...

ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানীৰ মৰ্যাদা প্ৰদানৰ প্ৰস্তুতি

ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানীৰ মৰ্যাদা প্ৰদানৰ প্ৰস্তুতি

ডিএমচিৰ মহানগৰত ব্যাপক উচ্ছেদ অভিযান

চাইন অন ডেস্ক,৭জুন:

ডিব্ৰুগড় পৌৰ নিগমে ডিব্ৰুগড়ৰ সমগ্ৰ মহানগৰখনৰ পথৰ কাষৰ অবৈধ ব্যৱসায়ীসকলৰ বিৰুদ্ধে এক ব্যাপক উচ্ছেদ অভিযান আৰম্ভ কৰিছে। অসমৰ দ্বিতীয়খন ৰাজধানী হোৱাৰ দিশে অগ্ৰসৰ হোৱা মহানগৰখনত সাধাৰণ নাগৰিকৰ শৃংখলা ঘূৰাই অনাৰ এক গুৰুত্বপূৰ্ণ প্ৰয়াস হিচাপে ফুটপাথ, পাৰ্কিং জ’ন আৰু ৰাজহুৱা স্থানসমূহত হোৱা বেদখলক লক্ষ্য কৰি এই অভিযান চলোৱা হয়।ডিএমচিৰ ভাৰপ্ৰাপ্ত আয়ুক্ত নৱাস দাসৰ নেতৃত্বত পৌৰ নিগমৰ দলসমূহে নিৰাপত্তাৰক্ষীৰ সৈতে অসম চিকিৎসা মহাবিদ্যালয় পথ, আৰ কে বি পথ আৰু এইচ এছ ৰোডকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ অঞ্চলত অভিযান চলায়। যিবোৰ অঞ্চলত বেছিভাগেই কতৃপক্ষৰ অনুমতি নোহোৱাকৈ দোকান-পোহাৰ চলাই আহিছিল।পৌৰ নিগমে এক বৃহৎ বাহিনী লৈ পথৰ কাষৰ দোকান আৰু অস্থায়ী গাঁথনিসমূহ ভাঙি, ট্ৰাকত উঠাই লৈ যায়।ডিএমচিয়ে জাৰি কৰা সাতদিনীয়া জাননীৰ সময়সীমা ওকলি যোৱাৰ পিছতে এই উচ্ছেদ অভিযান চলোৱা হয়। উক্ত জাননীত ব্যৱসায়ীসকলক স্বত:স্ফূৰ্তভাৱে চৰকাৰীভাৱে নিৰ্ধাৰিত ভেণ্ডিং জ’ন বা ব্যৱসায়িক এলেকালৈ স্থানান্তৰিত হ’বলৈ নিৰ্দেশ দিয়া হৈছিল। আগতীয়া সতৰ্কবাণী দিয়াৰ পিছতো বুজন সংখ্যক ব্যৱসায়ীয়ে অননুমোদিত স্থান সমূহতে ব্যৱসায় চলাই থকাত কৰ্তৃপক্ষই এই বলপূৰ্বক আইনী পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হয়।
‘জাননীৰ সময়ছোৱাত সকলোকে নিয়ম মানি চলিবলৈ এক উচিত সুযোগ দিয়া হৈছিল।যিহেতু এতিয়া ইয়াৰ সময়সীমা শেষ হৈছে, গতিকে আমাৰ হাতত দৃঢ় পদক্ষেপ লোৱাৰ বাহিৰে কোনো উপায় নাই। এই চহৰখন বৃদ্ধি পাইছে আৰু ই এক সুসংগঠিত ৰূপত বৃদ্ধি পাব লাগিব’…… বুলি মন্তব্য কৰে ভাৰপ্ৰাপ্ত আয়ুক্ত নৱাস দাসে।
ইয়াৰ মাত্ৰ দুদিন পূৰ্বে অৰ্থাৎ ৫ জুনত নতুনকৈ গঠিত অসম কেবিনেটে ডিব্ৰুগড়ত এক ‘ৰাজ্যিক ৰাজধানী অঞ্চল’ গঠনৰ অনুমোদন জনাই মহানগৰখনক আনুষ্ঠানিকভাৱে ৰাজ্যৰ দ্বিতীয়খন ৰাজধানী হোৱাৰ দিশত আৰু এখোজ আগবাঢ়ে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভা সম্প্রসাৰণৰ পিছত অনুষ্ঠিত প্রথমখন কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
অনুমোদিত আঁচনি অনুসৰি, প্রস্তাৱিত ৰাজ্যিক ৰাজধানী অঞ্চলে ডিব্ৰুগড় ৰাজধানী কমপ্লেক্সৰ ২০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰৰ এলেকাসমূহ সাঙুৰি ল’ব। পৰিকল্পনা পৰ্যবেক্ষণ কৰা, উন্নয়নৰ কৰিডৰসমূহ বাছনি কৰা আৰু ভৱিষ্যতৰ চহৰীকৰণক সঠিক দিশ নিৰ্দেশনা দিবৰ বাবে এটা সুকীয়া সংস্থা — ‘ষ্টেট কেপিটেল ৰিজিয়ন ডেভেলপমেণ্ট অথৰিটি, ডিব্ৰুগড়’ (SCRDA-D) গঠন কৰা হ’ব। ডিব্ৰুগড়ৰ বিধায়কগৰাকীয়ে কেবিনেট মৰ্যাদাৰে এই কৰ্তৃপক্ষৰ পদেন অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিব। চৰকাৰে এই অঞ্চলটোৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে পাঁচ বছৰত ৫০০ কোটি টকাও ধাৰ্য কৰিছে।
এই পটভূমিত, পৌৰ কৰ্তৃপক্ষই ইংগিত দিছে যে ৰাজহুৱা স্থানসমূহত শৃংখলা বজাই ৰখাটো এতিয়া আৰু বৈকল্পিক হৈ থকা নাই। ‘ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলা হৈছে। চহৰখনৰ ভাবমূৰ্তি অতি গুৰুত্বপূৰ্ণ। আমি ফুটপাথ আৰু পথৰ কাষসমূহ অবৈধ দোকান-পোহাৰেৰে আবদ্ধ হৈ থাকিবলৈ দিব নোৱাৰোঁ,’ ……বুলি মেয়ৰ সৈকত পাত্ৰই কয়।
এই অভিযান হৈছে বিগত কেইসপ্তাহমানৰ পৰা গতি লাভ কৰা এক ধাৰাবাহিক উচ্ছেদ প্ৰক্ৰিয়াৰ অংশ। যোৱা ২৬ মে’ত ডিএমচি আৰু জিলা প্ৰশাসনে সমগ্ৰ চহৰখনতে এক সজাগতা অভিযান চলাইছিল। য’ত বিষয়া সকলে লাউডস্পীকাৰ ব্যৱহাৰ কৰি ব্যৱসায়ীসকলক ১১টা মুখ্য পথত অধিসূচিত কৰা ২৮টা নিৰ্ধাৰিত ভেণ্ডিং জ’নলৈ স্থানান্তৰিত হ’বলৈ আহ্বান জনাইছিল।
কৰ্তৃপক্ষই সকীয়াই দিছে যে এই অভিযান অব্যাহত থাকিব আৰু নিয়ম উলংঘা কৰা লোকসকলে অধিক কঠোৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব। প্ৰভাৱিত অঞ্চলসমূহৰ বাসিন্দাসকলে এই পদক্ষেপক ব্যাপকভাৱে আদৰণি জনাইছে আৰু আশা প্ৰকাশ কৰিছে যে মুক্ত ফুটপাথ আৰু যান-জঁটমুক্ত পৰিৱেশ চহৰখনৰ এক স্থায়ী বৈশিষ্ট্য হৈ পৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *