ডিব্ৰুগড়ৰ মোহনাঘাট বকল গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড।হৰি কিশোৰ ভগত নামৰ এজন লোকৰ বাসগৃহত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড। জানিব পৰা মতে, চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত মুহূৰ্তৰ ভিতৰতে জুইয়ে সমগ্ৰ বাসগৃহটো আগুৰি ধৰে। অগ্নিকাণ্ডত এখন মটৰচাইকেল সম্পূৰ্ণৰূপে জ্বলি ছাৰখাৰ হোৱাৰ লগতে ঘৰৰ বহু মূল্যৱান সামগ্ৰী জুইত জাহ যায়। ঘটনাৰ খবৰ পাই অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয়। অৱশ্যে অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰাৰ পূৰ্বেই বাসগৃহটোৰ অধিকাংশ সামগ্ৰী জুইত জাহ যায়। অগ্নিকাণ্ডৰ ফলত পৰিয়ালটোৱে ব্যাপক ক্ষয়-ক্ষতিৰ সন্মুখীন হোৱা বুলি জানিব পৰা গৈছে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.