...

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত Faculty Development Programme সম্পন্ন

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত Faculty Development Programme সম্পন্ন

চাইন অন ডেস্ক,৭জুন:

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষ (IQAC)-ৰ উদ্যোগত “ভাৰতীয় জ্ঞান পৰম্পৰা (Indian Knowledge System), সুস্থতা(Wellness) আৰু শিক্ষণ পদ্ধতি (Teaching Pedagogy) বিষয়ক পাঁচদিনীয়া Faculty Development Programme ২ জুনৰ পৰা ৬ জুন, ২০২৬ লৈ সফলতাৰে অনুষ্ঠিত হয়।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° কুলদীপ গোস্বামী আৰু ড° জিতু বৰাই আত ধৰা উদ্বোধনী অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰাধ্যাপক জিতেন হাজৰিকা, পঞ্জীয়ক ড° পৰমানন্দ সোণোৱাল, ছাত্ৰ পৰিক্ৰমাৰ গুৰু ড° সুৰজিত বৰকটকী, বিশ্ববিদ্যালয়ৰ অনান্য অনুষদৰ গুৰু, বিভাগীয় প্ৰধান, সঞ্চালক, শিক্ষক-শিক্ষয়িত্ৰী, বিষয়া, কৰ্মচাৰী, অংশগ্ৰহণকাৰীসকল উপস্থিত থাকে। অনুষ্ঠানৰ আৰম্ভণিতে IQAC-ৰ সঞ্চালক প্ৰাধ্যাপক ড° অংকুৰ ভৰালীয়ে আদৰণি ভাষণ আগবঢ়ায় ।

ইয়াৰ পিছতে উপাচাৰ্য প্ৰাধ্যাপক জিতেন হাজৰিকাই উদ্বোধনী ভাষণ প্ৰদান কৰি অনুষ্ঠানটোৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা সম্পৰ্কে আলোকপাত কৰে। তেওঁ ভাৰতীয় জ্ঞান পৰম্পৰা, সুস্থতা, শিক্ষণ-পদ্ধতিৰ সমন্বয়ৰ জৰিয়তে উচ্চ শিক্ষাৰ গুণগত মান উন্নীত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু অংশগ্ৰহণকাৰীসকলক কাৰ্যসূচীৰ পৰা আহৰণ কৰা জ্ঞান আৰু অভিজ্ঞতা শিক্ষণ প্ৰক্ৰিয়াত প্ৰয়োগ কৰিবলৈ আহ্বান জনায়।

অনুষ্ঠানটিত প্ৰথম আৰু দ্বিতীয় দিনা সমল ব্যক্তি ৰূপে উপস্থিত থকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অনুশীলন অধ্যাপক সাহিত্য অকাডেমী বটা প্ৰাপক সুবক্তা দিগন্ত বিশ্ব শৰ্মাই ভাৰতীয় জ্ঞান পৰম্পৰাৰ বিভিন্ন দিশ সামৰি এলানি বক্তৃতা প্ৰদান কৰে । লগতে সমল ব্যক্তি প্ৰাক্তন ভাৰতীয় প্ৰশাসনিক বিষয়া ওমকাৰ কেডিয়াই যোগাযোগ দক্ষতাৰ ওপৰত বক্তৃতা প্ৰদান কৰে ।

অনুষ্ঠানৰ তৃতীয় দিনা অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক ডাঃ ধ্ৰুৱজ্যোতি ভূঞাই মানসিক সুস্বাস্থ্যৰ বিষয়ে অতি সুন্দৰ আৰু উপযোগী বক্তৃতা প্ৰদান কৰে ।

উক্ত দিনাই বিজ্ঞানী ড° হৃদয় জ্যোতি মহন্তই (NEIST, Jorhat) অনলাইন মাধ্যমেৰে কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত এক অতি প্ৰয়োজনীয় তথা সময়োপযোগী বক্তৃতা প্ৰদান কৰে ।

অনুষ্ঠানৰ চতুৰ্থ দিনা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ড° মুকুট হাজৰিকা আৰু প্ৰাধ্যাপক ড° নীতা কলিতা বৰুৱাই শিক্ষা পদ্ধতিৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰি তেওলোকৰ বহুমূলীয়া বক্তৃতা আগবঢ়ায় ।

অনুষ্ঠানৰ পঞ্চম তথা অন্তিম দিনটোত পুণৰ
ডাঃ ধ্ৰুৱজ্যোতি ভূঞা আৰু দিগন্ত বিশ্ব শৰ্মাই নিজ নিজ বিষয় বস্তুৰ ওপৰত আলোকপাত কৰি তেওলোকৰ সাৰুৱা বক্তব্য আগবঢ়ায় ।

উল্লেখ যোগ্য যে বিশ্বব্যাপী হোৱা ইন্ধন সংকটৰ ওপৰত চকু ৰাখি অনুষ্ঠানটো অফলাইন আৰু অনলাইন দুয়োটা মাধ্যমতে অনুষ্ঠিত কৰা, স্থানীয় সমল ব্যক্তি প্ৰাধান্য দিয়া আৰু বিশ্ববিদ্যালয়ৰ নিজৰ শিক্ষক সকলৰ মাজত সীমাবদ্ধ ৰখাৰ প্ৰয়াস কৰা হয় ।

পাঁচদিনীয়া কাৰ্যসূচীটোৰ সমগ্ৰ সময়ছোৱাত অংশগ্ৰহণকাৰীসকলে অত্যন্ত উৎসাহেৰে বিভিন্ন আলোচনাত অংশগ্ৰহণ কৰে।

সামৰণী অনুষ্ঠানত, অংশগ্ৰহণকাৰীসকলে নিজৰ অভিজ্ঞতা আৰু মতামত ব্যক্ত কৰে। সফলতাৰে কাৰ্যসূচী সম্পূৰ্ণ কৰা অংশগ্ৰহণকাৰীসকলৰ মাজত প্ৰমাণপত্ৰ বিতৰণ কৰা হয়। অনুষ্ঠানটোৰ শেষত পৰিকলণ বিজ্ঞান আৰু প্ৰয়োগ কেন্দ্ৰৰ সহকাৰী অধ্যাপক ড° উজ্জ্বল শইকীয়াই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাত সহায় কৰা প্ৰতিজন ব্যক্তিলৈ শলাগৰ শৰাই আগবঢ়ায় ।

সমগ্ৰ কাৰ্যসূচীটো সহকাৰী অধ্যাপক ড° জিতু বৰা , ড° উজ্জ্বল শইকীয়া, ড° কুলদীপ গোস্বামী, আৰু ড° প্ৰাঞ্জল কুমাৰ বৰাৰ সমন্বয়ত সুচাৰুৰূপে সম্পন্ন হয়। তেওঁলোকৰ নিষ্ঠা, পৰিকল্পনা আৰু সাংগঠনিক দক্ষতাই কাৰ্যসূচীটোৰ সফল ৰূপায়ণত বিশেষ ভূমিকা পালন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *