...

ধুবুৰীত ব্যাপক ৰদবদল !

ধুবুৰীত ব্যাপক ৰদবদল !

একেদিনাই ৩২ গৰাকী তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক তাৎক্ষণিক বদলি

ধুবুৰী,৬জুন:

ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশনা যোগে জিলাখনৰ আগমনী, বিলাসীপাৰা, গোলকগঞ্জ, গৌৰীপুৰ, আঠানী, দক্ষিণ শালমাৰা আদি অঞ্চলত কৰ্মৰত বিভিন্ন শাখাৰ মুঠ ৩২ গৰাকী কৰ্মচাৰীক একেদিনাই আন্তঃজিলা ৰদ-বদল কৰা হোৱা বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি, বিগত ৪ জুনৰ দিনা জাৰী কৰা উক্ত নিৰ্দেশনামাত চিনিয়ৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, জুনিয়ৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, জুনিয়ৰ এছিষ্টেণ্ট, অপাৰেটৰ আৰু মাল্টি-টাস্কিং ষ্টাফ (MTS) পদত কৰ্মৰত একাংশ কৰ্মচাৰী এই ৰদবদলৰ আওতাত পৰিছে। জিলা আয়ুক্তৰ স্বাক্ষৰিত উক্ত আদেশনামাত এই ৰদ-বদলৰ নিৰ্দেশ তাৎক্ষণিকভাৱে কাৰ্যকৰী হ’ব বুলি স্পষ্ট ভাবে উল্লেখ থকাৰ সমান্তৰালকৈ পূৰ্বে জাৰি কৰা সকলো সংশ্লিষ্ট আদেশ এই নতুন নিৰ্দেশৰ দ্বাৰা বাতিল বুলি গণ্য হ’ব বুলিও কোৱা হৈছে। উক্ত আদেশনামাখনত, সংশ্লিষ্ট কৰ্মচাৰীসকলৰ দৰমহা পূৰ্বৰ দৰেই আদায় দিয়া হ’ব বুলিও জনোৱা হৈছে। জিলাখনৰ বিভিন্ন কাৰ্যালয়সমূহৰ কাম-কাজ অধিক গতিশীল আৰু সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবেই এই বৃহৎ পৰিসৰৰ ৰদ-বদল কৰা হোৱা বুলি অনুমান কৰা হৈছে। উল্লেখ্য যে, এয়া ধুবুৰী জিলা প্ৰশাসনৰ সাম্প্ৰতিক সময়ৰ অন্যতম বৃহৎ আন্তঃজিলা বদলি-কৰণ তথা ৰদ-বদল বুলি গণ্য কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *