...

ডিব্ৰুগড়ৰ মথাউৰিৰ প্ৰতি ভাবুকিৰ স্বৃষ্টি !

ডিব্ৰুগড়ৰ মথাউৰিৰ প্ৰতি ভাবুকিৰ সৃষ্টি !

ডিব্ৰুগড় জিলা পৰিবহণ বিভাগৰ জব্দ দুখন বাহন

চাইন অন ডেস্ক,১৫আগষ্ট:

ডিব্ৰুগড় মহানগৰৰ প্ৰধান সুৰক্ষা কৱচ ৰূপত আছে ব্ৰহ্মপুত্ৰৰ মথাউৰি।৬৫ চনতে নিৰ্মান কৰা এই মথাউৰি পুনঃনিৰ্মান কৰি মহানগৰ খনৰ সুৰক্ষা অধিক সুদৃঢ় কৰে।সেয়ে তেতিয়াৰে পৰা মথাউৰিৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে,মথাউৰিৰ ওপৰত গধুৰ যান-বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰাৰ লগতেই মাইজানৰ পৰা মোহনাঘাটলৈ কেতবোৰ স্থানত লোহাৰ গেটৰ ব্যৱস্থা কৰিছে।যাতে গধুৰ বাহন চলাচল কৰিব নোৱাৰে।কিন্তু প্ৰশাসনৰ এই নিষেধাজ্ঞাক কেৰেপ নকৰি দুখন গধুৰ বাহন চলাচল কৰাত আৰু
মথাউৰিৰ প্ৰতি ভাবুকিৰ স্বৃষ্টি কৰাৰ অভিযোগত ডিব্ৰুগড় জিলা পৰিবহণ বিভাগে দুখন বাহন জব্দ কৰিছে।
WB-83-5955 নম্বৰযুক্ত এখন গধুৰ মালবাহী বাহন (Heavy Goods Carrier)যোৱা ১২ আগষ্ট তাৰিখে জব্দ কৰি বৰ্তমান জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় চৌহদত ৰখা হৈছে। আনহাতে, AR-01-W-0564 নম্বৰযুক্ত এখন ডাম্পাৰ ১৩ আগষ্ট তাৰিখে জব্দ কৰি বগীবিল আৰক্ষী চকীত ৰখা হৈছে।

উপৰোক্ত নিয়ম উলংঘাৰ বাবে বাহন দুখন জব্দ কৰা হৈছে আৰু প্ৰযোজ্য আইনৰ অনুসৰি চালক আৰু মালিকসকলৰ বিৰুদ্ধে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হৈছে।

সাধাৰণ ৰাইজক মোহনাঘাটৰ মথাউৰি পথত গধুৰ যান-বাহন চলাচল নকৰিবলৈ সতৰ্ক কৰি দিয়া হৈছে। সকলো গধুৰ যান-বাহনৰ গৰাকী আৰু চালকক উক্ত নিষেধাজ্ঞা কঠোৰভাৱে মানি চলিবলৈ আৰু পথটো ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনোৱা হৈছে। এই নিষেধাজ্ঞা উলংঘা কৰা যিকোনো যান-বাহনৰ বিৰুদ্ধে প্ৰযোজ্য আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সূত্ৰত প্ৰকাশ।

Leave a Reply

Your email address will not be published. Required fields are marked *