ডিব্ৰুগড়ত ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন
চাইন অন ডেস্ক,১৬আগষ্ট:

কাৰ্যসূচীৰ আৰম্ভণিতে দেশৰ হকে সৰ্বোচ্চ বলিদান দিয়া সাহসী স্বাধীনতা সংগ্ৰামী তথা অমৰ শ্বহীদসকলৰ পৱিত্ৰ স্মৃতিত ‘শ্বহীদ তৰ্পণ’ কৰা 
ভাষণ প্ৰসংগত মন্ত্ৰী সুশান্ত বৰগোহাঁইয়ে স্বাধীনতা সংগ্ৰামী আৰু শ্বহীদসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি স্বাধীনতা দিৱসৰ তাৎপৰ্য, গণতান্ত্ৰিক মূল্যবোধ, ঐক্য আৰু
দেশসেৱাৰ পৱিত্ৰ সংকল্পৰ বিষয়ে আলোকপাত কৰে। লগতে, তেওঁ অসমৰ সাম্প্ৰতিক উন্নয়নমূলক যাত্ৰাৰ খতিয়ান দাঙি ধৰি এখন শক্তিশালী, সমৃদ্ধিশালী আৰু সৰ্বাংগীন অসম তথা ভাৰতবৰ্ষ গঢ়ি তোলাৰ ক্ষেত্ৰত প্ৰতিজন নাগৰিকৰ সামূহিক দায়িত্বৰ বিষয়ে উল্লেখ কৰে।
অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল অংশগ্ৰহণকাৰী দলসমূহৰ দৃষ্টিনন্দন কুচকাৱাজ আৰু সেনা বাহিনীৰ বেণ্ড প্ৰদৰ্শন। পেছাদাৰী শ্ৰেণীৰ কুচকাৱাজ প্ৰতিযোগিতাত অসম আৰক্ষীৰ (মহিলা) দলে প্ৰথম স্থান, ১৭১ নং চি.আৰ.পি.এফ. বেটেলিয়নে দ্বিতীয় স্থান আৰু অসম আৰক্ষীৰ (পুৰুষ) দলে তৃতীয় স্থান লাভ কৰে। আনহাতে, অপেছাদাৰী শ্ৰেণীত ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ে প্ৰথম স্থান, পি.এম.চি. বকুল উচ্চ মাধ্যমিক বিদ্যালয়ে দ্বিতীয় স্থান আৰু গ্ৰাহাম বজাৰ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ এন.চি.চি-দলে তৃতীয় স্থান অৰ্জন কৰে।
ইয়াৰ উপৰিও, অসমৰ চহকী লোক-সংস্কৃতি আৰু বৈচিত্ৰ্য প্ৰতিফলিত কৰি এক মনোৰম সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰা হয়। এনেদৰে দেশ সেৱা, গণতান্ত্ৰিক মূল্যবোধ অক্ষুণ্ণ ৰখা আৰু দেশৰ প্ৰগতিত অৰিহণা যোগোৱাৰ সংকল্পৰে স্বাধীনতা দিৱস উদযাপন কাৰ্যসূচীৰ সফল সামৰণি পৰে।