...

ডিব্ৰুগড়ৰ প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ প্ৰাক্তন অভিযন্তা হায়াত ইমদাদুৰ ৰহমানৰ মৃত্যু

Spread the love

ডিব্ৰুগড়ৰ প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ প্ৰাক্তন অভিযন্তা

হায়াত ইমদাদুৰ ৰহমানৰ মৃত্যু

চাইন অন ডেস্ক:

ডিব্ৰুগড়ৰ কনভয় ৰোডৰ বৈৰাগীমঠ এক নম্বৰ উপপথ নিবাসী আলহজ হায়াত ইমদাদুৰ ৰহমানৰ (নজিফ) কালি সন্ধিয়া নিম্ন ৰক্তচাপ জনিত কাৰণত ৬৮ বছৰ বয়সত মৃত্যু হয়।১৯৫৮ চনৰ ৩ ফেব্ৰুৱাৰীত ডিগবৈত জন্মগ্ৰহণ কৰা ৰহমানে কৰ্ম সূত্ৰে আহি ডিব্ৰুগড়তে স্থায়ী হিচাপে থাকিবলৈ লয়। তেওঁ হায়াৰ ছেকেণ্ডাৰী স্কুল পাছ কৰাৰ পাছত গুৱাহাটীলৈ যায় আৰু চান্দমাৰীত থকা অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান মহাবিদ্যালয়ৰ পৰা কেমিকেল বিভাগত ডিগ্ৰী লৈ আহি অসম চৰকাৰৰ প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডত চাকৰিত যোগদান কৰি শিলচৰ ,শিৱসাগৰ, গোলাঘাট আদিত চাকৰি কৰি ২০১৮ চনত ডিব্ৰুগড়ৰ প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ পৰা অৱসৰ গ্ৰহণ কৰে। ৰহমানে ২০১৮ চনত তেওঁৰ পৰিবাৰৰ সৈতে গৈ হজব্রত সম্পন্ন কৰে। অতি নম্ৰ আৰু ভদ্ৰ আলহজ হায়াত ইমদাদুৰ ৰহমানে মৃত্যুৰ সময়ত পৰিবাৰ, তিনি কন্যা, দুই জোঁৱাই, দুগৰাকী বায়েক, দুজন ভাই , এক ভনীয়েক আৰু নাতি নাতিনীৰ লগতে বৃহৎ এক পৰিয়াল আৰু আত্মীয় স্বজনক ইহসংসাৰত এৰি যায়। আজি নালিয়াপুল কবৰস্থানত অনেক গুণমুগ্ধৰ উপস্থিতিত ৰহমানৰ জা না জা সম্পন্ন কৰা হয়। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *