প্ৰায় ১ কোটি ২৫ লাখৰ অধিক মাটিৰ চাকি নিৰ্মাণ!
অভিলেখ গঢ়াৰ ধুবুৰী জিলাৰ আশাৰীকান্দিৰ মৃৎশিল্পী
চাইনিজ লাইটক ভেটিবলৈ নিৰ্মাণ কৰিছে পৰম্পৰাগত মাটিৰ চাকি
ধুবুৰী,৩নৱেম্বৰ:
দীপান্বিতাত ১ কোটি ২৫ লাখ মাটিৰ চাকি বিক্ৰী কৰাৰ লক্ষ্য বান্ধি লৈছে ধুবুৰী জিলাৰ টেৰাকোটা গাওঁ খ্যাত আশাৰীকান্দিৰ মৃৎশিল্পী সকলে। আনকি দীপাৱলীত চাইনিজ লাইটক ভেটিবলৈ শিল্পীসকলে লৈছে এক বিশেষ পৰিকল্পনা; নিৰ্মাণ কৰিছে পৰম্পৰাগত মাটিৰ চাকিৰ উপৰিও আটক ধুনীয়া ৰংচঙীয়া চাকিও। “বিগত বছৰৰ দীপাৱলীত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ উপৰিও উপৰিও দেশ-বিদেশলৈ আশাৰীকান্দীৰ পৰা ১ কোটিৰো অধিক মাটিৰ চাকি প্ৰেৰণ কৰা হৈছিল। সেয়ে,
২০২৫ বৰ্ষৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি এইবেলি আশাৰীকান্দীৰ মৃৎশিল্পী সকলে ১ কোটি ২৫ লাখ মানৰ মাটিৰ চাকি নিৰ্মাণ কৰিছে।” ভৱিষ্যতে আশাৰীকান্দীৰ মাটিৰ চাকিৰ চাহিদা অধিক বৃদ্ধি পাব বুলি এইদৰেই আশা প্ৰকাশ কৰে উত্তৰ পূব শিল্প আৰু গ্ৰাম্য উন্নয়ন সংস্থা (চমুকৈ নেকাৰ্ডো) নামৰ সংস্থা এটাৰ প্ৰতিষ্ঠাপক সঞ্চালক বিনয় ভট্টাচাৰ্যই। নেকাৰ্ডো নামৰ এই সংস্থাটোৱে ২০০৬ চনৰ পৰাই আশাৰীকান্দীত টেৰাকোটা ক’লা আৰু সংস্কৃতিৰ প্ৰমোচনৰ বাবে এক ৰাষ্ট্ৰসংঘ উন্নয়ন প্ৰকল্প (ইউএনডিপি)ৰ অধীনত আঁচনি ৰূপায়ণ কৰি আছে। উল্লেখ্য যে, আশাৰীকান্দিৰ মাটিৰ চাকিৰ কদৰ কেবল ধুবুৰী, অসম অথবা উত্তৰ পূৰ্বাঞ্চলতেই কেবল নহয়; দেশৰ বিভিন্ন প্ৰান্তৰ উপৰিও বিদেশতো আছে সুনাম। দৰাচলতে দীপান্বিতাত চাইনিজ লাইট বৰ্জন কৰাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ
মোদীয়ে জনোৱা আহ্বানৰ পিছৰে পৰাই আশাৰীকান্দিৰ মাটিৰ চাকিৰ চাহিদা বহুগুণে বৃদ্ধি পায়। প্ৰতি বছৰ দীপান্বিতাৰ আগে আগে দেশৰ বিভিন্ন প্ৰান্তলৈ যায় ট্ৰাকে ট্ৰাকে আশাৰীকান্দিৰ মাটিৰ চাকি। উল্লেখ্য যে, ধুবুৰী জিলাৰ সদৰ ধুবুৰীৰ পৰা ১৪ কিলোমিটাৰ দূৰৰ এই গাঁওখন কেবল অসম অথবা ভাৰততেই নহয়; বিশ্বৰ বিভিন্ন প্ৰান্তত এতিয়া অতি পৰিচিত টেৰাকোটা গাওঁ ৰূপে। উল্লেখ্য যে, ঊনৈছ শতিকাৰ আৰম্ভণিতে মৃৎশিল্পৰ লগত জড়িত কেইটামান পৰিয়ালৰ পূৱ বংগৰ (এতিয়া বাংলাদেশ) পৰা আশাৰীকান্দিলৈ প্ৰব্ৰজন ঘটিছিল। দৰাচলতে কেঁচা মালৰ উপলব্ধতা, সস্তীয়া পৰিবহণৰ সুবিধা আদিকে ধৰি আৰ্থিকভাৱে ব্যৱহাৰযোগ্য অইন কেইবাটাও কাৰকৰ বাবে তেওঁলোকে এই স্থান বাছনি কৰিছিল। সেই শিল্পীসকলৰ শিল্প ক’লাই স্থানীয় কথকতা, সাধু কথা আৰু লোক বিশ্বাসৰ সৈতে সংমিশ্ৰণ ঘটি জন্ম লৈছিল নিজস্ব সুকীয়া ধাৰাৰ। লাহে লাহে সময়ৰ গতিত জন্ম লোৱা এক নতুন ধাৰাৰ অসমীয়া শিল্প ক’লাই হ’ল টেৰাকোটা শিল্প। প্ৰথমাৱস্থাত টেৰাকোটা শিল্পৰ সৈতে জড়িত সেই শিল্পীসকলৰ নিৰ্দিষ্ট কোনো লক্ষ্য অথবা এই শিল্প ক’লাক ব্যৱসায়িক ভিত্তিত আগুৱাই নিয়াৰ বাবে নিৰ্দিষ্ট কোনো পৰিকল্পনা নাছিল যদিও এগৰাকী মহিলা শিল্পী সৰলা বালা দেবীৰ প্ৰচেষ্টাত আশাৰীকান্দিত সূচনা ঘটিছিল টেৰাকোটা শিল্পৰ এক নতুন যুগৰ। শিল্পীগৰাকীৰ “হাতিমা”খ্যাত টেৰাকোটাৰ অভিনব পুতলাই ৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰিবলৈ সক্ষম হৈছিল বিশেষ সুখ্যাতি। ১৯৮২ চনত “হাতিমা”ই সৰলা বালা দেৱী লৈ বুটলি আনিছিল ৰাষ্ট্ৰপতি পুৰস্কাৰ। সৰলা বালা দেবীৰ এই কৃত্বিত্বই সমগ্ৰ ভাৰতৰ শিল্প জগতত স্থান লভিবলৈ সক্ষম হৈছিল মৃৎশিল্পৰ এক নতুন ধাৰাই। জন্ম হৈছিল নতুন চিন্তা-চৰ্চাৰ, ধাৰাৰ। সৰলা বালা দেবীক পথিকৃৎ ৰূপে লৈ আশাৰীকান্দিৰ বহু মহিলাই
খোঁজ দিবলৈ আগুৱাই আহিছিল টেৰাকোটা শিল্পৰ জগতখনত। বৰ্তমানে গাওঁখনৰ ১৩৪ টা পৰিয়ালৰ প্ৰতিটো গৃহৰে মহিলাসকলৰ অধিকাংশই জড়িত হৈ আছে টেৰাকোটা শিল্পৰ সৈতে। আশাৰীকান্দিৰ এই নিৰৱ অৰ্থনৈতিক বিপ্লৱৰ মূল চালিকা শক্তি হ’ল গাওঁখনৰ মহিলাসকল। গাওঁখনৰ ৬০০/৭০০ শিল্পীৰ অতি কমেও ৪০০ গৰাকী মহিলা প্ৰত্যক্ষ ভাবে জড়িত হৈ আছে টেৰাকোটা শিল্পৰ সৈতে। টেৰাকোটাক বিষয়বস্তু ৰূপে লৈ আছে ৮ টাকৈ মহিলা আত্মসহায়ক গোট আৰু এটা সমবায় সমিতি -আশাৰীকান্দি ড’ল মেকিং সমবায় সমিতি।” উল্লেখ্য যে, ২০২৪ বৰ্ষত আশাৰীকান্দিৰ টেৰাকোটা শিল্পই জিআই টেগ লাভ কৰি অসম তথা ধুবুৰী জিলালৈ এক বিশেষ সন্মানো কঢ়িয়াই আনিছে। ইয়াতে উল্লেখনীয় এয়াও যে, ২০২০ বৰ্ষত ‘মন কি বাত’ৰ অনুষ্ঠানত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ভকেল ফৰ লকেল’ আৰু ‘আত্মনিৰ্ভৰ ভাৰত’ৰ প্ৰতি ভাৰতৰ নাগৰিকক সম্বোধন কৰোঁতে আশাৰীকান্দিৰ মৃৎ শিল্পীৰ পুতলাৰ বিষয়ে উল্লেখ কৰিছিল। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্লাষ্টিক সামগ্ৰী বৰ্জনৰ আহ্বান পিছৰে পৰা আশাৰীকান্দিৰ মাটিৰ চাহৰ গিলাচৰ পৰা মাটিৰ চাকির চাহিদা এতিয়া সৰ্বত্ৰই। বিগত ২০২৫ বৰ্ষৰ দীপাৱলিত প্ৰায় ১ কোটিৰো অধিক মাটিৰ চাকি নিৰ্মাণ কৰি অভিলেখ গঢ়িছিল আশাৰীকান্দিৰ মৃৎশিল্পী সকলে। ইয়াতে উল্লেখনীয় এয়াও যে, ২০২৬ বৰ্ষৰ গণতন্ত্ৰ দিৱসত দিল্লীৰ কেন্দ্রীয় কাৰ্যসূচীত অসমৰ প্ৰতীক পট (tableau)ৰূপে স্থান পাইছিল আশাৰীকান্দিৰ টেৰাকোটা শিল্পীৰ শিল্পই। অসমৰ সেই প্ৰতীকপটত প্ৰতিস্ফূটিত হোৱা আশাৰীকান্দিৰ পোৰামাটিৰ শিল্পই নদী সভ্যতাৰ সমৃদ্ধ ঐতিহ্য আৰু আত্মনিৰ্ভৰ ভাৰতৰ ভাবনাই বিশেষ ভাবে সমাদৃতও হৈছিল।