...

ছেমিফাইনেলত প্ৰৱেশ বেয়ার্ন মিউনিখ, আৰ্ছেনালৰ

Spread the love

ছেমিফাইনেলত প্ৰৱেশ বেয়ার্ন মিউনিখ, আৰ্ছেনালৰ

চেম্পিয়নছ লীগৰ কোৱাৰ্টাৰত থমকিল ৰিয়েল মাদ্রিদ

মিউনিখ:

বার্চিলোনাৰ পাছত উৱেফা চেম্পিয়নছ লীগৰ কোৱাৰ্টাৰ ফাইনেলত থমকিল ৰিয়েল মাদ্রিদ।চলিত প্রতিযোগিতাখনৰ কোৱাৰ্টাৰ ফাইনেলত ৰিয়েল মাদ্রিদে বেয়ার্ন মিউনিখৰ হাতত সামগ্রিকভাবে ৪-৬ গ’লত পৰাস্ত হৈ প্রতিযোগিতাখনৰ পৰা বিদায় মাগে।বুধবাৰে নিশা মিউনিখত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলৰ দ্বিতীয় লেগৰ মেচখনত ঘৰুৱা দল বেয়ার্ন মিউনিখে বিয়েল মাদ্রিদক কঠিন যুঁজৰ অন্তত ৪-৩ গ’লত পৰাস্ত কৰে। মন কৰিবলগীয়া যে প্রথম লেগৰ মেচখনতো বেয়ার্ন মিউনিখে বিয়েল মাদ্রিদক ২-১ গ’লত পৰাস্ত কৰিছিল। যোৱা নিশাৰ তীব্র উত্তেজনাপূর্ণ মেচখনৰ প্ৰথম মিনিটতে আর্ডা গুলাবে গ’ল স্ক’ৰ কৰি ৰিয়েল মাদ্রিদক অগ্রগতি প্রদান কৰে যদিও ৬ মিনিটত বেয়ার্নৰ আলেকজেণ্ডাৰ পাভল’ভিচে সমতা স্থাপন কৰে। ২৯ মিনিটত আর্ডা গুলাৰে স্ক’ৰ কৰি ৰিয়েল মাদ্রিদক পুনৰ অগ্রগতি প্রদান কৰে যদিও ৩৮ মিনিটত বেয়ানৰ হেৰী কেনে গ’ল স্ক’ৰ কৰি পুনৰ সমতা স্থাপন কৰে। ৪২ মিনিটত কিলিয়ান এমবাপেৰ গ’লৰ জৰিয়তে ৰিয়েল মাদ্রিদে পুনৰ ৩-২ গ’লত অগ্রগতি লাভ কৰে। কিন্তু খেল শেষ হ’বলৈ ১ মিনিট বাকী থকা অৱস্থাত বেয়ার্নব লুইছ ডিয়াজে গ’ল স্ক’ৰ কৰাত মেচখন পুনৰ ৩-৩ গ’লত অমীমাংসিত হয়। শেষ মুহূর্তত মাইকেল অলিছেই গ’ল স্ক’ৰ কৰি বেয়ার্নক জয়ৰ সোৱাদ দিয়ে। দ্বিতীয়াৰ্ধৰ ইনজুৰিৰ সময়ৰ চতুৰ্থ মিনিটত অলিছেই বিজয়সূচক গ’লটো স্ক’ৰ কৰে। ইপিনে, আছেনালে স্পার্টিঙক সামগ্রিকভাবে ১-০ গ’লত পৰাস্ত কৰি ছেমিফাইনেলত স্থান সুৰক্ষিত কৰিছে। যোৱানিশা লণ্ডনত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলৰ দ্বিতীয় লেগৰ তীব্র উত্তেজনাপূর্ণ মেচখনত আছেনালে স্প’র্টিঙর বিপক্ষে গ’লশূন্যভাবে ড্র খেলে যদিও প্রথম লেগৰ মেচখনত ১-০ গ’লত জয়লাভ কৰাৰ সুবাদত অন্তিম চাৰিলৈ উন্নীত হয়। মন কৰিবলগীয়া যে প্রতিযোগিতাখনৰ ছেমিফাইনেলত প্রবেশ করা আন দুটা দল হ’ল ডিফেন্ডিং চেম্পিয়ন পেৰিছ ছেইন্ট জামেইন আৰু মাদ্ৰিদ।

Leave a Reply

Your email address will not be published. Required fields are marked *