...

অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰীৰ লগতে শিল্পী, সাহিত্যিক, সাংবাদিকক সম্বর্ধনা

অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰীৰ লগতে শিল্পী, সাহিত্যিক, সাংবাদিকক সম্বর্ধনা

‘সাহিত্যৰ পোহৰ নথকা সমাজ এখন অন্ধকাৰ গুহাৰ দৰে’: অধ্যক্ষ ড° শইকীয়া

চাইন অন ডেস্ক,১৬আগষ্টঃ

‘সাহিত্যৰ পোহৰ নথকা সমাজ এখন অন্ধকাৰ গুহাৰ দৰে। কবি-সাহিত্যিকসকল হ’ল জাতিৰ বিবেক, সাংবাদিকসকল হ’ল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আৰু নির্ভীক চকু, যিয়ে সত্যক পোহৰলৈ আনি ৰাষ্ট্ৰৰ গতিপথ নিৰ্ধাৰণ কৰে।’

ঐতিহ্যমণ্ডিত ডিব্রুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ব অধ্যক্ষ ড° শশীকান্ত শইকীয়াই মহাবিদ্যালয় প্রাঙ্গনত ৮০ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি মনোনীত অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰী, শিল্পী, সাংবাদিক, সাহিত্যিকক সম্বর্ধনা জ্ঞাপনেৰে ১৫ আগষ্টৰ পুৱা এইদৰে কয়। অধ্যক্ষ ড° শইকীয়াই কয়- কবি-সাহিত্যিক, সাংবাদিকসকলৰ সৃষ্টিশীলতা আৰু সাহসেই এখন ৰাষ্ট্ৰক, অসমৰ দৰে ৰাজ্যক জীৱন্ত আৰু সংবেদনশীল কৰি তুলিব পাৰে। অধ্যক্ষগৰাকীয়ে কয়- এখন উচ্চ শিক্ষানুষ্ঠান এজোপা প্রকাণ্ড বটবৃক্ষৰ দৰে। অধ্যক্ষ বা অধ্যাপক-অধ্যাপিকাসকলে তাত ক্ষন্তেকৰ বাবে ছাঁ লৈ, মূল শিপাত সাৰ-পানী যোগায়। কিন্তু বটবৃক্ষজোপাৰ মূল হ’ল ইয়াৰ ঐতিহ্য আৰু তাৰ ডাল-পাতবোৰ হ’ল মহাবিদ্যালয়ত অধ্যয়নৰত শিক্ষার্থীসকল, যিসকলে এদিন সমগ্র বিশ্বতে নিজৰ মেধা আৰু মূল্যবোধৰ সুবাস বিলায়। ছাত্র-ছাত্রীসকলক উদ্দেশ্যি অধ্যক্ষগৰাকীয়ে কয়- বর্তমান নৱ প্রজন্মই আমাৰ দেশ ভাৰতবৰ্ষ আৰু অসমৰ ভবিষ্যত। প্রত্যেকে দেশব কাৰণে, কাম কৰিব লাগিব, তেহে ভাৰতবৰ্ষই বিশ্বগুক হ’ব পাৰিব। দেশ সেৱাই মানৱ সেৱা বুলি উল্লেখ কৰি তেওঁ কয়- আগন্তুক দিনত নব প্রজন্মই আধুনিক প্রযুক্তি, এ আই আৰু বিজ্ঞানৰ জয়যাত্ৰাত অংশলৈ সমগ্র বিশ্ব জয় কৰিব লাগিব, কিন্তু চাব লাগিব, প্রযুক্তিৰ ধামখুমিয়াত বিলীন হৈ নৱ প্রজন্মই যাতে কোনো কাৰণতে নিজৰ শিপাডালক, নিজৰ মাতৃভাষাক আৰু আই অসমীক পাহৰি নাযায়। জ্ঞান অবিহনে স্বাধীনতা অসম্পূর্ণ আৰু চৰিত্ৰ অবিহনে জ্ঞান অসাৰ বুলি উল্লেখ কৰি অধ্যক্ষগৰাকীয়ে কয়- ছাত্র-ছাত্রীসকলে যেন সমাজৰ একো একোজন দায়ত্বশীল নাগৰিক হিচাপে নিজকে গঢ়ি তোলে আৰু ভবিষ্যতে এজন সফল নাগৰিক হোৱাৰ বাবে প্রতিজ্ঞাবদ্ধ হয়। পুৱা ৫ বজাতে মহাবিদ্যালয়ৰ গ্রীন ক্লাৱৰ সদস্যসকলৰ দ্বাৰা চৌহদ নিকাকৰণ কাৰ্যসূচীৰে শুভাৰম্ভ হোৱা স্বাধীনতা দিবসৰ এই পরিত্র কার্যসূচীত মহাবিদ্যালয়ত বিগত পছিশ বছৰে সেৱা আগবঢ়াই অহা অধ্যাপক-অধ্যাপিকা, কর্মচাৰীক অধ্যক্ষ ড° শশীকান্ত শইকীয়াই সম্বর্ধনা জ্ঞাপন কৰে। উপাধ্যক্ষ ড° পাৰ্থ গাংগুলীৰ হৈ তেওঁৰ সহধর্মীনি অধ্যাপিকা ড° মধুমিতা পুৰকায়স্থই সম্বর্ধনা গ্রহণ কৰে আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে মহাবিদ্যালয়ৰ এন চি চিৰ দলটিয়ে মহাবিদ্যালয়খনক জিলিকাবলৈ সক্ষম হোৱাৰ বাবে মহাবিদ্যালয়ৰ এন চি চিৰ এ এন অ’ অধ্যাপক ড’ পৰাগজ্যোতি চুতীয়াক সম্বর্ধনা জ্ঞাপন কৰাৰ লগতে কৰ্মচাৰী ক্রমে ভুৱনজ্যোতি বৰুৱা, প্রতাপ সেনাপতি আৰু চতুৰ্থ বৰ্গ কৰ্মচাৰী জিন্তু গগৈকো অধ্যক্ষগৰাকীয়ে সম্বর্ধনা জ্ঞাপন কৰে। মহাবিদ্যালয়ৰ অধ্যাপিকা ড° মৰমী তালুকদাবে আঁত ধৰা স্বাধীনতা দিৱসৰ পৱিত্ৰ অনুষ্ঠানতে সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ নিজৰ অৱদান আগবঢ়াই নিস্বার্থভাবে কাম কৰি যোৱাৰ বাবে কানৈ মহাবিদ্যালয়ৰ প্রাক্তন ছাত্র তথা প্রতিদিন টাইমৰ সাংবাদিক দেবজিত চুতীয়া, আসাম লাইভ ২৪ৰ সাংবাদিক খগেন দত্ত, সাংবাদিক বিশাল পাণ্ডে, আইনুল আহমেদ, নিকুমণি নাথ, শিল্পীশিখা দাস আৰু শিক্ষক মানসজ্যোতি হাজৰিকাক মহাবিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা অধ্যক্ষগৰাকীয়ে সম্বর্ধনা জ্ঞাপন কৰে। উল্লেখ্য যে স্বাধীনতা দিৱসৰ জাতীয় পতাকা ডিম্বেশ্বৰ চলিহা ছাত্রাবাসৰ প্রাঙ্গনত উত্তোলন কৰে ছাত্ৰাৱাসৰ অধীক্ষক অধ্যাপক ড° বিৰাজ দত্তই আৰু ৰুক্মিণী দেবী কানৈ ছাত্রীনিবাসৰ প্রাঙ্গনত উত্তোলন কৰে অধীক্ষিকা অধ্যাপিকা কৰিশ্মা জে কে বৈষ্ণবীয়ে। স্বাধীনতা দিৱসৰ এই কাৰ্যসূচীত মহাবিদ্যালয়ৰ ভালেসংখ্যক অধ্যাপক-অধ্যাপিকা, কর্মচাৰীৰ লগতে শতাধিক ছাত্র-ছাত্রী উপস্থিত থাকে। উল্লেখ্য যে কাৰ্যসূচীৰ লগত সংগতি ৰাখি সন্ধ্যা ৬ বজাত মহাবিদ্যালয় চৌহদত এক বস্তি প্রজ্বলন কার্যসূচীও অনুষ্ঠিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *