ডিব্ৰুগড়ত এসপ্তাহত ১০২জনক বাটৰ কুকুৰৰ আক্ৰমন !
অঘৰী কুকুৰক লৈ উদ্বিগ্ন ডিব্ৰুগড়বাসী
চাইন অন ডেস্ক,২ছেপ্টেম্বৰ:

অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধীক্ষক ডাঃ ধ্ৰুৱজ্যোতি ভূঞাই আজি সংবাদ মাধ্যমক কয় যে, সাতদিনীয়া সময়ছোৱাত ডিব্ৰুগড় মহানগৰৰ বিভিন্ন অঞ্চলৰ মুঠ ১০২গৰাকী লোক, কুকুৰে কামোৰাৰ পিছত চিকিৎসাৰ বাবে অসম মেডিকেল কলেজত চিকিৎসাৰ বাবে আহিছে।
বিশেষকৈ ১ ছেপ্টেম্বৰৰ দিনটোত পৰিস্থিতি অধিক উদ্বেগজনক হৈ পৰে। সেইদিনা মেডিকেলত এদিনতে ৩৫ টা কুকুৰে কামোৰা ঘটনা পঞ্জীয়ন কৰা হয়। ইয়াৰে ৩০ টা ঘটনা ডিব্ৰুগড়ৰ থানা চাৰিআলি অঞ্চলৰ, আনহাতে পাঁচটা ঘটনা ডিব্ৰুগড় চহৰৰ অন্যান্য অঞ্চলৰ।
ডাঃ ভূঞাই কয়, ‘কালি মেডিকেলত ৩৫ টা কুকুৰে কামোৰা ঘটনাৰ ৰোগী আহিছিল। ইয়াৰে ৩০জন থানা চাৰিআলি অঞ্চলৰ আৰু পাঁচজন ডিব্ৰুগড়ৰ আন অঞ্চলৰ আছিল।’
ইফালে, চহৰখনত কুকুৰে কামোৰা ঘটনাৰ প্ৰকৃত সংখ্যা ইয়াতকৈ অধিক হ’ব পাৰে বুলি সন্দেহ কৰা হৈছে। কিয়নো বহু লোকে ডিব্ৰুগড়ৰ মেডিকেলৰ পৰিৱৰ্তে ব্যক্তিগত চিকিৎসালয় আৰু স্বাস্থ্যসেৱা কেন্দ্ৰত চিকিৎসা গ্ৰহণ কৰাৰ প্ৰৱণতা বেছি।হয়তো নিকটৱৰ্তী হোৱাৰ বাবেই তৎকালে উক্ত সেৱা কেন্দ্ৰত চিকিৎসা গ্ৰহণ কৰে।
ঘটনাৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাত উদ্বিগ্ন হৈ ডিব্ৰুগড়ৰ মেয়ৰ ডাঃ সৈকত পাত্ৰই বুধবাৰে বিয়লি বাটৰ কুকুৰৰ বাবে নতুনকৈ জলাতংক প্ৰতিৰোধী টিকাকৰণ 
পাত্ৰই কয়, ‘কুকুৰে কামোৰা ঘটনাৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি আজি বিয়লি ৪ বজাৰ পৰা বাটৰ কুকুৰৰ টিকাকৰণ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছোঁ। এই অভিযান ডিব্ৰুগড় চহৰৰ বিভিন্ন অঞ্চলত চলোৱা হ’ব।”
তেওঁ মহানগৰবাসীক বাটৰ কুকুৰৰ বিচৰণ অধিক হোৱা অঞ্চলসমূহত চলাচল কৰাৰ সময়ত সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱাৰ লগতে কুকুৰে কামোৰিলে কোনো ধৰণৰ পলম নকৰাকৈ চিকিৎসকৰ পৰামৰ্শ ল’বলৈ কয়।পাত্ৰই পুনৰাই কয় যে, যিবোৰ অঞ্চলত বাটৰ কুকুৰৰ সংখ্যা অধিক, তেনে ঠাইত মানুহে সতৰ্কতা অৱলম্বন কৰিব লাগে। বিশেষকৈ শিশুসকলে অধিক সাৱধান হোৱা উচিত আৰু বাটৰ কুকুৰৰ ওচৰলৈ গৈ সিহঁতক উত্তেজিত কৰা উচিত নহয়। কোনো ব্যক্তিক কুকুৰে কামুৰিলে তেওঁ তৎক্ষণাত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ আহিব লাগে।
শেহতীয়া পৰিসংখ্যাই ডিব্ৰুগড়ত বাটৰ কুকুৰৰ মাজত জলাতংক নিয়ন্ত্ৰণৰ বাবে ধাৰাবাহিক আৰু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তাৰ প্ৰতি গুৰুত্ব আৰোপ কৰাতো বাঞ্ছনীয় হৈ পৰিছে।

২০২৫ চনৰ ১৪ আগষ্টত নলীয়াপুলৰ এ টি ৰোডত এই টিকাকৰণ অভিযানৰ শুভাৰম্ভ কৰা হৈছিল। পৰৱৰ্তী সময়ত চহৰখনৰ বিভিন্ন অঞ্চলত পশু চিকিৎসা কৰ্মী আৰু পশু কল্যাণৰ সৈতে জড়িত স্বেচ্ছাসেৱকসকলে একেলগে বাটৰ কুকুৰ চিনাক্ত কৰি টিকা প্ৰদান কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিমানবন্দৰ চৌহদতো একেধৰণৰ অভিযান চলোৱা হৈছিল।
চহৰখনত বাটৰ কুকুৰৰ সৈতে সঘনাই মুখামুখি হোৱা আৰু কুকুৰে কামোৰা ঘটনাৰ সংখ্যা বৃদ্ধি পোৱাক লৈ নগৰবাসীৰ মাজত উদ্বেগ বৃদ্ধি পোৱাৰ সময়তে নতুনকৈ টিকাকৰণ অভিযান আৰম্ভ কৰা হৈছে।
কৰ্তৃপক্ষই বাটৰ কুকুৰৰ পৰা সতৰ্ক হৈ থাকিবলৈ নগৰবাসীক আহ্বান জনোৱাৰ লগতে কোনো ব্যক্তিক কুকুৰে কামোৰিলে বা জলাতংকৰ সম্ভাৱ্য সংস্পৰ্শলৈ আহিলে শীঘ্ৰে চিকিৎসা গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিছে। জলাতংক এক মাৰাত্মক ৰোগ যদিও সময়মতে সংস্পৰ্শোত্তৰ চিকিৎসা গ্ৰহণ কৰিলে ইয়াক প্ৰতিৰোধ কৰিব পাৰি।
এতিয়া ডিব্ৰুগড় মহানগৰীত অঘৰী বা বাটৰ কুকুৰ এক সন্ত্ৰাসৰ কাৰক হৈ পৰিছে।