কান্ত খনিকৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ঘিলামৰাৰ দুই অৱসৰী শিক্ষকক বিদায় সম্বৰ্ধনা
ঢকুৱাখনা,১ছেপ্টেম্বৰ:
ঘিলামৰা অঞ্চলৰ শৈক্ষিক ক্ষেত্ৰখনলৈ বিগত ৫ দশক ধৰি উৎকৃষ্ট মানৱ সম্পদ গঢ়াত অমূল্য বিদ্যায়তনিক সেৱা আগবঢ়াই অহা দুগৰাকী নমস্য শিক্ষাগুৰুক সোমবাৰে উষ্ম বিদায় সম্বৰ্ধনা জনোৱা হয়। ঢকুৱাখনা সম-জিলাৰ শৈক্ষিক ক্ষেত্ৰখনৰ অন্যতম বাটকটীয়া ১৯৬৪ চনতে প্ৰতিষ্ঠা হোৱা উচ্চ শিক্ষানুষ্ঠান ঘিলামৰা কান্ত খনিকৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা সহকাৰী শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰা ৰমণী গোহাঁই আৰু কিৰণ চন্দ্ৰ দলেক কালি আনুষ্ঠানিকভাৱে বিদ্যালয়খনে বিদায় সম্বৰ্ধনা জনায়। ১৯৯২ আৰু ২০০৩ চনতে বিদ্যালয়খনত সহকাৰী শিক্ষক হিচাপে নিযুক্ত হৈ মানৱ সম্পদ সৃষ্টিত অকৃপণ অৰিহণা যোগাই অহা ৰমণী গোহাঁই আৰু কিৰণ চন্দ্ৰ দলেয়ে চৰকাৰী নীতি অনুসাৰে ৩১ আগষ্টত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে।এই উদেশ্য সোমবাৰে শিক্ষকদ্বয়ক ৰাজহুৱা সন্মানাৰ্থে এখনি বিদায়
সভাৰ আয়োজন কৰা হয়।শিক্ষানুষ্ঠানখনৰ সমূহ শিক্ষক-শিক্ষার্থী, অভিভাৱক, শিক্ষানুৰাগী ৰাইজৰ উপস্থিতিত বিদ্যালয়ৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গোলাপ চন্দ্ৰ গোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সম্বৰ্ধনা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক ভাস্কৰজিত চেতিয়াই। বিদ্যালয় সংগীতেৰে আৰম্ভ হোৱা আৰু সহকাৰী শিক্ষয়িত্ৰী দিপামনি হাজৰিকাই আঁতধৰা সভাত বৃহত্তৰ অঞ্চলটোৰ বিদ্যায়তনিক উৎকৰ্ষ সাধনৰ হেতু সুদীর্ঘ কাল আত্মনিয়োগ কৰি যোৱা দুয়োগৰাকী শিক্ষাগুৰুৰ অমূল্য অৱদানৰ সশ্ৰদ্ধ স্মৰণ কৰি প্ৰাক্তন আৰু বৰ্তমানৰ শিক্ষক- শিক্ষয়িত্ৰী ক্ৰমে টংকেশ্বৰ গোঁহাই,প্ৰদীপ চমুৱা,উজ্বল গগৈ,গগন চন্দ্ৰ গগৈ,লেখন শইকীয়া,অম্বেশ্বৰ চুতীয়া, নয়নমণি দিহিঙ্গীয়া ,ৰিজু ভূঞা,অভিভাৱক নিতুল
বুঢ়াগোঁহাই,পৰিচালনা সমিতিৰ সভাপতি হিৰণ্য হাজৰিকা আৰু প্ৰাক্তন তথা বৰ্তমানৰ শিক্ষাৰ্থী লীনা বৰুৱা,শতাব্দী গগৈ আৰু মেৰিলীনা দেবীৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে শিক্ষকদ্বয়ৰ কৰ্মজীৱনৰ আদৰ্শনীয় দিশ সামৰি বক্তব্য ৰাখে।ছাত্রী লাজমী গগৈৰ বৰগীত পৰিবেশন,অতিস্তুতি আৰোহী হাজৰিকাৰ সৃষ্টিমূলক নৃত্য আৰু সপ্তম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে পৰিবেশন কৰা দলীয় নৃত্যই জীপাল কৰি তোলা সভাত বিদায়ী শিক্ষাগুৰু ৰমণী গোহাঁই আৰু কিৰণ চন্দ্ৰ দলেক মানপত্ৰ,সঁফুৰা, গামোচা, চেলেং
চাদৰ, গ্ৰন্থ সম্ভাৰ আদিৰে সম্বৰ্ধনা জনাই ভৱিষ্যতৰ দিনটো বিদ্যালয়ৰ সতে সম্পৃক্ত হৈ থকাৰ আহ্বান জনাই তেখেতলোকৰ সুস্থ আৰু সুদীর্ঘ জীৱন কামনা কৰা হয়। সভাত বিদায়ী শিক্ষক দুজনেও অভিজ্ঞতালব্ধ বক্তব্য আগবঢ়াই আবেগিক হৈ পৰে।ইয়াৰ আগেয়ে পুৱাই এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী,ছাত্ৰ-ছাত্ৰীসকলে গায়ন-বায়নেৰে সমদল কৰি শিক্ষাগুৰু দুজনক আদৰি আনে বিদ্যালয়ৰ পেক্ষাগৃহলৈ। শিক্ষাগুৰু দুজনৰ বিদায় উপলক্ষত প্ৰস্তুত কৰা প্ৰাচীৰ পত্ৰিকা ‘নতুন দিগন্ত’ আৰু ‘পোহৰৰ খনিকৰ’
শিক্ষাগুৰু দুজনৰ দ্বাৰা উন্মোচন কৰা হয়। বিদায় সভাতে শিক্ষক সমীৰ হাজৰিকাৰ পৰিচালনাত সপ্তম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে ‘অহংকাৰ’ নামৰ নাটখনি মঞ্চস্থ কৰে । সভাৰ শেষত বতৰৰ প্ৰতিকূলতাকো নেওচি শিক্ষক-শিক্ষয়িত্ৰীসকলে অৱসৰী শিক্ষক দুগৰাকীক তেখেতলোকৰ স্বগৃহলৈ আদৰি লৈ যোৱাৰ আবেগিক দৃশ্যই সকলোৰে মন চুই যায়।