পূব ডিব্ৰুগড় সাহিত্য সভাৰ ‘নিজৰ দিন’
চাৰি বয়োজ্যোষ্ঠক সন্মান
চাইন অন ডেস্ক:

চহৰৰ বৃহত্তৰ নালিয়াপুল অঞ্চলক সামৰি প্ৰতি বছৰে সমাজৰ বিভিন্ন ক্ষেত্ৰত উল্লেখনীয় বৰঙণি আগবঢ়োৱা ব্যক্তিক ৰঙালী বিহু আৰু অসমীয়া নতুন বছৰৰ ওলগ জনাই আহিছে। এইবছৰ চাৰিগৰাকী বয়োজ্যেষ্ঠ ব্যক্তিক ফুলাম গামোচা, থুৰীয়া তামোল-আৰু অসম সাহিত্য সভাৰ “ওলগনি পত্ৰ”ৰে সন্মানিত কৰা হয়। সন্মানিত কৰা সকল হৈছে-ড০ সত্য দেব প্ৰসাদ,(৮৬) ডিব্ৰু মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰাক্তন সহযোগী অধ্যাপক, ৰজনী গগৈ (৭৬) অৱসৰী শিক্ষক তথা পূব ডিব্ৰুগড় সাহিত্য সভাৰ প্ৰাক্তন আলোচনা চক্ৰৰ সম্পাদক, সদা দুৱৰা(৭৬) শিক্ষা, সাহিত্য-সংস্কৃতিৰ লগত জড়িত প্ৰতিষ্ঠিত ব্যৱসায়ী , ড০ দিলীপ কুমাৰ ভূঞা (৬৮) ডিব্ৰুগড় হনুমান বক্স সূৰজমল কানৈ মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান অধ্যাপনা কৰাৰ পাছত মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ অধ্যক্ষৰূপে অৱসৰ গ্ৰহণ কৰে। পূৰ্বৰ দৰে আগন্তুক বৰ্ষসমূহতো পূব ডিব্ৰুগড় সাহিত্য সভাই এনেধৰণৰ জনকল্যাণমূলক শুভ কাম কৰি যাব বুলি শাখাৰ সভাপতি ধনীৰাম বৰুৱাই অৱগত কৰে।