...

ঢকুৱাখনাত সোণোৱাল কছাৰী সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস

Spread the love

ঢকুৱাখনাত সোণোৱাল কছাৰী সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস

গঠন কৰিলে নতুন শাখা সমিতি

চাইন অন ডেস্ক:

প্ৰতিষ্ঠাৰ নৱম বৰ্ষত ভৰি দিবলগীয়া সোণোৱাল কছাৰী সাহিত্য সভাই এইবাৰ প্ৰতিষ্ঠা দিৱসটি উদ্‌যাপন কৰিব ঢকুৱাখনাৰ গৰুখুঁটিৰ কেকুৰী কছাৰী গাঁৱত৷ এই উপলক্ষে ২৬ এপ্ৰিলত উক্ত গাঁওখনিৰ কেকুৰী কছাৰী উচ্ছ মাধ্যমিক বিদ্যালয়ত অঞ্চলটোৰ বিশিষ্ট ব্যক্তি ধীৰেন কছাৰীৰ পৌৰোহিত্যত অনুষ্ঠিত এক ৰাজহুৱা সভাই অহা ১৩ মে’ত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে সভাৰ নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আয়োজনৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ সভাই বিষয়টোৰ সম্পৰ্কত আলোচনা কৰি মিনকান্ত বড়াক সভাপতি, ভৰত সোণোৱালক উপসভাপতি, নিত্যা সোণোৱালক সম্পাদক, ধৰ্মেন্দ্ৰ সোণোৱাল, জয়ন্ত সোণোৱালক সহকাৰী সম্পাদক, কণক সোণোৱালক কোষাধ্যক্ষ আৰু মিণ্টু সোণোৱাল, হিমাংক সোণোৱালক প্ৰচাৰ সম্পাদক হিচাপে লৈ এখনি অভ্যৰ্থনা সমিতি গঠন কৰা হয়৷ আনহাতে সভাই সৰ্বসন্মতিক্ৰমে আলোচনা কৰি ধীৰেন কছাৰীক সভাপতি, সত্যানন্দ সোণোৱাল, চেৰীফল সোণোৱাল, সুৰভি সোণোৱালক উপসভাপতি, কৈলাশ সোণোৱালক সম্পাদক, নিত্যা সোণোৱাল, নিভা সোণোৱাল, জয়ন্ত সোণোৱাল, জ্যোতিপ্ৰভা সোণোৱালক সহকাৰী সম্পাদক, ভূপেন সোণোৱাল, ৰেবত সোণোৱালক সাংগঠনিক সম্পাদক, দেৱজিৎ সোণোৱাল, জীতেন সোণোৱালক প্ৰচাৰ সম্পাদক হিচাপে লৈ সভাৰ কেকুৰী শাখা সমিতিখনিও আনুষ্ঠানিকভাৱে গঠন কৰা হয়৷ সমিতিখনৰ সকলো বিষয়ববীয়া আৰু সদস্য-সদস্যাক একেলগে শপতগ্ৰহণো কৰায় সভাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি ড॰ লব ৰাম সোণোৱালে৷ ঢকুৱাখনাৰ গৰুখুটি অঞ্চলত বসবাস কৰা ক্ৰমে কেকুৰী কছাৰী, গৰুখুঁটি, বালিজান কছাৰী, মাহনিবাৰী. কৰৈগুৰি কছাৰী আৰু চেলাজান কছাৰী গাঁৱৰ শতাধিক সাহিত্যপ্ৰেমীৰ উপস্থিতিত অনুষ্ঠিত উক্ত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সভাৰ মুখ্য সম্পাদক মৃদুল সোণোৱালে৷ সভাত উপস্থিত থকা কেন্দ্রীয় সমিতিৰ উপসভাপতি ড॰ লব ৰাম সোণোৱাল, মনিদীপা লালোৱাৰী শইকীয়া, প্ৰকাশন সচিব তথা ‘সোনোৱাল বাৰ্তা’ৰ সম্পাদক, ৰতন হাজৰিকা, পত্ৰিকা সম্পাদক কল্পজিৎ সোণোৱাল, সাংগঠনিক সম্পদক নেত্ৰ বড়াই সভাৰ লক্ষ্য-উদ্দেশ্য আৰু সাহিত্য সভাৰ প্ৰয়োজনৰ বিভিন্ন দিশ আৰু সাম্প্ৰতিক সময়ত সোণোৱাল কছাৰী জনজাতিটোৰ উত্থান-পতনৰ অনেক দিশ সামৰি সাৰুৱা বক্তব্য আগবঢ়ায়৷ সভাত মীনকান্ত বড়া, সোণাৰি চাপৰি গাঁও পঞ্চায়তৰ সভানেত্ৰী কবিতা সোণোৱাল, বিশিষ্ট ব্যক্তি প্ৰেম সোণোৱাল, খগেন সোণোৱাল, ৰেবত সোণোৱাল আদিয়ে নিজৰ অনুভৱ ব্যক্ত কৰি সভাৰ আগন্তুক প্ৰতিষ্ঠা দিৱস সুকলমে আয়োজনৰ লগতে ঢকুৱাখনা অঞ্চলটোত সংগঠনটোৰ শ্ৰীবৃদ্ধিৰ বাবে সহযোগিতা আগবঢ়োৱাৰ কথা বেকত কৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *