শান্তিপাৰা বংগীয় উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকৰ বিদায় অনুষ্ঠান
চাইন অন ডেস্ক,১৫আগষ্ট:
ডিব্ৰুগড় জিলা শিক্ষা বিভাগৰ অন্তৰ্গত শান্তিপাৰা বংগীয় উচ্চ মাধ্যমিক বিদ্যালয়ত বিদায়ী সভা অনুষ্ঠিত হয়। এক অতি আৱেগিক বিদায়ী অনুষ্ঠানত বিদ্যালয়ৰ দুইজন শিক্ষক-শিক্ষয়িত্ৰী বিদায় উপলক্ষে আয়োজিত এই অনুষ্ঠানত বিদ্যালয়ৰ প্ৰাক্তন আৰু বৰ্তমান শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক আৰু সকলো ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।
উক্ত অনুষ্ঠানৰ আৰম্ভণিতে বিদ্যালয়ৰ বৰ্তমানৰ প্ৰধান শিক্ষয়িত্ৰী সুদীপ্তা দেৱীয়ে ভাষণ প্ৰদান কৰে। তেওঁ বিদায়ী শিক্ষক-শিক্ষয়িত্ৰীদ্বয়ৰ অৱদানৰ শলাগ লয়।
অনুষ্ঠানত আমন্ত্ৰিত আৰু মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিদ্যালয়ৰ প্ৰাক্তন সহকাৰী প্ৰধান শিক্ষক সুশান্ত দেৱ, শোভন সেনগুপ্ত, তিথি সৰকাৰ,
দেউৰি , নমিতা গাঙ্গুলী, ৰেণু চক্ৰৱৰ্তী আৰু গীতা সান্যাল। অতিথি আল্পনা বক্সীয়ে বিদায়ী শিক্ষক-শিক্ষয়িত্ৰীদ্বয়ৰ উদ্দেশ্যে বক্তৃতা দিয়ে আৰু তেওঁলোকক সম্বৰ্ধনা জনায়। বিদ্যালয়ৰ প্ৰাক্তন সহকাৰী প্ৰধান শিক্ষক সুশান্ত দেৱে অতি হৃদয়স্পৰ্শী বক্তৃতা প্ৰদান কৰে। তেওঁৰ বক্তৃতাই উপস্থিত সকলোকে উৎসা, আনন্দিত আৰু উৎফুল্লিত কৰে। তাৰ পিছত উপস্থিত থকা প্ৰতিগৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে বিদায়ী শিক্ষয়িত্ৰীদ্বয়ৰ তথা বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী অদিতি চৌধুৰী, আল্পনা বক্সী বিষয়ে নিজৰ অনুভৱ ব্যক্ত কৰে। বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী ক্ৰমে অনামিকা দাস পাল, পিয়ালী চক্ৰৱৰ্তী, পিয়ালী দাস, শোভন জয় ভট্টাচাৰ্য, পিন্টু দাস, কাকলি চৌধুৰী, আৰতি ফুকন, জয় সৰকাৰ আৰু হেড এছিষ্টেণ্ট বিৰাজ চৌধুৰীয়েও অনুষ্ঠানত উপস্থিত থাকে।
অনুষ্ঠানৰ অন্তত ধন্যবাদ জ্ঞাপনেৰে সভাৰ সামৰণি পৰে।