...

ডিব্ৰুগড় মহানগৰৰ অভিজাত্যক ভেঙুচালি

ডিব্ৰুগড় মহানগৰৰ অভিজাত্যক ভেঙুচালি

এজাক বৰষুণত বুৰাই পেলালে দেওবৰীয়া বজাৰ

চাইন অন ডেস্ক,১৭মে’:

এজাক বৰষুণে ডিব্ৰুগড় মহানগৰৰ অভিজাত্যক আজি ভেঙুচালি কৰিলে।সামান্য এজাক বৰষুণত মহানগৰৰ টিভি চেন্টাৰৰ সমীপৰ দেওবৰীয়া বজাৰখনৰ এভাগ সম্পূৰ্ণৰূপে বুৰাই পেলাই। আজি পুৱতি নিশাৰ পৰা পুৱালৈ অহা বৰষুণত উক্ত বজাৰখনৰ এক বিস্তীৰ্ণ অঞ্চল বুৰাই পেলোৱাত বেপাৰীৰ লগতেই গ্ৰাহকে ভীষণ সমস্যাৰ সন্মুখীন হব লগীয়াত পৰে।উল্লেখযোগ্য যে এই মানকটা পথতেই বৰ্তমানে এখন উৰণীয়া সেতুৰ নিৰ্মাণ কাৰ্য্য চলি আছে।যাৰ পৰিপ্ৰেক্ষিতত উক্ত পথছোৱা মানুহৰ জীৱন সুৰক্ষাৰ বাবেই যান-বাহন চলাচল বন্ধ ৰখা হৈছে।সেই পৰিপ্ৰেক্ষিতত বজাৰখন টিভি চেন্টাৰৰ সন্মুখলৈ স্থানান্তৰ কৰিব লগীয়াত পৰে।কিন্তু সেই পথৰ কাষত বহা বজাৰখন,আজি বৰষুণৰ পানীত ডুব যায়।এনে এক পৰিবেশত গ্ৰাহকৰ লগতে নিকটৱৰ্তী গাঁৱৰ পৰা অহা বহু বেপাৰীৰ পানীত হাঁহ নচৰা অবস্থা হয়।পথৰ সিটো পাৰৰ পৰা ইটো পাৰলৈ সকলো দোকান পোহাৰ বৰষুণত তিতি পাৰাপাৰ কৰিব লগীয়াত পৰে।মুঠৰ ওপৰত পথৰ দুয়োকাষে থকা নলা সুচল নোহোৱাৰ বাবেই পানী নিস্কাশনত জটিলতা আহি পৰে আৰু ঘন্টা ঘন্টা ধৰি পানী পথৰ ওপৰত থাকি এক কৃত্ৰিম বানৰ স্বৃষ্টি কৰি সকলো পথচাৰী,বেপাৰী,গ্ৰাহক আৰু যাতায়ত ব্যৱস্থাত সমস্যাৰ স্বৃষ্টি কৰে।কেৱল সিমানেই নহয়,মহানগৰৰ শান্তিপাৰা, বাসবাৰী,বিষ্ণু নগৰ, গান্ধী নগৰ, ইত্যাদি অঞ্চলত বৰষুণৰ ফলত কৃত্ৰিম বানৰ কৱলত পৰে।ডিব্ৰুগড়ৰ পৌৰ নিগমে যথাযথ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই প্ৰতি বাৰিষাত এনে কৃত্ৰিম বানে ডিব্ৰুগড়বাসীক জ্বলা কলা খুৱাই আহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *