ৰূপহীহাটত নিচাজাতীয় সামগ্রীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে। ৰূপহীহাটত প্ৰায় প্ৰতিদিনে ইজনৰ পিছত সিজন ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰিছে। ৰূপহীহাট আৰক্ষীয়ে আজি দুপৰীয়া এক গোপন সূত্ৰৰ পম খেদি টামুলীটোপত নিচাজাতীয় সামগ্রীৰ বিৰুদ্ধে অভিযান চলায়। আৰক্ষীৰ অভিযানত ২৪ টাকৈ হিৰ’ইন ভৰ্তি টেমীৰ সৈতে গ্ৰেপ্তাৰ কৰে এজন সৰবৰাহকাৰীক। ধৃত সৰবৰাহকাৰীজন হল ঔ-অনাৰ জহিৰুল ইছলাম। আৰক্ষীয়ে জব্দ কৰা হিৰ’ইন খিনিৰ ওজন ৩.৫২ গ্ৰাম। ৰূপহীহাট আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত সৰবৰাহকাৰীজনক জেৰা অব্যাহত ৰাখিছে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.