চামগুৰিৰ ৰঙাগড়াত মৃতদেহ উদ্ধাৰ
চাইন অন ডেস্ক,১৬আগষ্ট:

পথাৰত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ।
মৃত যুৱক জন গৰিয়াজান বস্তিৰ শংকৰ নায়ক বুলি চিনাক্ত কৰা হৈছে।
উক্ত ঘটনাটো এক হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত চামগুৰি আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও মেডিকেল কলেজ আৰু হাস্পতাললৈ প্ৰেৰণ কৰাৰ লগতে সোধপোছ কাৰণে দুজন লোকক আটক কৰিছে বুলি জানিব পৰা গৈছে৷ সোধপোছ কাৰণে আটক কৰা লোক দুজন ক্ৰমে জীতেন লোহাৰ আৰু শম্ভু গোৱালা।ঘটনাক কেন্দ্ৰ কৰি গৰীয়াজান বস্তিত চেপা উত্তেজনাই বিৰাজ কৰিছে।