ডিব্ৰুগড় জিলা ন্যায়ালয়ত ঐতিহাসিক ৰায়দান
পত্নীক গুলীয়াই হত্যা কৰা আৰক্ষী কনিষ্টবলক যাৱজ্জীৱন কাৰাদণ্ড
একেদিনাই ৬ টা হত্যাকাণ্ড গোচৰ নিষ্পত্তি
পাঁচজন অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড
এজন অভিযুক্তক চাৰি বছৰৰ সশ্ৰম কাৰাদণ্ডৰ শাস্তি
চাইন অন ডেস্ক,২ছেপ্তেম্বৰঃ
অসমৰ ন্যায়িক ইতিহাসত সাক্ষী হৈ ৰ’ল এক ঐতিহাসিক ৰায়দান৷ একে দিনাই ছটাকৈ হত্যাকাণ্ড গোচৰৰ চূড়ান্ত ৰায়দান কৰিলে ডিব্ৰুগড় জিলা অতিৰিক্ত সত্ৰ ন্যায়ধীশ আদালতে৷ ইয়াৰ লগে লগে আটাইকেইটা অভিযুক্তক আজীৱন সশ্ৰম কাৰাদণ্ড বিহিলে অতিৰিক্ত সত্ৰ ন্যায়ধীশে৷ সাধাৰণতে এখন আদালতে এটা দিনত ইমানবোৰ গুৰুত্বপূৰ্ণ হত্যাৰ গোচৰৰ বিচাৰ সম্পূৰ্ণ কৰি ৰায়দান দিয়াৰ ঘটনা অতি বিৰল হোৱাৰ বাবে এই খবৰে সমগ্ৰ ৰাজ্যৰ আইনী মহলত আৰু সাধাৰণ জনতাৰ মাজত তীব্ৰ চৰ্চা আৰু আলোড়নৰ সৃষ্টি কৰিছে। জ্যেষ্ঠ অধিবক্তা নিলোৎপল ফুকনে জানিবলৈ দি কয় যে, এইটো এটা খুব ঐতিহাসিক দিন আমাৰ বাবে আৰু সাধাৰণ নাগৰিকৰ ৰাইজৰ মনত এই ধৰণৰ ৰায়দানসমূহে আস্থা আৰু বিশ্বাস পুনৰ গঢ়ি তুলিব, যি ন্যায়িক ব্যৱস্থাৰ প্ৰতি আমাৰ আস্থা শেষ আশ্ৰয় হিচাপে আদালতলৈ আহে আৰু যিসকল দোষী, তেওঁলোকৰ ওপৰত এটা স্পষ্ট বাৰ্তা ইয়াৰ দ্বাৰা যাব যে আপোনালোকে ভুল কৰিব, বেয়া কাম কৰিব আৰু আদালতে চাই থাকিব সেয়া নহয়। আদালতৰ এই ঐতিহাসিক ৰায় অনুসৰি, বিচাৰাধীন ৬ টা গোচৰৰ ভিতৰত ৫ টা গোচৰতে অভিযুক্তসকলক ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰি কঠোৰ শাস্তি হিচাপে আজীৱন কাৰাদণ্ড আৰু প্ৰতিজনকে ১০,০০০ টকাকৈ জৰিমনা (আৰু সেই জৰিমনা অনাদায়ে অন্যান্য তিনিমাহৰ সশ্ৰম কাৰাদণ্ড) ৰায়দান কৰা হৈছে। এই ৫ টা গুৰুত্বপূৰ্ণ গোচৰৰ নিৰ্দিষ্ট বিৱৰণসমূহলৈ চালে দেখা যায় যে— প্ৰথমটো গোচৰ লাহোৱাল আৰক্ষী থানাৰ অন্তৰ্গত আছিল (গোচৰ নং – ৪৩/১৯, সত্ৰ গোচৰ নং – ১৩১/১৯), য’ত শুক্ৰাম মুৰা নামৰ ব্যক্তিজনক দোষী সাব্যস্ত কৰা হয়৷ দ্বিতীয়টো গোচৰ ডিব্ৰুগড় সদৰ আৰক্ষী থানাৰ (গোচৰ নং – ২২৩৯/২১, সত্ৰ গোচৰ নং – ২২৭/২২) ডাবল মাৰ্ডাৰ কেচ আছিল, য’ত ৰাজীৱ চুংক্ৰাঙে নিজৰ পত্নীৰ লগতে আৰু আন এজন ব্যক্তিক আপত্তিজনক অৱস্থাত পাই হিতাহিত জ্ঞান হেৰুৱাই ঘটনাস্থলীতে হত্যা কৰি পলায়ন কৰিছিল আৰু পাছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল৷ সেই গোচৰতে তেওঁক দোষী সাব্যস্ত কৰা হয়৷ তৃতীয়টো আছিল সত্ৰ গোচৰ নং ১৮৮/২২, য’ত আৰক্ষী কনিষ্টবল বিকি চেতিয়াই কৰ্মৰত অৱস্থাত নিজৰ চাৰ্ভিচ কাৰ্বাইনেৰে নিজৰ পত্নীক হত্যা কৰাৰ সুনিৰ্দিষ্ট প্ৰমাণ পাই তেওঁক দোষী সাব্যস্ত কৰা হয়৷ চতুৰ্থটো মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত (গোচৰ নং – ৪৯/২৩, সত্ৰ গোচৰ নং – ২৫৮/২৩) আছিল, য’ত ৰাজু চুতীয়াক দোষী সাব্যস্ত কৰা হয়৷ আৰু পঞ্চমটো আছিল সত্ৰ গোচৰ নং ৩০০/২৩, য’ত ডিপু মেচ নামৰ অভিযুক্তজন দোষী সাব্যস্ত হয়। এই আটাইকেইটা গোচৰত ৩০২ ধাৰাৰ জৰিয়তে আজীৱন কাৰাদণ্ডৰ দৰে কঠোৰ শাস্তি দিয়াৰ বিপৰীতে, ষষ্ঠ গোচৰটোত হত্যা ধাৰা সন্নিবিষ্ট হৈ আছিল যদিও আদালতে কিছু শিথিলতা দেখা পায় আৰু তাত হত্যাৰ ব্যতিক্ৰমে কাৰ্পেবল হমিচাইড নট অমাউণ্টিং টু মাৰ্ডাৰ (Culpable homicide not amounting to murder) বুলি গণ্য কৰি ৪ বছৰৰ কাৰাদণ্ড আৰু ১,০০০ টকা জৰিমনা (অনাদায়ে সাত দিনৰ কাৰাবাস) ৰায়দান প্ৰদান কৰে।
উল্লেখ্য যে ২০২২ চনত পত্নী জয়শ্ৰী চেতিয়াক গুলীয়াই হত্যা কৰাৰ গোচৰত অসম আৰক্ষীৰ কনিষ্টবল বিকী চেতিয়াক, ডিব্ৰুগড়ৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।ৰায়দান কৰা অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ ৰূপক ৰাজকে চেতিয়াক ১০,০০০ টকাৰ জৰিমনাও বিহে। জৰিমনা আদায় নকৰিলে তেওঁ অতিৰিক্ত তিনিমাহ কাৰাদণ্ড ভোগ কৰিব লাগিব।
২০২২ চনৰ ১৪ মাৰ্চত ডিব্ৰুগড়ত থকা চৰকাৰী আৱাসত চাৰ্ভিচ কাৰ্বাইনেৰে পত্নীক গুলীয়াই হত্যা কৰাৰ অভিযোগ চেতিয়াৰ বিৰুদ্ধে উত্থাপন হৈছিল। ঘটনাৰ সময়ত তেওঁ ডিব্ৰুগড় আৰক্ষী থানাত সংলগ্ন হৈ আছিল আৰু চহৰখনত কৰ্মৰত এজন বিদেশী ন্যায়াধিকৰণৰ ন্যায়াধীশৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী হিচাপে দায়িত্ব পালন কৰি আছিল।
গোচৰৰ তথ্য অনুসৰি, নিশা প্ৰায় ১ বজাত এই ঘটনা সংঘটিত হৈছিল। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে চাৰ্ভিচ অস্ত্ৰটো আৰু দুটা ব্যৱহৃত কাৰ্টিজ উদ্ধাৰ কৰিছিল। জয়শ্ৰীৰ বুকু আৰু ডিঙিত আঘাতসহ দুটা গুলীৰ আঘাত পোৱা গৈছিল।ঘটনাৰ পিছতে চেতিয়াক গ্ৰেপ্তাৰ কৰি তেওঁৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হয়। প্ৰাথমিক তদন্তৰ সময়ত তেওঁ পত্নীক গুলীয়াইছিল বুলি স্বীকাৰ কৰা বুলি জানিব পৰা গৈছিল যদিও হত্যাৰ কাৰণ তৎক্ষণাৎ প্ৰকাশ কৰা নাছিল। পিছত তেওঁ দম্পতীহালৰ মাজত থকা বিবাদ আৰু পত্নীয়ে সঘনাই সামাজিক মাধ্যম ব্যৱহাৰ কৰাক লৈ থকা অসন্তুষ্টিৰ কথা উল্লেখ কৰিছিল।২০১৮ চনৰ ১২ আগষ্টত দুয়োৰে বিবাহ হৈছিল আৰু তেওঁলোকে ডিব্ৰুগড় আৰক্ষী থানাৰ চৌহদৰ আৰক্ষী সংৰক্ষিত এলেকাৰ চৰকাৰী আৱাসত বাস কৰিছিল বিকি চেতিয়া।
উপ-পৰিদৰ্শক প্ৰসন্ন নাৰায়ণ শৰ্মাই গোচৰটোৰ তদন্ত কৰিছিল। ডিব্ৰুগড়ত গুৰুতৰ অপৰাধৰ কেইবাটাও গোচৰত আদালতে দিয়া এক উল্লেখযোগ্য ৰায়ৰ এয়া অংশ বিশেষ।আনহাতে পৃথক পৃথক হত্যাকাণ্ডৰ গোচৰত আদালতে পাঁচজন অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড আৰু আন এটা হত্যাৰ চেষ্টাৰ গোচৰত এজন অভিযুক্তক চাৰি বছৰৰ সশ্ৰম কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।
অধিবক্তা নিলোৎপল ফুকনে আৰু কয় যে, এই গোটেই প্ৰক্ৰিয়াটো এটা নিৰ্দিষ্ট আৰু খুব দীঘল পৰিক্ৰমাৰ ফলশ্ৰুতি আছিল, য’ত তদন্তকাৰী বিষয়া সকলে খুব সুন্দৰভাৱে তদন্ত প্ৰক্ৰিয়া চলাই গৈছে আৰু আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈ সাক্ষীবাদীসকলৰ সকলো কথাবাৰ্তা চালি-জাৰি চাইহে এই নিৰ্দেশনাবিলাক প্ৰদান কৰিছে। এই সকলোবোৰ গুৰুত্বপূৰ্ণ তথা জটিল গোচৰত নতুন প্ৰসিকিউচন কেডাৰ নিযুক্ত হৈ অহাৰ আগতেই আমাৰ আগৰ যিগৰাকী অতিৰিক্ত পাব্লিক প্ৰসিকিউটৰ আছিল, সেই চিন্ময়ী দত্ত আৰু তেওঁলোকে খুব ভাল প্ৰসিকিউচন কৰি চৰকাৰী পক্ষৰ হৈ অত্যন্ত বলিষ্ঠ, নিপুণ আৰু প্ৰভাৱশালী তৰ্ক আগবঢ়াই গোচৰসমূহ সফলভাৱে পৰিচালনা কৰিছিল। ইয়াত জড়িত হৈ থকা সকলো বিভাগৰ সংশ্লিষ্ট অংশীদাৰসকলৰ আন্তৰিক সহায়-সহযোগিতা তথা সন্মিলিত প্ৰচেষ্টাৰ বাবেই এই ঐতিহাসিক সফলতা অৰ্জন কৰাটো সম্ভৱ হৈ উঠিল আৰু ই ভৱিষ্যতে দ্ৰুত ন্যায় প্ৰদানৰ ক্ষেত্ৰত এক উজ্জ্বল মাইলৰ খুঁটি হৈ ৰ’ব।