চি বি এছ ই পৰীক্ষাত সফলতা
ডিব্ৰুগড়ৰ ফিজ্জা বিলকিছৰ ৯৬.৪% লাভ
অনুষ্ঠান প্ৰতিষ্ঠানৰ অভিনন্দন
চাইন অন ডেস্ক:
ডিব্ৰুগড়ৰ শিক্ষাভেলী বিদ্যালয়ৰ পৰা সদ্য ঘোষিত দশম শ্ৰেণীৰ চি বি এছ ই বোৰ্ড পৰীক্ষাত ৯৬.৪ শতাংশ লাভ কৰি ডিব্ৰুগড়লৈ গৌৰৱ কঢ়িয়াই আনে ডিব্ৰুগড়ৰ লোহাৰপট্টি নিবাসী ব্যৱসায়ী নিয়াজ আখটাৰ আৰু হাছনা খাতুনৰ কন্যা ফিজ্জা বিলকিছে। তেওঁ ইংৰাজীত ৯৬, অংকত ৯৬, বিজ্ঞানত ৯৫, সমাজ বিজ্ঞানত ৯৫, এ আইত ১০০ লগতে অসমীয়াত ৯৪ অৰ্থাৎ মুঠ ৪৮২ নম্বৰ লাভ কৰি টপ পাঁচৰ ভিতৰত থাকে। সৰুৰে পৰা মেধা সম্পন্ন ফিজ্জা বিলকিছে খেলুৱৈ হিচাপেও খ্যাতি অৰ্জন কৰে। তেওঁ ষষ্ঠ ৰাষ্ট্ৰীয় মাৰ্চিয়েল আৰ্ট প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰাৰ লগতে কেবাবাৰো অসমৰ বাহিৰৰ প্ৰতিযোগীতাত অংশগ্ৰহণ কৰে। এগৰাকী চিকিৎসক হোৱাৰ সপোন সৰুৰে পৰাই মনত পুহি ৰখা ফিজ্জাৰ এই সফলতাৰ আঁৰত পিতৃ মাতৃ আৰু স্কুল কতৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে। ডিব্ৰুগড়ৰ ট্ৰাষ্ট ফৰ হিউমেননিটি আৰু ডিব্ৰুগড় ডায়মণ্ড ক্লাবসহ অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠান আদিয়ে তেওঁক সম্বৰ্ধনা আৰু অভিনন্দন জনায়।