...

দিল্লীত নির্ভয়া কাণ্ডৰ পুনৰাবৃত্তি!

দিল্লীত নির্ভয়া কাণ্ডৰ পুনৰাবৃত্তি!

আকৌ দলবদ্ধ ধৰ্ষণৰ বলি উত্তৰ প্ৰদেশৰ ছাত্ৰী

নতুন দিল্লী,১চেপ্তেম্বৰ:

দিল্লীৰ বুকুত ২০১২ চনৰ নিৰ্ভয়া কাণ্ডৰ পিচত প্রতিশ্রুতি দিয়া কেইবাটাও সুৰক্ষা ব্যৱস্থা কেৱল কাগজতে সীমাবদ্ধ হৈ ৰ’ল নেকি, সেই প্রশ্নই পুনৰ উত্থাপন কৰিলে এই ঘটনাই।
আৰক্ষীৰ সূত্ৰৰ খবৰ অনুসৰি নির্যাতিত কিশোৰীগৰাকী উত্তৰ প্রদেশৰ মইনপুৰী জিলাৰ বাসিন্দা আৰু একাদশ শ্ৰেণীৰ ছাত্ৰী। পৰিয়ালৰ সৈতে কোনো বিষয়ক লৈ মনোমালিন্য হোৱাৰ বাবে কাকো একো নোকোৱাকৈ তেওঁ নয়দাত থকা মাহীয়েকৰ জীয়ৰীৰ ঘৰলৈ বুলি ৰাওনা হয়। কিন্তু ৪ আগষ্টৰ ৰাতি প্ৰবল বৰষুণ আৰু ঘন আন্ধাৰৰ বাবে তেওঁ ভুলবশতঃ গ্ৰেটাৰ নয়দাৰ পৰী চ’কত নামি পৰে। নিৰুপায় অৱস্থাত ছাত্ৰীগৰাকীয়ে সেই পথেৰে পাৰ হৈ যোৱা এখন খালী শ্লিপাৰ বাছত উঠিবলৈ সংকেত দিয়ে। বাছখনৰ চালক কুলদীপ আৰু কণ্ডাক্টৰ সন্দীপে কিশোৰীগৰাকীক জনায় যে বাছখন নয়দা ছেক্টৰ-৬৩ৰ ফাললৈকে গৈ আছে। অভিযোগ অনুসৰি, বাছখন এৰাৰ কিছু সময় পিচতেই কণ্ডাক্টৰে ছাত্ৰীগৰাকীক অতিষ্ঠ কৰিবলৈ ধৰে আৰু অশালীন ব্যৱহাৰ আৰম্ভ কৰে। প্ৰতিবাদ কৰাত চালক আৰু কণ্ডাক্টৰ দুয়ো মিলি তেওঁক ধৰ্ষণ কৰে আৰু ঘটনাটো কাৰোবাক জনালে হত্যা কৰাৰ ভাবুকি দিয়ে। পৰৱৰ্তী সময়ত গভীৰ ৰাতি কাশ্মীৰী গেট বাছ টার্মিনেলৰ ওচৰৰ ৰিং ৰোডত তেওঁক পেলাই দি দুয়ো পলায়ন কৰে। চৰম আতংকিত আৰু বিধ্বস্ত অৱস্থাত কিশোৰীগৰাকীয়ে কাশ্মীৰী গে’ট থানাত যোগাযোগ কৰে আৰু আৰক্ষীৰ ওচৰত সমগ্র ঘটনাৰ বিৱৰণ দিয়ে। আৰক্ষীৰ তদন্তত প্রকাশ পাইছে যে বাছখনত এক যান্ত্রিক বিজুতি দেখা দিয়াত অভিযুক্ত সকলে সুৰজপুৰৰ এটা ৱৰ্কশ্বপলৈ মেৰামতিৰ বাবে লৈ গৈছিল। তাৰ পৰা কাম শেষ কৰি খালী বাছখন লৈ যেতিয়া তেওঁলোকে তিমাৰপুৰৰ ফাললৈ উভতি আছিল, তেতিয়াই পৰী চ’কত ছাত্ৰীগৰাকীক দেখিবলৈ পায় আৰু বাছত তুলি লয়। বাছখনৰ ভিতৰত থকা পর্দাসমূহৰ বাবে বাহিৰৰ কোনো পথচাৰীয়ে ভিতৰত কি ঘটিছে সেয়া জানিব নোৱাৰিলে। আৰক্ষীৰ পিকেট পাৰ হোৱাৰ সময়তো বাছৰ ভিতৰৰ পৰিস্থিতি অগোচৰে থাকিল। থানাত এজাহাৰ দাখিল কৰাৰ লগে লগে আৰক্ষীয়ে অভিযান চলাই তিমাৰপুৰৰ এটা বাছ পার্কিং এলেকাৰ পৰা অভিযুক্ত চালক কুলদীপ আৰু কণ্ডাক্টৰ সন্দীপক গ্ৰেপ্তাৰ কৰে। অপৰাধত ব্যৱহৃত শ্লিপাৰ বাছখন আৰক্ষীয়ে জব্দ কৰিছে আৰু তাৰ ফৰেনছিক পৰীক্ষা চলাই থকা হৈছে। দিল্লীৰ সুৰক্ষা ব্যৱস্থা আৰু নজৰদাৰী ব্যৱস্থাক লৈ পুনৰ ডাঙৰ প্রশ্ন উত্থাপন কৰা এই ঘটনাৰ পুংখানুপুংখ তদন্ত অব্যাহত আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *