...

৮ নবেম্বৰত জিজ্ঞাস প্ৰতিভাসন্ধানী বৃত্তি পৰীক্ষা

৮ নবেম্বৰত জিজ্ঞাস প্ৰতিভাসন্ধানী বৃত্তি পৰীক্ষা

নতুন বলাই কেন্দ্ৰত ৮৬জন পৰীক্ষাৰ্থী

চাইন অন ডেস্ক,৩নবেম্বৰ:

অসমৰ অন্যতম অগ্ৰণী শৈক্ষিক সংগঠন “জিজ্ঞাস শৈক্ষিক ন্যাস” ৰ উদ্যোগত ২০০২ খ্ৰীষ্টাব্দৰ পৰা সদৌ অসম ভিত্তিত চলি অহা জিজ্ঞাস প্ৰতিভাসন্ধানী বৃত্তি পৰীক্ষা পঞ্চবিংশ বৰ্ষৰ বাবে অহা ৮ নবেম্বৰ তাৰিখে অনুষ্ঠিত হ’ব। উদীয়মান শিক্ষাৰ্থীসকলৰ বাবে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ এক বুনিয়াদ গঠন কৰি তেওঁলোকক অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে গত ২০০২ খ্ৰীষ্টাব্দৰ পৰা অবিৰতভাবে চলাই অহা এই পৰীক্ষা অসমৰ বিভিন্ন প্ৰান্তৰ দুই শতাধিক কেন্দ্ৰত অহা আঠ নবেম্বৰ তাৰিখে পূৰ্ব্বাহ্ন ১১ বজাৰ পৰা অপৰাহ্ণ ১.৩০ (এক বাজি ত্ৰিশ মিনিটলৈ) বজালৈ অনুষ্ঠিত হ’ব। ২০২৬ৰ শিক্ষাবৰ্ষত তৃতীয় শ্ৰেণীৰ পৰা নবম শ্ৰেণী পৰ্য্যন্ত অধ্যয়নৰত অসমীয়া আৰু ইংৰাজী উভয় মাধ্যমৰ শিক্ষাৰ্থীসকলৰ বাবে মুকলি ৰখা এই প্ৰতিভাসন্ধানী পৰীক্ষাত প্ৰতিটো শ্ৰেণীৰ প্ৰথমৰ পৰা পঞ্চম স্থানপ্ৰাপক সকলক “মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বঁটা”ৰূপে যথাক্ৰমে দহ হাজাৰ,, সাত হাজাৰ,, চাৰি হাজাৰ,, দুই হাজাৰ আৰু এক হাজাৰ নগদ ধনেৰে পুৰস্কৃত কৰাৰ উপৰিও প্ৰতিটো শ্ৰেণীৰ পৰীক্ষাৰ্থীয়ে লাভ কৰা নম্বৰৰ ভিত্তিত ড. এ.পি.জে. আব্দুল কালাম বঁটাৰূপে এশ পাঁচগৰাকী পৰীক্ষাৰ্থীক পাঁচ শ টকা,, এশ চল্লিশ গৰাকীক ড. বাণীকান্ত কাকতি বঁটাৰূপে চাৰি শ টকা আৰু এশ পয়সত্তৰ গৰাকী পৰীক্ষাৰ্থীক কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা বঁটাৰূপে তিনিশ টকাকৈ নগদ ধনেৰে পুৰস্কৃত কৰা হ’ব। এই পৰীক্ষাত অবতীৰ্ণ হোৱা প্ৰতিগৰাকী পৰীক্ষাৰ্থীয়ে অংশ গ্ৰহণৰ মানপত্ৰ লাভ কৰিব। পৰীক্ষাৰ্থীসকলে আঢ়ৈ ঘণ্টা সময়ৰ ভিতৰত বহুধা বাছনি ব্যৱস্থা (MCQ) অনুসৰি শৈক্ষিক প্ৰবণতা অভীক্ষা (৪০),, মানসিক সামৰ্থ্য অভীক্ষা (শাব্দিক আৰু অশাব্দিক) (২০),, সাধাৰণ জ্ঞান আৰু সাময়িক ঘটনা প্ৰবাহ(২০) আৰু ইংৰাজী ব্যাকৰণ কেন্দ্ৰিক(১০) প্ৰশ্নৰ উত্তৰ কৰিব লাগিব। শৈক্ষিক প্ৰবনতা অভীক্ষাত গণিত বিষয়ক ২০(বিশ) নম্বৰ আৰু বিজ্ঞান বিষয়ক ২০(বিশ) নম্বৰৰ প্ৰশ্ন থাকিব। পৰীক্ষাৰ্থীসকলে আঢ়ৈ ঘণ্টা সময়ৰ ভিতৰত মুঠ এশ(১০০)টা প্ৰশ্নৰ উত্তৰ কৰিব লাগিব । ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰীক্ষাকেন্দ্ৰৰ সমন্বয়কসকলে ৮(আঠ) নবেম্বৰ তাৰিখে অনুষ্ঠেয় পৰীক্ষা নিয়াৰিকৈ চলাই নিয়াৰ উদ্দেশ্যে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।
নতুন বলাই কেন্দ্ৰৰ সংযোজন
ডিব্ৰুগড় জিলাৰ বৰবৰুৱা উন্নয়ন খণ্ডৰ অধীনস্থ নতুন বলাইস্থিত বলাই জনজাতি উচ্চ মাধ্যমিক বিদ্যালয় কেন্দ্ৰতো পূৰ্ব্বৰ দৰেই জিজ্ঞাস প্ৰতিভাসন্ধানী বৃত্তি পৰীক্ষা সুকলমে চলাবৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। কেন্দ্ৰ সমন্বয়ক,, বলাই জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ত অৱসৰোত্তৰ সেৱাৰত শিক্ষক গকুল চন্দ্ৰ খাউন্দে এইবাৰ এই কেন্দ্ৰত বৃহত্তৰ বলাই অঞ্চলৰ ৮৬(ছয়াশী) গৰাকী পৰীক্ষাৰ্থী অবতীৰ্ণ হ’ব বুলি জনাইছে। ৩১নং পুৰণি বলাই প্ৰাথমিক বিদ্যালয়,, নতুন বলাই প্ৰাথমিক বিদ্যালয়,, বলাই জনজাতি মধ্য ইংৰাজী বিদ্যালয়,, জকাই আদৰ্শ জাতীয় বিদ্যালয়,, খামতিঘাট উচ্চ মাধ্যমিক বিদ্যালয়,, লিটল এঞ্জেলচ্ ইংলিছ স্কুল আৰু বলাই জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়কে আদি কৰি অঞ্চলস্থ শিক্ষানুষ্ঠানসমূহৰ ছাত্ৰ ছাত্ৰীসকল পৰীক্ষাৰ বাবে প্ৰস্তুত হৈছে। বিগত প্ৰায় এক দশক ধৰি চলি অহা এই কেন্দ্ৰৰ পৰীক্ষা সুসম্পন্ন হোৱাৰ ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *