দেখা সুখ সকলোতকৈ বেছি,চকুৰ সুৰক্ষাৰ সকলোতকৈ দৰকাৰী। আজি যত্ন, কাইলৈ দৃষ্টি । এই উদেশ্যক সৰোগত কৰি ডিব্ৰুগড় মা আই ফাউণ্ডেশ্যনে জিলাখনৰ বিভি অঞ্চলত বিশেষ চকু চিকিৎসা শিবিৰ অনুষ্ঠিত কৰি লক্ষাধিক ৰোগিক চিকিৎসা সেৱা আগবঢ়াই আহিছে। কালি ডিব্ৰুগড় জিলাৰ অন্যতম ঐতিহাসিক চৰকাৰী শৈক্ষিক প্ৰতিষ্ঠান আমোলাপট্টি এম ভি স্কুলত বিদ্যালয়ৰ প্ৰধান শিক্ষক চন্দন ফুকনৰ আমন্ত্ৰণ মৰ্মে এক চকু চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয়। বিভিন্ন সময়ত ছাত্র-ছাত্ৰীৰ পঠত আৰু লিখনত যাতে চকুৰ দৃষ্টিত ব্যাঘাত নজন্মে তাৰ বাবেই এই শিবিৰ অনুষ্ঠিত কৰা হৈছে বুলি বিদ্যালয়ৰ প্ৰধানে অৱগত কৰে। বিদ্যালয়ৰ মুঠ ২০৭ জন ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সকলেও এই শিবিৰত অংশ গ্ৰহন কৰি চকু পৰীক্ষা কৰে। উল্লেখযোগ্য যে- ডিব্ৰুগড় মহানগৰৰ গ্ৰাহাম বজাৰৰ ‘ৰেণুকা চকু কেয়াৰ চেন্টাৰ ‘মা ফাউণ্ডেশ্যনে বিদ্যালয় খনত বিনামূলীয়াকৈ এই শিবিৰ অনুষ্ঠিত কৰা লগতে প্ৰয়োজন অনুসৰি চচমা বিতৰণ কৰে। কালি অনুষ্ঠিত হোৱা উক্ত বিণামুলীয়া চকু পৰীক্ষা শিবিৰত ভিছন টেকনিশিয়ান বা অপ্টোমেট্রি ক্ৰমে টিনা গগৈ, সহকাৰী স্বপ্না গগৈ, কুঞ্জ মহন, সাগৰিকা খনিকৰে ছাত্ৰ-শিক্ষক সকলৰ চকুৰ যত্ন আৰু দৃষ্টিশক্তি পৰীক্ষা সমপন্ন কৰে। উক্ত শিবিৰটো অনুষ্ঠিত কৰাত ফাউণ্ডেশ্যনে বিনোদ গগৈয়ে বিশেষ সহয়োগ কৰে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.