...

বৰহোলা মহাবিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশেষ আলোচনা-চক্ৰ

বৰহোলা মহাবিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশেষ আলোচনা-চক্ৰ

দেশ-বিদেশৰ গৱেষকৰ অংশগ্ৰহণ
চুতীয়া জনগোষ্ঠীৰ বিশেষ প্ৰসংগৰে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত

তিতাবৰ,৩নৱেম্বৰ:

উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ ইতিহাস, সংস্কৃতি, পৰিচয় আৰু সমসাময়িক পৰিৱৰ্তনৰ বিভিন্ন দিশক সামৰি বৰহোলা মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশেষ আলোচনা-চক্ৰ।

অসম চৰকাৰৰ চুতীয়া উন্নয়ন পৰিষদ আৰু সদৌ চুতীয়া জাতি সন্মিলন, অসমৰ পৃষ্ঠপোষকতাত মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ উদ্যোগত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ বৌদ্ধিক অনুষ্ঠানটো।

‘উত্তৰ-পূব ভাৰতৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ ইতিহাস, সংস্কৃতি, পৰিচয় আৰু সমসাময়িক পৰিৱৰ্তনৰ পুনৰীক্ষণ—চুতীয়া জনগোষ্ঠীৰ বিশেষ প্ৰসংগসহ’ শীৰ্ষক মূল বিষয়বস্তুৰে অনুষ্ঠিত হৈছে আলোচনা-চক্ৰখন।

দেশ-বিদেশৰ ভালেসংখ্যক গৱেষক, অধ্যাপক, ছাত্ৰ-ছাত্ৰীয়ে আলোচনা-চক্ৰত অংশগ্ৰহণ কৰিছে।

অনুষ্ঠানত নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° মনজিৎ বৰুৱা আৰু বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক জি ছিংগাইয়া উপস্থিত থকাৰ লগতে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে আলোচনাত অষ্ট্ৰেলিয়াৰ এডিলেইডস্থিত ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক উদয় শইকীয়া আৰু অষ্ট্ৰিয়াৰ ভিয়েনা বিশ্ববিদ্যালয়ৰ অধ্যাপক মেলানি ভাণ্ডেনহেলস্কেনেও অংশ লৈছে।

উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ ইতিহাস আৰু সাংস্কৃতিক ঐতিহ্যৰ গৱেষণা, সংৰক্ষণ তথা প্ৰজন্মৰ মাজত ইয়াৰ প্ৰসাৰৰ ক্ষেত্ৰত এই আলোচনা-চক্ৰখনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰিছে সদৌ অসম চুতীয়া জাতি সন্মিলনৰ সভাপতি বিবুল হাজৰিকা, বৰহোলা মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ কুমাৰ খাউণ্ডৰ লগতে উদ্যোক্তাসকলে।

আজি বিয়লি আলোচনা-চক্ৰৰ দ্বিতীয় দিনৰ কাৰ্যসূচী সামৰণি পৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *