...

ডিব্ৰুগড়ৰ চাউলখোৱাত চাঞ্চল্যকৰ ঘটনা

ডিব্ৰুগড়ৰ চাউলখোৱাত চাঞ্চল্যকৰ ঘটনা

এজন লোকক ডিঙিত দাৰে ঘপিয়াই হত্যাৰ চেষ্টা

চাইন অন ডেস্ক,২ছেপ্তেম্বৰঃ

ডিব্ৰুগড়ৰ চাউলখোৱা অঞ্চলত কালি নিশা এক চাঞ্চল্যকৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। সামান্য কথাক কেন্দ্ৰ কৰি সমীৰ আলি নামৰ এজন লোকে ৰমজান আলি নামৰ লোকজনৰ ডিঙিত দাৰে ঘপিয়াই হত্যাৰ চেষ্টা চলায়। সমগ্ৰ আক্ৰমণৰ ভয়াবহ দৃশ্য কাষৰীয়া চিচিটিভি কেমেৰাত বন্দী হৈছে। আক্ৰমণৰ ফলত গুৰুতৰভাৱে আহত হোৱা ৰমজান আলি বৰ্তমান অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে আৰু তেওঁৰ অৱস্থা বৰ্তমান সংকটজনক বুলি জানিব পৰা গৈছে। আক্ৰমণৰ পিছতে অভিযুক্ত সমীৰ আলি ঘটনাস্থলীৰ পৰা পলায়ন কৰে। উল্লেখ্য যে অভিযুক্ত সমীৰৰ বিৰুদ্ধে পূৰ্বেও চুৰি তথা ডকাইতিৰ গোচৰ পঞ্জীয়ন হৈ থকা বুলি জানিব পৰা গৈছে। এই ঘটনাই সমগ্ৰ চাউলখোৱা অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। ভুক্তভোগী ৰমজান আলিৰ জ্যেষ্ঠ কন্যাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, তেওঁলোক বজাৰলৈ মাছ কিনিবলৈ যাওঁতে সমীৰ আলীয়ে পিছফালৰ পৰা দাখনেৰে আক্ৰমণ কৰি গুৰুতৰভাৱে ঘোপিয়াই পেলায়, যাৰ ফলত প্ৰচুৰ তেজ ওলায়। আক্ৰমণৰ ফলত দেউতাৰ শাৰীৰিক অৱস্থা বৰ ভাল নহয় আৰু তেওঁ এতিয়া কেৱল অলপ-অল্পকৈহে কথা ক’ব পাৰে। ঘটনাৰ সামগ্ৰিক বিৱৰণ দি তেওঁ কয় যে ইয়াৰ পূৰ্বেও দোকানত কিবা এটা বিষয় লৈ তেওঁলোকৰ মাজত বাক-বিতণ্ডা হৈছিল আৰু তাৰ পিছত তেওঁলোকৰ ভাইটিহঁতে সমীৰক প্ৰহাৰ কৰিছিল। সেই পুৰণি আক্ৰমণ বা বিবাদৰ প্ৰতিশোধ ল’বলৈয়ে প্ৰায় ডেৰ বছৰৰ মূৰত সমীৰে এই আক্ৰমণ চলায় বুলি পৰিয়ালৰ ফালৰ পৰা অভিযোগ উত্থাপন কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *