা অসমভিন্ন নামৰ এজন লোকে চুতীয়া ৰাজ্য প্ৰতিষ্ঠা কৰিছিল।
বৰাই এসময়ৰ ৰাজ পৰিয়ালৰ চুতীয়া জাতিৰ লোকসকলক লৈ বৃটিছৰ শাসন কালৰ পৰা বৰ্তমানৰ চৰকাৰখনেও জনজাতি কৰণৰ নামত হেতালি খেলি আছে।১৯৩৫ চনৰ এক্টতে
বৃটিছে চুতীয়া জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰাৰ প্ৰস্তাৱ দিছিল কিন্তু সেই প্ৰস্তাৱ আজিলৈকে কাৰ্যকৰী নহ'ল বুলি আক্ষেপ প্ৰকাশ কৰে। উক্ত মুকলি সভাতে
৫০৩ সংখ্যক বীৰাঙ্গনা সতী সাধনী দিৱসৰ উপলক্ষে প্ৰকাশিত আৰু ৰাজীৱ বৰুৱাৰ দ্বাৰা সম্পাদিত স্মাৰক গ্ৰন্থ "বীৰাঙ্গনা" উন্মোচন কৰে ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত
অধ্যক্ষ ড° বুধিন বৰুৱাই।মুকলি সভাখনতসদৌ অসম আহোম সভাৰ সভাপতি শশাঙ্ক নেওগ,সদৌ অসম মটক সন্মিলনৰ সম্পাদক কিৰণ ৰাজখোৱা আৰু সদৌ অসম
মৰাণ সভাৰ সভাপতি ৰাজীৱ বৰুৱা,অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অতিৰিক্ত সচিব ৰঞ্জিত স্বৰ্গীয়াৰীকে আদি কৰি বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
ইয়াৰ পূৰ্বে পুৱা ১১ বজাত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়। চুতীয়া জনগোষ্ঠীৰ চহকী ঐতিহ্য -পৰম্পৰা, সংস্কৃতিৰ লগতে লোকাচাৰ আদিক প্ৰতিফলিত কৰা
শোভাযাত্ৰাটি উদ্ধোধন কৰে বাসুদেৱ থান নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ ভূপেন্দ্ৰ নাথ দেৱগোস্বামীয়ে।৯১ বছৰীয়া সত্ৰাধিকাৰ শ্ৰীশ্ৰী ভূপেন্দ্ৰ নাথ দেৱগোস্বামীয়ে অসম আৰু অসমীয়া
জাতি গঠন প্ৰক্ৰিয়াত সতী সাধনীৰ অৱদান শ্ৰদ্ধাৰে স্মৰণ কৰি তেওঁৰ আদৰ্শক অনুসৰণ কৰি জাতিটোক সমৃদ্ধ কৰিবলৈ সকলোকে আহ্বান জনায়।বিভিন্ন জনগোষ্ঠীয়
নৃত্য-গীত আৰু বাদ্যৰে উলিওৱা এই শোভাযাত্ৰাত অংশগ্ৰহণকাৰীসকলে বীৰাংগনাগৰাকীৰ বীৰত্বক স্মৰণ কৰি এক স্বকীয় পৰিৱেশৰ সৃষ্টি কৰে।আনহাতে ২০ এপ্ৰিল প্ৰথম দিনাৰ
কাৰ্যসূচী পুৱা ৯ বজাত ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ সভাপতি দিব্য খনিকৰে কৰা পতাকা উত্তোলনৰে আৰম্ভ হয়। ইয়াৰ পিছত সতী সাধনীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে
চুতীয়া উন্নয়ন পৰিষদৰ সদস্যা ৰূপাঞ্জলী খনিকৰে আৰু স্মৃতি তৰ্পণ কৰে সদৌ চুতীয়া জাতি সন্মিলনৰ সম্পাদক নৃপেন খনিকৰে। দুপৰীয়া ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ
প্ৰতিনিধি সভা অনুষ্ঠিত হয়। উক্ত সভাত বসন্ত শইকীয়াক সভাপতি আৰু পৰাগ শইকীয়াক সম্পাদকৰ দায়িত্ব দি জিলা সমিতিৰ নতুন কাৰ্য নিৰ্বাহক সমিতি গঠন কৰা হয়।
সন্ধিয়া গণশিল্পী ৰাজীৱ শদিয়াৰ স্মৃতিত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানটো শুভ উদ্বোধন কৰে চুতীয়া যুৱ সন্মিলন, অসমৰ সভাপতি কৌস্তুভ কিশোৰ চুতীয়াই। ইফালে কালি নিশা
অনুষ্ঠিত জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সোঁৱৰণী সাংস্কৃতিক সন্ধিয়াটি উদ্ধোধন কৰে এল টি কে কলেজৰ সহযোগী অধ্যাপক ডঃ ৰণদ্বীপ বৰাই।