...

উগ্ৰপন্থীৰ আহ-যাহ, ড্ৰাগছৰ মুকলি বেহা হব বন্ধ ?

উগ্ৰপন্থীৰ আহ-যাহ, ড্ৰাগছৰ মুকলি বেহা হব বন্ধ ?

পাংচু পাছত ভাৰত-ম্যানমাৰ সীমান্তত বেৰা

১,৬৪৩ কিলোমিটাৰ ভাৰত-ম্যানমাৰ সীমান্তত বেৰা

বিভাস দুৱৰা,৭জুন:

পাংচু পাছত ভাৰত-ম্যানমাৰ সীমান্তৰ বেৰা নিৰ্মাণ কাৰ্য ক্ষীপ্ৰ গতিত আগবঢ়িছে।ভাৰত-ম্যানমাৰ সীমান্তবৰ্তী অঞ্চল পাংচু পাচত দীৰ্ঘকালৰে পৰা
অঞ্চলটোত সক্ৰিয় হৈ থকা উগ্ৰপন্থী সংগঠনসমূহৰ ভাবুকি অবৈধ সামগ্ৰীৰ সৰবৰাহ এতিয়াৰে পৰা ব্যাপক প্ৰত্যাহ্বান হৈ পৰিব।কিয়নো, এতিয়া ভাৰত-ম্যানমাৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত বেৰা নিমান কায ক্ষীপ্ৰ গতিত আগবাঢ়িছে।প্ৰতিকূল বতৰৰ স্বত্ত্বেও অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ পাংচু পাছত ভাৰত-ম্যানমাৰ সীমান্তৰ বেৰা নিৰ্মাণ কাৰ্য ক্ষিপ্ৰতাৰে আগবাঢ়িছে বুলি চৰকাৰী বিষয়াসকলে জানিবলৈ দিছে।
অৰুণাচল প্ৰদেশৰ উগ্ৰপন্থী জৰ্জৰিত টিৰাপ, চাংলাং আৰু লংডিং অঞ্চলৰ অন্তৰ্গত পাংচু পাছৰ এই কাম ২০২৫ চনৰ নৱেম্বৰ মাহত আৰম্ভ হৈছিল। বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যন (BRO)ৰ এজন বিষয়াৰ মতে, বৰ্তমানলৈকে দুই কিলোমিটাৰ বেৰা নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে। ইয়াৰ লগতে বেৰাৰ কাষে কাষে এটা নতুন পথো নিৰ্মাণ কৰা হৈছে, যাৰ বৰ্তমানলৈকে পাঁচ কিলোমিটাৰ কাম সম্পূৰ্ণ হৈ উঠিছে।আজি বি আৰ অ’ৰ বিষয়াগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, “২০২৫ চনৰ নৱেম্বৰ মাহত পাংচু পাছত কাম আৰম্ভ হৈছিল আৰু দুৰ্গম ভূখণ্ড তথা প্ৰতিকূল বতৰৰ স্বত্ত্বেও আমি দুই কিলোমিটাৰ বেৰা নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিছোঁ। ইয়াৰ উপৰি সীমান্তৰ বেৰাৰ কাষে কাষে পাঁচ কিলোমিটাৰৰ এক দীঘল নতুন পথো নিৰ্মাণ কৰা হৈছে।”
দীৰ্ঘদিন ধৰি উগ্ৰপন্থীৰ কাৰ্যকলাপৰ দ্বাৰা প্ৰভাবিত জিলাকেইখনৰ উগ্ৰপন্থী সমস্যাক স্থায়ীভাৱে সমাধান কৰাৰ বাবে কেন্দ্ৰ চৰকাৰৰ পৃষ্ঠপোষকতাত গ্ৰহণ কৰা এক বৃহৎ আঁচনিৰ অংশ হৈছে এই সীমান্ত বেৰা প্ৰকল্প। অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম আৰু নাগালেণ্ডৰ মাজেৰে যোৱা সমগ্ৰ ১,৬৪৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰত-ম্যানমাৰ সীমান্তত বেৰা দিবলৈ কেন্দ্ৰই ৩১,০০০ কোটি টকা মঞ্জুৰ কৰিছে। ইয়াৰ ভিতৰত অৰুণাচল প্ৰদেশে আটাইতকৈ দীঘল ৫২০ কিলোমিটাৰ সীমান্ত ভগাই লৈছে; ইয়াৰ পিছতে আছে মিজোৰাম (৫১০ কিলোমিটাৰ), মণিপুৰ (৩৯৮ কিলোমিটাৰ) আৰু নাগালেণ্ড (২১৫ কিলোমিটাৰ)।
সশস্ত্ৰ বাহিনীয়ে যোগান ধৰা সুৰক্ষা বেষ্টনীৰ মাজত বি আৰ অ’ই এই বেৰা নিৰ্মাণৰ কাম চলাই আছে। নিৰ্মাণ কাৰ্যত নিয়োজিত শ্ৰমিকসকলক সুৰক্ষা প্ৰদান কৰা সুৰক্ষা কৰ্মীসকলৰ ওপৰত উগ্ৰপন্থী সংগঠনে আক্ৰমণ চলোৱাৰো ঘটনা ঘটিছে।
সুৰক্ষা সংস্থাসমূহৰ মতে, এই অঞ্চলত সক্ৰিয় হৈ থকা উগ্ৰপন্থী সংগঠনসমূহে এই প্ৰকল্পৰ তীব্ৰ বিৰোধিতা কৰিছে, কাৰণ ই সম্পূৰ্ণ হ’লে উগ্ৰপন্থীসকলৰ সীমান্ত পাৰাপাৰ হোৱাৰ সহজ যাতায়ত বন্ধ হৈ পৰিব আৰু তেওঁলোকৰ যোগান ব্যৱস্থা বিছিন্ন হ’ব। এজন বিষয়াই কয়, “এই প্ৰকল্পটো সম্পূৰ্ণ হ’লে দশক দশক ধৰি সুৰুঙা থকা সীমান্তৰ সুযোগ লৈ অহা উগ্ৰপন্থী সংগঠনসমূহৰ কাৰ্যক্ষমতা উল্লেখনীয়ভাৱে হ্ৰাস পাব।”
অৰুণাচল প্ৰদেশৰ উল্লেখিত জিলাকেইখন ঐতিহাসিকভাৱে উত্তৰ-পূবৰ আটাইতকৈ বেছি উগ্ৰপন্থী জৰ্জৰিত অঞ্চলসমূহৰ ভিতৰত অন্যতম।য’ত ম্যানমাৰ সীমান্তৰ ঘন হাবিৰ মাজত কেইবাটাও সশস্ত্ৰ সংগঠনে এই পৰ্যন্ত কাৰ্যকলাপ চলাই আহিছে।চলিত বৰ্ষৰ মাৰ্চ মাহত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উল্লেখ কৰিছিল যে মণিপুৰত ৩০ কিলোমিটাৰ সীমান্তৰ বেৰা নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে। ইয়াৰ দ্বাৰা ম্যানমাৰৰ সৈতে সীমান্ত ভাগ কৰা আটাইকেইখন ৰাজ্যতে কাম ক্ষিপ্ৰতৰ কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ তৎপৰতা প্ৰকাশ পাইছে।
বিষয়াসকলে জনোৱা মতে, অঞ্চলটোত দীৰ্ঘম্যাদী শান্তি আৰু স্থিৰতা নিশ্চিত কৰাৰ বাবে সীমান্ত ছীল কৰাৰ কৌশলগত তথা সুৰক্ষাজনিত গুৰুত্বক প্ৰাধান্য দি কেন্দ্ৰই এই কাম অতি সোনকালে সম্পূৰ্ণ কৰিবলৈ স্পষ্ট নিৰ্দেশ দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *